অহা বৰ্ষৰ পৰা অনলাইনত হ'ব NEET-UG পৰীক্ষা

Story by  atv | Posted by  [email protected] • 2 d ago
অহা বৰ্ষৰ পৰা অনলাইনত হ'ব NEET-UG পৰীক্ষা
অহা বৰ্ষৰ পৰা অনলাইনত হ'ব NEET-UG পৰীক্ষা
 
গুৱাহাটী
 
বিতৰ্ক আৰু প্ৰবল প্ৰতিবাদৰ মাজতে মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অনলাইনত পতাৰ বাবে চিন্তা-চর্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ বাতৰি অনুসৰি, বিষয়টো এতিয়াও কেন্দ্ৰৰ বিবেচনাধীন হৈয়ে আছে। 'অনলাইন মোড'ত পৰীক্ষা অহা বছৰৰপৰা হোৱাৰ সম্ভাৱনা আছে।
 
অৱশ্যে এই পর্যন্ত বিষয়টোক লৈ চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। উল্লেখ্য যে বছৰি নীট-ইউ জি পতা হয় 'পেন এণ্ড পেপাৰ মোড'ত। অ' এম আৰৰ শ্বীটত এম চি কিউ টেষ্টত অৱতীৰ্ণ হয় কেইবালাখ শিক্ষার্থী।
 
নীট-ইউ জি পৰীক্ষা 'অনলাইন মোড'লৈ নিয়াক লৈ শেহতীয়াকৈ একাধিক উচ্চস্তৰীয় বৈঠকতো আলোচনা হৈছে। কেন্দ্ৰই যোৱা ২২ জুনত গঠন কৰা সাতজনীয়া সমিতিয়ে ইতিমধ্যে পৰীক্ষা প্রক্রিয়া সংশোধনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। প্রসংগত উল্লেখযোগ্য যে ২০১৮ চনত তেতিয়াৰ শিক্ষামন্ত্রী প্রকাশ জাভাড়েকাৰে ২০১৯ৰ পৰা বছৰত দুবাৰকৈ অনলাইনত 'নীট' অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল যদিও স্বাস্থ্য মন্ত্রণালয়ৰ বিৰোধিতাৰ বাবে সেয়া হৈ নুঠিল।
 
স্বাস্থ্য মন্ত্রণালয়ে যুক্তি দিছিল যে অনলাইনত পৰীক্ষা পাতিলে দুখীয়া পৰিয়ালৰ আৰু গ্রামাঞ্চলৰ শিক্ষাৰ্থীসকল সমস্যাৰ সন্মুখীন হ'ব। নীট অনলাইনত হ'ব নে নহয়, ইয়াৰ চূড়ান্ত সিদ্ধান্ত ল'ব নেচনেল মেডিকেল কমিছন (এন এম চি)- এ।
 
জানিব পৰা মতে, এই পৰীক্ষাৰ বাবে অনলাইনেই উত্তম বিকল্প। অৱশ্যে অনলাইনত পৰীক্ষা পাতিলে এন চি এ-ই কিছু প্রত্যাহ্বানৰো সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। কাৰণ নীট-ইউ জিত লাখ লাখ শিক্ষার্থী অৱতীৰ্ণ হয়। অনলাইনত পৰীক্ষা পাতিবলৈ হ'লে বহু 'শ্বীফ্ট' আৰু কেইবাদিনৰো প্রয়োজন হ'ব। তদুপৰি প্ৰশ্নকাকত পৃথক হ'ব লাগিব। সেই অনুযায়ী এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেৰে স্বচ্ছতাৰে পৰীক্ষা পতাটো উজু নহয়।
 
প্রণিধানযোগ্য যে এইবাৰ প্রায় ২৪ লাখ পৰীক্ষাৰ্থীয়ে নীট- ইউ জি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এনে বৃহৎসংখ্যক পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা পাতিলে একোটা 'শ্বীফ্ট'ত কমেও ১.৫-২ লাখ পৰীক্ষাৰ্থী বহিব পৰা ব্যৱস্থা থাকিব লাগিব। অৱশ্যে জেইই সদৃশ কম্পিউটাৰ ভিত্তিক পৰীক্ষা পাতিলে নীটক লৈ হোৱা বিতৰ্কৰ অৱসান ঘটিব।