পবিত্ৰ কোৰআনৰ নতুন ইংৰাজী অনুবাদ মুকলি; বিশ্বৰ পাঠকৰ বাবে কোৰাআন এতিয়া সহজলভ্য

Story by  atv | Posted by  [email protected] • 2 h ago
ডঃ জাফাৰুল ইছলাম খানৰ সৈতে আমন্ত্ৰিত অতিথিসকলে ইংৰাজী অনুবাদৰ কোৰআন মুকলি কৰিছে
ডঃ জাফাৰুল ইছলাম খানৰ সৈতে আমন্ত্ৰিত অতিথিসকলে ইংৰাজী অনুবাদৰ কোৰআন মুকলি কৰিছে
 
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
ইছলামিক ধৰ্মগ্ৰন্থ পবিত্ৰ কোৰান শ্বৰীফ যিহেতু আৰবী ভাষাত উপলব্ধ। গতিকে আৰবী নজনা মানুহৰ বাবে পবিত্ৰ কোৰান পঢ়াটো অসম্ভৱ হৈ পৰে। ইতিমধ্যে বিশ্বৰ বিভিন্ন ভাষাত পবিত্ৰ কোৰানৰ অনুবাদ কৰা হৈছে। ঠিক তেনেদৰে ইংৰাজী পাঠক সকলৰ বাবে পবিত্র কোৰান পঢ়া আৰু বুজাৰ বাবে ইছলামিক পণ্ডিত তথা অনুবাদক ডঃ জাফাৰুল ইছলাম খানে এক বিশেষ পদক্ষেপ হাতত লৈছিল।
 
অলপতে ৰাজধানী চহৰ দিল্লীত ইছলামিক কালচাৰেল চেণ্টাৰত ডঃ জাফাৰুল ইছলাম খানে ইংৰাজীত অনুবাদ কৰা পবিত্র কোৰান শ্বৰীফৰ আনুষ্ঠানিক মুকলি কৰা হৈছে। এই অনুবাদৰ উদ্দেশ্য কেৱল মুছলমান সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ বিভিন্ন ভাষা আৰু সংস্কৃতিৰ লোকক কোৰানৰ শিক্ষাৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা।
 
এই উপলক্ষে ডঃ জাফাৰুল ইছলামে কয়, “আজিৰ সময়ত কোৰআনৰ অনুবাদ সহজ আৰু আধুনিক ইংৰাজীত থকাটো প্ৰয়োজনীয়। যাতে কোনেও পঢ়িবলৈ আৰু বুজিবলৈ অসুবিধাৰ সন্মুখীন নহয়।
 
মুকলি অনুষ্ঠানৰ এক দৃশ্য
 
ইংৰাজী বিশ্বৰ ভিতৰতে সৰ্বাধিক কথিত আৰু বুজা ভাষা হৈ পৰিছে যদিও এতিয়ালৈকে উপলব্ধ ইংৰাজী অনুবাদসমূহত বহু ঠাইত জটিল ভাষা শৈলী সন্নিবিষ্ট কৰা হৈছে, যাৰ বাবে পাঠকৰ বাবে অৰ্থ বুজিবলৈ কঠিন হৈ পৰিছে। এই প্ৰয়োজনীয়তাক মনত ৰাখি এই নতুন অনুবাদটো প্ৰস্তুত কৰা হৈছে।"
 
ডঃ খানে লগতে কয় যে এই অনুবাদত কেৱল প্ৰামাণিক আৰু আদিম আৰবী উৎস ব্যৱহাৰ কৰা হৈছে, যাতে ইয়াৰ বিশ্বাসযোগ্যতা বজাই ৰখা হয়। তেওঁ স্পষ্ট কৰি দিয়ে যে এই অনুবাদে কোনো দাৰ্শনিক, ন্যায়িক বা ভাষিক বিতৰ্কত জড়িত নোহোৱাকৈ কেৱল মূল বিষয়বস্তুটোহে উপস্থাপন কৰিছে।
 
তেওঁৰ মতে ইছলামৰ শিক্ষা সহজে বুজিব পৰা হ’ব লাগে, যাতে এই জ্ঞান কেৱল মুছলমানৰ মাজতে সীমাবদ্ধ নাথাকে, বৰঞ্চ আন ধৰ্মৰ লোকৰ মাজলৈও যায়।
 
আমন্ত্ৰিত অতিথিসকল
 
হজ যাত্ৰাৰ সময়ত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
 
কোৰআনৰ এই অনুবাদৰ আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰি ডঃ জাফাৰুল ইছলাম খানে কয় যে ২০১০ চনত যেতিয়া তেওঁ পত্নীৰ সৈতে হজযাত্ৰাত গৈছিল, তেতিয়া তেওঁ মছজিদ-ই-হাৰমত প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এই কাম কৰিব।
 
তেওঁ হজযাত্ৰাৰ পৰা উভতি অহাৰ পিছত ২০১১ চনৰ জানুৱাৰী মাহৰ পৰা অনুবাদৰ কাম আৰম্ভ কৰে। প্ৰাৰম্ভিক বছৰবোৰত কামটো লাহে লাহে আগবাঢ়িছিল যদিও ২০২০ চনৰ পৰা ২০২৩ চনলৈ তেওঁ সম্পূৰ্ণৰূপে এই কামত নিজকে উৎসৰ্গা কৰিছিল।
 
