নীট-ইউ জি ২০২৪ৰ ফলাফল ঘোষণা নেশ্যনেল টেষ্টিং এজেন্সিৰ

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
নেশ্যনেল টেষ্টিং এজেন্সি (NTA) য়ে আজি চহৰ আৰু কেন্দ্ৰভিত্তিক সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নীট-ইউ জি (NEET-UG) ২০২৪ৰ ফলাফল ঘোষণা কৰিছে। 
 
পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নেশ্যনেল টেষ্টিং এজেন্সি (NTA) আৰু নীটৰ অফিচিয়েল ৱেবছাইট exams.nta.ac.in/NEET/ আৰু neet.ntaonline.in ত ফলাফল লাভ কৰিব পাৰিব। ১৮ জুলাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নেশ্যনেল টেষ্টিং এজেন্সি (NTA)ক নিৰ্দেশ দিছিল যে ২০ জুলাইৰ দুপৰীয়া ১২ বজাৰ ভিতৰত নীট-ইউ জি'ৰ ফলাফল ঘোষণা কৰিব লাগিব।  
 
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে শনিবাৰে দুপৰীয়াৰ ভিতৰত পৃথকে পৃথকে, চহৰ আৰু কেন্দ্ৰভিত্তিক ফলাফল ঘোষণা কৰাৰ নিৰ্দেশ দিছিল। আদালতে এই কথাতও জোৰ দিছিল যে নীট-ইউ জি'ৰ পুনৰ পৰীক্ষাটো এটা সুনিৰ্দিষ্ট ভিত্তিতহে কৰিব পাৰি যে, বৃহৎ পৰিসৰত এই পৰীক্ষাৰ মৰ্যদা হেৰুৱাইছে।  
 
উচ্চতম ন্যায়ালয়ে কয় যে, স্নাতক চিকিৎসা পাঠ্যক্ৰমত প্ৰৱেশৰ বাবে ৫ মে’ত অনুষ্ঠিত হোৱা ২০২৪ চনৰ নীট-ইউ জি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব পৰা যাব, যদিহে প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাটোৱে সমগ্ৰ পৰীক্ষাৰ ব্যৱস্থাটোৰ উদ্দেশ্য বিঘ্নিত কৰে।
 
৫ মে’ত বৈদেশিক ৰাষ্ট্ৰৰ ১৪খন চহৰকে ধৰি ৫৭১খন চহৰৰ ৪৭৫০টা কেন্দ্ৰত ২৩.৩৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষা অৱতীৰ্ণ হৈছিল। প্ৰশ্নকাকতখন ফাদিল হোৱাৰ অভিযোগৰ পিছত ২০২৪ চনৰ নীট-ইউ জি পৰীক্ষাক লৈ যোৱা মাহত বিতৰ্কৰ সৃষ্টি হৈছিল। পৰৱৰ্তী তদন্তত ইংগিত পোৱা গৈছে যে, ছ’চিয়েল মিডিয়াত এটা ৰাষ্ট্ৰীয় ‘ছলভাৰ গেং’ নেটৱৰ্কে এই প্ৰশ্নকাকত ফাদিল কৰিছিল।