মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ ওপৰত NCPR ৰ দাবী ভিত্তিহীনঃ মাৰ্কাজী তালিমি ব’ৰ্ড

Story by  atv | Posted by  [email protected] • 1 d ago
মাদ্ৰাছা ছাত্ৰ
মাদ্ৰাছা ছাত্ৰ
 
আৱাজ দ্য ভইচ / নতুন দিল্লী
 
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে জাৰি কৰা বিবৃত্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্কাজী তালিমি ব’ৰ্ডৰ সম্পাদক চৈয়দ তনবীৰ আহমেদে। তেওঁ কয় যে এই বিজ্ঞপ্তিটোৱে মাদ্ৰাছাৰ বিষয়ে ভুল ভাবমূৰ্তি দাঙি ধৰিছে আৰু সঠিক তথ্য নোহোৱাকৈয়ে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে।
 
চৈয়দ তনবীৰ আহমেদে সংবাদ মাধ্যমক দিয়া এক বিবৃতিত কয় যে এন চি পি চি আৰৰ অধ্যক্ষ প্ৰিয়ংক কানুংগোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা চক্ৰান্তমূলক বিজ্ঞপ্তিত  মাদ্ৰাছাৰ ভূমিকাক ভুলকৈ উপস্থাপন কৰিছে।
 
চৈয়দ তনবীৰ আহমেদে কয় যে এনচিপিচিআৰে বহু বিভ্ৰান্তিকৰ দাবী কৰিছে। আয়োগে কয় যে মাদ্ৰাছাসমূহক শিক্ষাৰ অধিকাৰ (আৰ টি ই) আইন, ২০০৯ ৰ পৰা ৰেহাই দি শিশুসকলে ভাল শিক্ষা লাভ কৰা নাই। কিন্তু, ইয়াৰ দ্বাৰা এই কথাটো আওকাণ কৰা হৈছে যে সচাৰ সমিতিৰ মতে মাত্ৰ ৪% মুছলমান শিশুৱে মাদ্ৰাছাত পঢ়ে, আনহাতে ৯৬% শিশুৱে মূলসুঁতিৰ বিদ্যালয়ত পঢ়ি আছে।
 
কম্পিউটাৰ ক্লাছ কৰি থকা মুহূৰ্তত মাদ্ৰাছা ছাত্ৰসকল
 
চৈয়দ তনবীৰ আহমেদে কয়, "মাদ্ৰাছাত আধুনিক শিক্ষাৰ বিৰোধিতা কৰা হোৱা নাই। বহু মাদ্ৰাছাত ধৰ্মতত্ত্বৰ লগতে বিজ্ঞান, গণিত, কম্পিউটাৰ আৰু ভাষাও শিকোৱা হয়। ভাৰতৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়সমূহতো ধৰ্মতত্ত্বৰ পাঠ্যক্ৰম আছে। কিন্তু এনচিপিচিআৰৰ চক্ৰান্তমূলক বিজ্ঞপ্তি অনুসৰি মাদ্ৰাছাসমূহলৈ পুঁজিৰ ব্যৱস্থা বন্ধ হ'ব লাগে।"  কাৰণ তেওঁলোকে শিক্ষাৰ অধিকাৰ (আৰ টি ই) আইন মানি চলা নাই বুলিও এনচিপিচিআৰৰে দাবী কৰে।
 
মাৰ্কাজি তালিমি ব’ৰ্ডে স্পষ্ট কৰি দিয়ে যে মাদ্ৰাছা চৰকাৰী পুঁজিৰে চলি থকা প্ৰতিষ্ঠান নহয়। মুছলমান সমাজৰ সম্পত্তি আৰু দান-বৰঙণিৰে চলোৱা হয়। চৰকাৰৰ পৰা পোৱা সহায় কেৱল মাদ্ৰাছাসমূহৰ আধুনিকীকৰণৰ বাবে, যেনে গণিত, বিজ্ঞান, ইংৰাজী আৰু কম্পিউটাৰ শিকোৱা, আৰু ইয়াৰ উপৰিও দৰমহা আৰু আন্তঃগাঁথনিৰ বাবে আৰ্থিক সাহায্য দিয়া হয়। মাদ্ৰাছাসমূহ সম্পূৰ্ণৰূপে চৰকাৰৰ পুঁজিৰে চলিছে বুলি কোৱাটো ভুল আৰু বিভ্ৰান্তিকৰ।
 