শিক্ষাবিদ আৰু পণ্ডিতসকলৰ ইতিবাচক প্ৰতিক্ৰিয়া
 
এই ঐতিহাসিক ক্ষণত উপস্থিত থাকি ইছলামিক পণ্ডিত আৰু শিক্ষাবিদসকলে জামাত-ই-ইছলামী হিন্দৰ উপ-সভাপতি অধ্যাপক ডঃ খানৰ কাম-কাজৰ বহু প্ৰশংসা কৰে। অভিযন্তা চেলিমে কয় যে এই অনুবাদ অতি সহজ ভাষাত লিখা হৈছে, যিটো বুজিবলৈ কোনো অভিধানৰ প্ৰয়োজন নহ’ব। ইয়াত কোৰআন সম্পৰ্কে সোধা মূল প্ৰশ্নৰ উত্তৰ বিতংভাৱে দিয়া হৈছে।
 
ৰামপুৰৰ সাংসদ মৌলানা মহিবুল্লাহ নাদৱীয়ে ইয়াক এক অত্যন্ত কষ্টকৰ আৰু প্ৰামাণিক প্ৰচেষ্টা বুলি অভিহিত কৰে, যাৰ ফলত জামিয়া মিলিয়া ইছলামিয়াৰ আৰবী বিভাগৰ অধ্যাপক আব্দুল মজিদ কাজীয়ে এই অনুবাদৰ ঐতিহাসিক গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সম্পূৰ্ণকৈ পঢ়াৰ পিছত তেওঁ ইয়াক অত্যন্ত সুন্দৰ আৰু উৎকৃষ্ট বুলি বিবেচনা কৰিছে।
 
তেওঁ কয় যে অনুবাদ কৰাৰ সময়ত যিকোনো কিতাপৰ মূল বাৰ্তা বজাই ৰখাটো কঠিন, কিন্তু ডঃ খানে এই প্ৰত্যাহ্বান সফলতাৰে সম্পূৰ্ণ কৰিছে।
 
জে এন ইউৰ আৰবী বিভাগৰ অধ্যাপক মহম্মদ কুতুবুদ্দিনে কয় যে এই অনুবাদ কেৱল ধৰ্মীয়ভাৱেই গুৰুত্বপূৰ্ণ নহয়, ইয়াত মহিলাৰ হিজাব, ধিম্মীৰ অধিকাৰ, আধুনিক প্ৰব্ৰজন, সংখ্যালঘুৰ বিষয় আদি বিষয়সমূহো স্পষ্ট কৰা হৈছে।
 
জামিয়া হামদাৰ্ডৰ ইছলামিক অধ্যয়ন বিভাগৰ ডঃ ৱাৰিছ মাজহাৰীয়ে এই অনুবাদক সহজ, ব্যাপক আৰু সুলভ বুলি অভিহিত কৰিছে। তেওঁ কয় যে ডঃ খানৰ এই কাম ইছলামিক অধ্যয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান।
 
মুকলি অনুষ্ঠানৰ এক দৃশ্য
 
ডঃ জাফাৰুল ইছলাম খান, এজন বিশিষ্ট ইছলামিক পণ্ডিত
 
ডঃ খান এজন প্ৰখ্যাত ইছলামিক পণ্ডিত, সাহিত্যিক আৰু অনুবাদক। ইজিপ্তৰ প্ৰতিষ্ঠিত আল-আজহাৰ বিশ্ববিদ্যালয় আৰু কায়ৰো বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ব্ৰিটেইনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।
 
কোৰআনৰ এই অনুবাদ অনলাইনত উপলব্ধ
 
মুকলি অনুষ্ঠানটোৰ কাৰ্যসূচী কোৰআন পাঠেৰে আৰম্ভ হয়। এই সময়ত দিল্লীৰ বাহিৰত থকাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰাক্তন উপাচাৰ্য তথা দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নজিব জঙৰ বাৰ্তা পাঠ কৰা হয়।
 
উৰ্দুৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক মাছুম মোৰাদাবাদীয়ে অনুষ্ঠানটো পৰিচালনা কৰে আৰু   সভাপতিত্ব কৰে ড° চৈয়দা ছাইদিন হামিদে।
 
ডঃ খানে কৰা এই অনুবাদ অনলাইনতো উপলব্ধ। কোৰআনৰ এই শেহতীয়া ইংৰাজী অনুবাদে মুছলমানসকলক তেওঁলোকৰ ধৰ্মীয় শিক্ষা বুজিবলৈ সহায় কৰাই নহয়, অন্য ধৰ্মৰ লোকসকলৰ বাবে ইছলামৰ মূল শিক্ষাসমূহো স্পষ্ট কৰি তুলিব। এক ব্যাপক, সহজ আৰু আধুনিক পদ্ধতিৰে উপস্থাপন কৰা এই অনুবাদ আগন্তুক বছৰবোৰলৈকে জ্ঞান আৰু প্ৰেৰণাৰ উৎস হৈ থাকিব।