গুৱাহাটী
ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেন্সন ঘোষণা কৰিছে। উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত নির্দেশনা অনুসৰি মুঠ ২৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ বিপৰীতে ৩ গৰাকীয়ে সাহিত্য পেন্সন লাভ কৰিছে।
শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্রী ডাঃ ৰণোজ পেগুৱে বৃহস্পতিবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। সেইমতে সাহিত্য বঁটা লাভ কৰাসকল ক্রমে অদিতি বেজবৰুৱা (যোৰহাট), অনুভৱ তুলসী নামেৰে পৰিচিত ডিম্বেশ্বৰ শইকীয়া (কামৰূপ মহানগৰ), তৰুণ চন্দ্ৰ শইকীয়া (যোৰহাট), ঋতুৰাজ বসুমতাৰী, চিকাৰি তিছ' আৰু শৰৎ হাঞ্চে (কার্বি আংলং), কামৰাজ নেপাল (বিশ্বনাথ), আৰু ড° হিমাশিস কুমাৰ ভট্টাচাৰ্য (কাছাৰ)।
আনহাতে, ড° ৰামচন্দ্ৰ ডেকা, পৰিতোষ তালুকদাৰ, এলিজা শৰ্মা, ষড়ানন দেউৰী, খৰ্গেশ্বৰ ভূঞা, ড° জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু বিষ্ণু ডেকা (কামৰূপ মহানগৰ), হৰিদেৱ পাঠক (বৰপেটা), মিনতি দলে (গোলাঘাট), কৰুণাকান্ত ৰয় (বঙাইগাঁও), জুলিয়ানা বেগম (ডিব্রুগড়), গীতা দাস (গোৱালপাৰা), গজেন্দ্ৰ অধিকাৰী কামৰূপ), ব্রজগোপাল সিনহা (শ্রীভূমি), চাৰুমোহন ৰাভা (গোৱালপাৰা), চন্দ্রকান্ত শইকীয়া (নগাঁও), শৰৎ চন্দ্ৰ চিৰিং ফুকন (তিনিচুকীয়া), মাণিক বৰা (শোণিতপুৰ), পবিত্ৰ বৰবৰা (গোলাঘাট) আৰু দুলাল চন্দ্র দাস (নগাঁও)লৈ এই বটা প্ৰদান কৰা হব।
তদুপৰি, সাহিত্যিক পেন্সন লাভ কৰাসকল ক্ৰমে মহুৱা চৌধুৰী নামেৰে পৰিচিত শীলা মহন্ত (কাছাৰ), দিলীপ কুমাৰ ফুকন (শোণিতপুৰ) আৰু খগেন্দ্ৰ নাথ বৰা (লখিমপুৰ)।