জয়পুৰ মাদ্ৰাছাত গণিত, বিজ্ঞান আৰু ইংৰাজী শিকাই হিন্দু ধৰ্মাৱলম্বী কুলদীপ সিং ৰাজাৱতে

Story by  atv | Posted by  [email protected] • 6 d ago
জয়পুৰ মাদ্ৰাছাত পাঠদানৰ সময়ত কুলদীপ সিং ৰাজাৱত
জয়পুৰ মাদ্ৰাছাত পাঠদানৰ সময়ত কুলদীপ সিং ৰাজাৱত
 
ফাৰহান ইজৰাইলী/জয়পুৰ

যোৱা ১৬ বছৰ ধৰি ৰাজস্থানৰ জয়পুৰৰ এখন মাদ্ৰাছাত গণিত, বিজ্ঞান, আৰু ইংৰাজীৰ পাঠদান কৰি আছে কুলদীপ সিং ৰাজাৱতে। হিন্দু ধৰ্মাৱলম্বী লোক ৰাজাৱতে জয়পুৰৰ খো নাগোৰিয়ান অঞ্চলত অৱস্থিত মাদ্ৰাছাখনত অধ্যাপনা কৰে, য'ত সকলো শিক্ষাৰ্থী মুছলমান। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল ইছলামিক শিক্ষা প্ৰদান কৰা হয় বুলি আৰু মাদ্ৰাছাৰ শিক্ষকসকল সদায় মুছলমান বুলি প্ৰচলিত ধাৰণাটোক কুলদীপ সিং ৰাজাৱটে ভুল প্ৰমাণিত কৰিছে।

কৌছাৰ পাব্লিক স্কুল মাদ্ৰাছাত উৰ্দু আৰু আৰবীৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰৰ দৰে আধুনিক বিষয়ো শিকোৱা হয়। মাদ্ৰাছাৰ মুৰব্বী ফাৰহান ইজৰাইলে কয় যে তেওঁ সমাজৰ পৰা হিন্দু আৰু মুছলমানৰ মাজত থকা মতানৈক্যৰ অন্ত পেলাব বিচাৰিছে।

উল্লেখ্য যে, মাদ্ৰাছাখন ২০০৬ চনত ফাৰহান ইজৰাইলৰ পিতৃ মৌলৱী মহম্মদ হাছান ইজৰাইলীয়ে প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত ই নাগোৰীয়ান অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান আছিল। দুবছৰৰ পাছত কুলদীপ সিং ৰাজাৱতক ৰাজস্থান মাদ্ৰাছা ব’ৰ্ডে শিক্ষক হিচাপে নিযুক্তি দিয়ে। তেতিয়াৰ পৰাই কুলদীপ সিং ৰাজাৱতে ছাত্ৰ-ছাত্ৰীক সকলো আধুনিক বিষয়ৰ পাঠদান কৰি আহিছে।
কুলদীপ সিং ৰাজাৱতে কয় যে তেওঁ বেলেগ ধৰ্মৰ মানুহৰ মাজত আছে বুলি কেতিয়াও অনুভৱ কৰা নাই। মাদ্ৰাছাৰ মুৰব্বী ফাৰহান ইজৰাইলে জানিবলৈ দিয়ে যে কুলদীপ সিঙে নিষ্ঠাসহকাৰে মুছলমান সমাজৰ ল’ৰা-ছোৱালীক পঢ়া-শুনা কৰি যথেষ্ট প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে। আমাৰ সমাজত আৰু এনে শিক্ষকৰ প্ৰয়োজন আছে, যাৰ অন্তৰত সকলোৰে প্ৰতি মৰম আৰু সদিচ্ছাৰ অনুভূতি থাকে।

৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা এক বিশেষ অনুষ্ঠানত কুলদীপ সিং ৰাজাৱটক শ্ৰেষ্ঠ শিক্ষক হিচাপে সন্মানিত আৰু বঁটা প্ৰদান কৰা হয়। জিলা সংখ্যালঘু কল্যাণ বিষয়া অভিষেক সিদ্ধাৰ নিৰ্দেশ অনুযায়ী জয়পুৰৰ সকলো মাদ্ৰাছাই এই দিৱস উদযাপন কৰে।

এই উপলক্ষে ৰাজাৱতে ছাত্ৰ-ছাত্ৰীসকলক কয় যে শিক্ষক এজন জ্বলি থকা শিখাৰ দৰে, যিয়ে নিজে জ্বলি হ'লেও আনৰ জীৱন আলোকিত কৰে। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদানেৰে সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শিক্ষকসকলে অহোপুৰুষাৰ্থ কৰে। 

এইদৰে সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে মাদ্ৰাছাখনৰ পৰিচালক ফাৰহান ইজৰাইলে।