আন এটা কাণ্ডত পৰীক্ষাৰ এজন সহকাৰী নিয়ন্ত্ৰক জড়িত আছিল, যাক কৰ্মচাৰীসকলে ৰাজহুৱাভাৱে উপহাস কৰিছিল যে তেওঁ এজন অমুছলমান আৰু উচ্চ প্ৰশাসনিক পদ দখল কৰিছে। জনজাতীয় ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে সন্মুখীন হোৱা হাৰাশাস্তিৰ অভিযোগো এই প্ৰতিবেদনত আলোকপাত কৰা হৈছে। এই বিষাক্ত পৰিৱেশে বহু জনজাতীয় ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয় এৰিবলৈ বাধ্য কৰাইছিল বুলি জানিব পৰা গৈছে।Statement of JMIAAM regarding the fact-finding report presented by retired Justice S N Dhingra and Retired Police Commissioner S. N. Srivastava.
— JMIAAM (@AamJmi93675) November 15, 2024
We urge Jamia Millia Islamia Hon'ble VC and its administration, & other respective agencies to look into it.#hindulifematters #jamia pic.twitter.com/345naKseWI
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে এই অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এক বিবৃতিত কৈছে বিশ্ববিদ্যালয়খনে সৰ্বাংগীনতা আৰু একতা-সম্প্ৰীতিক উদগণি যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু যিকোনো ধৰণৰ বৈষম্যক তেওঁলোকে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিগত প্ৰশাসনে এনে ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ হ'ব পাৰে বুলি স্বীকাৰ কৰি বিশ্ববিদ্যালয়খনে কয় যে সম্প্ৰতি উপাচাৰ্য অধ্যাপক মাজহাৰ আছিফৰ নেতৃত্বত প্ৰতিষ্ঠানখনত এক সমতাপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।The fact-finding committee that inquired into “Discrimination” and “Conversion” of Non-Muslims to Islam in Jamia Millia Islamia University, Delhi has named 16 faculty members as having tried to intimidate and convert non-Muslim students.
— Rahul Shivshankar (@RShivshankar) November 15, 2024
Here’s a sample of the depositions made… pic.twitter.com/9FNus8Q2q7