গুৱাহাটী
নগাঁও মহাবিদ্যালয় (স্বতন্ত্র)ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। আজি অসম চৰকাৰৰ ৱেবছাইটত নগাঁও বিশ্ববিদ্যালয়-২০২৩ আইনখন বলৱৎ হোৱা বুলি প্রকাশিত হয়।
উল্লেখ্য যে ইতিপূর্বে ৰাজ্য চৰকাৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্র) ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। সেই মর্মে বিধানসভাত নগাঁও বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰা হৈছিল।
আনহাতে অসম বিধানসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচত বিধেয়কখন অনুমোদনৰ বাবে ৰাজ্যপাললৈ প্রেৰণ কৰা হৈছিল। বিগত বৰ্ষৰ ২২ নৱেম্বৰত বিধেয়কখনত ৰাজ্যপালে স্বাক্ষৰ কৰাত নগাঁও মহাবিদ্যালয় বিধেয়কখন আইনত পৰিণত হয়। এই আইনখন ২০২৩ বৰ্ষৰ ৪ ডিচেম্বৰত অসম ৰাজপত্ৰত ৰাজ্য চৰকাৰে প্রকাশ কৰে।
নগাঁও বিশ্ববিদ্যালয় আইন, ২০২৩ৰ অধীনত আনুষ্ঠানিকভাৱে নগাঁও বিশ্ববিদ্যালয় আৰম্ভ হ'ব। চৰকাৰে সেই সন্দৰ্ভত জাননী জাৰি কৰাৰ পাচত বিশ্ববিদ্যালয়খনৰ কাম-কাজো অচিৰেই আৰম্ভ হ'ব।