মহাৰাষ্ট্ৰৰ মৌলানা অৰ্থনৈতিক উন্নয়ন নিগমৰ সভাপতি মুস্তাক আন্তুলেক সম্বৰ্ধনা জনোৱাৰ সময়ত MRAAKAৰ সদস্যসকল
ফজল পাঠান
দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতা অৰ্জনৰ সপোন দেখে, কিন্তু পিছপৰা শ্ৰেণীৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা উন্নত প্ৰশিক্ষণৰ খৰচ বহন কৰিব নোৱাৰে। এই সমস্যা সমাধানৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক সংখ্যালঘু বিষয়া কৰ্মচাৰী সংস্থাই (Maharashtra State Minority Officers and Employees Association) উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৱাসিক প্ৰশিক্ষণ শ্ৰেণী (residential coaching classes) ঘোষণা কৰিছে।
কেইবাবছৰ ধৰি মহাৰাষ্ট্ৰ ৰাজ্য অল্পসংখ্যক অধিকাৰী সন্থা হিচাপে পঞ্জীয়নভুক্ত MRAAKA (মহাৰাষ্ট্ৰ ৰাজ্যিক সংখ্যালঘু বিষয়া কৰ্মচাৰী সন্থা) ই সামাজিক কাম হাতত লৈ সংখ্যালঘুৰ মাজত সজাগতা বিয়পাই আহিছে। শেহতীয়া পদক্ষেপ হিচাপে সংস্থাটোৱে ২০২৪–২৫ শিক্ষাবৰ্ষৰ বাবে পুনেত তেওঁলোকৰ ক'চিং ক্লাছ আৰম্ভ কৰিব।
এই পদক্ষেপ সন্দৰ্ভত মহাৰাষ্ট্ৰ ৰাজ্যিক সংখ্যালঘু বিষয়া কৰ্মচাৰী সন্থাৰ সভাপতি হাজী জাটকাৰে কয়, ‘সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে অৰিহণা যোগাবলৈ এই সংস্থাটো মুছলমান চৰকাৰী কৰ্মচাৰীৰ এটা দলে প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত আমি অঞ্জুমান ইছলামৰ সৈতে সহযোগিতা কৰি কোচিং ক্লাছৰ আয়োজন কৰিছিলো। ২০২১ চনৰ পৰা আমি এই উদ্দেশ্যে হজ কমিটীৰ সৈতে অংশীদাৰিত্ব কৰি আহিছো। আমাৰ সংগঠনটো হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ উত্থানৰ বাবে কাম কৰা দেশৰ প্ৰথমটো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান।”
তেওঁ আৰু কয়, “সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী, বিশেষকৈ মুছলমানসকলে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। আমি তেওঁলোকক হোষ্টেলৰ সুবিধা, অধ্যয়ন কেন্দ্ৰ, আৰু বৃত্তিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰোঁ। অন্য সম্প্ৰদায়সমূহে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উন্নত প্ৰশিক্ষণৰ সুবিধা লাভ কৰাৰ বিপৰীতে ৰাজ্যখনত সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এই ধৰণৰ এখনো একাডেমী নাই। সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক যদি গুণগত শিক্ষা আৰু উপযুক্ত পথ প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰা হয়, তেন্তে তেওঁলোকে সমাজ আৰু দেশৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাব পাৰে।”
সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত তথা মহাৰাষ্ট্ৰ ৰাজ্যিক সংখ্যালঘু বিষয়া কৰ্মচাৰী সন্থাৰ সদস্য আছিৰ শ্বেখে কয়, “সংখ্যালঘু সম্প্ৰদায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়, কিন্তু সেইবোৰৰ সমাধানৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাটো একেবাৰে বিৰল। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক প্ৰশাসনিক ভূমিকালৈ অনাটো সম্প্ৰদায়টোৰ উন্নতিৰ বাবে অতি প্ৰয়োজনীয়। সেইবাবেই আমাৰ সংস্থাই ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন আৰু প্ৰশাসনিক ব্যৱস্থাত প্ৰৱেশ কৰাত সহায় কৰিবলৈ এই আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে।"
তেওঁ কয়, “এতিয়ালৈকে আমি আৱাসিক প্ৰশিক্ষক ক্লাছৰ দুটা বেটচ সম্পূৰ্ণ কৰিছো। সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীক কঠোৰ নামভৰ্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। ইয়াৰে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ চাকৰিত সোমাইছে।”
শ্ৰেণীকোঠাত একাংশ মুছলমান সংখ্যালঘু ছাত্ৰী (প্ৰতিনিধিত্বমূলক ফটো)
উল্লেখ্য যে, বৰ্তমান পুনেত ২০২৪–২৫ বৰ্ষৰ আৱাসিক প্ৰশিক্ষক শ্ৰেণীৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক সংখ্যালঘু বিষয়া কৰ্মচাৰী সন্থাই আবেদন গ্ৰহণ কৰি আছে। আবেদন জমাৰ অন্তিম তাৰিখ হৈছে ৯ জানুৱাৰী, ২০২৫। ৰাজ্যিক সেৱা পৰীক্ষাৰ সৈতে জড়িত আবেদনকাৰীৰ অভিলেখ পৰ্যালোচনা কৰা হ’ব। ইয়াৰ পিছত ১০০ জন ছাত্ৰ-ছাত্ৰীক সাক্ষাৎকাৰৰ বাবে চৰ্টলিষ্ট কৰা হ’ব, আৰু ২৫ জন ছাত্ৰ-ছাত্ৰীক ক্লাছৰ বাবে নিৰ্বাচিত কৰা হ’ব।
বিগত সময়ত প্ৰাৰম্ভিক বা মূল ৰাজ্যিক সেৱা পৰীক্ষা (preliminary or main state service exams)ত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব। ইয়াৰ উপৰিও চৰকাৰী সংৰক্ষণ নীতি অনুসৰি আবেদনকাৰীয়ে জাতি পৰীক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব। সংখ্যালঘু সম্প্ৰদায়ৰ যিকোনো স্নাতক যিয়ে ৰাজ্যিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সফলতাৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে, তেওঁলোকে আবেদন কৰিব পাৰে।
সংস্থাটোৱে সংখ্যালঘু কৰ্মচাৰীৰ কল্যাণৰ বাবে কাম কৰে আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ আৰু সামগ্ৰিক উন্নয়ন বৃদ্ধিৰ লক্ষ্য ৰাখিছে। এই ভাষাসমূহৰ বিকাশৰ বাবে হিন্দী আৰু মাৰাঠীৰ বাবে পৃথক পৃথক পুথিভঁৰাল স্থাপনৰো পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায়ত সংস্থাটোৱে সংখ্যালঘু সম্প্ৰদায়ৰ খেলুৱৈসকলক বৃত্তি আৰু অন্যান্য পুৰস্কাৰ প্ৰদান কৰি ক্ৰীড়াক উৎসাহিত কৰে।