চৈয়দ তনবীৰ আহমেদে মাদ্ৰাছা ব’ৰ্ড বন্ধ কৰাৰ বাবে এনচিপিচিআৰে দিয়া পৰামৰ্শক ভুল বুলি অভিহিত কৰি কয় যে ই উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ অধীনত। তেওঁ কয়, "মাদ্ৰাছা ব'ৰ্ড বন্ধ কৰাৰ পৰামৰ্শ অনুচিত। মাদ্ৰাছাকো অন্যান্য শিক্ষানুষ্ঠানৰ দৰে বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰা উচিত।"
 
চৈয়দ তনবীৰ আহমেদে কয় যে পৃথকে পৃথকে মাদ্ৰাছাক লক্ষ্য কৰি লোৱাটো এক চক্ৰান্তমূলক উদ্দেশ্যপ্ৰণোদিত ৰাজনীতি যেন লাগে। তেওঁ অভিযোগ কৰে যে এনচিপিচিআৰে শিশুৰ প্ৰকৃত সমস্যা, যেনে শিশু শ্ৰম, পুষ্টিহীনতা, স্বাস্থ্য, বিদ্যালয় এৰি যোৱা আৰু নিৰ্যাতনৰ দৰে গুৰুতৰ সমস্যাক আওকাণ কৰিছে।
 
আধুনিক শিক্ষা গ্ৰহণ কৰা মুছলমান ছাত্ৰ
 
অমুছলমান শিশুক মাদ্ৰাছাৰ পৰা আঁতৰাই আনুষ্ঠানিক বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰামৰ্শৰ বিৰোধিতা কৰে চৈয়দ তনবীৰ আহমেদে। এই পৰামৰ্শই ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ স্বাধীনতা খৰ্ব কৰিছে বুলিও তেওঁ কয়।
 
চৈয়দ তনবীৰ আহমেদে কয় যে যদি অমুছলমান পিতৃ-মাতৃয়ে স্বেচ্ছাই নিজৰ সন্তানৰ শিক্ষাৰ বাবে মাদ্ৰাছা বাছি লয়, তেন্তে বলপূৰ্বকভাৱে তাৰ পৰা আঁতৰাই পেলোৱাটো তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হ'ব। একেদৰে মুছলমান শিশুৰ পৰিয়ালেও মাদ্ৰাছাত দিয়া শিক্ষাক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে, সেয়েহে তেওঁলোককো বলপূৰ্বকভাৱে আঁতৰাই পেলোৱা উচিত নহয়।
 
এমটিবিৰ সচিবগৰাকীয়ে সামৰণিত কয়, "এনচিপিচিআৰে মাদ্ৰাছাসমূহক এককভাৱে উল্লেখ কৰি সাম্প্ৰদায়িক পক্ষপাতিত্ব আৰু ৰাজনৈতিকভাৱে প্ৰেৰিত উদ্দেশ্য প্ৰদৰ্শন কৰিছে। স্বাধীনতাৰ পূৰ্বে আৰু পিছতো মাদ্ৰাছাসমূহে সম্প্ৰদায় আৰু জাতিটোৰ সামাজিক আৰু শৈক্ষিক বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।"
 
চৰকাৰে বিভাজনক প্ৰসাৰিত কৰাৰ পৰিৱৰ্তে সকলো শিক্ষানুষ্ঠানক বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰি মাদ্ৰাছাৰ সৈতে গঠনমূলক আলোচনা কৰিব লাগে। এন চি পি চি আৰৰ পৰামৰ্শসমূহ পুনৰ বিবেচনা কৰি সংখ্যালঘুৰ শৈক্ষিক আৰু সাংবিধানিক অধিকাৰক ভেঙুচালি কৰা এই চক্ৰান্তখন প্ৰত্যাহাৰ কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছো।