কোচিঙৰ জগতত নতুন বিপ্লৱ: খান ছাৰৰ পিছত এতিয়া ৱলী ৰহমানীৰ উদ্যোগ

Story by  atv | Posted by  Munni Begum • 3 h ago
খান ছাৰ আৰু ৱলী ৰহমানী
খান ছাৰ আৰু ৱলী ৰহমানী
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী
 
সামাজিক মাধ্যম আৰু ইউটিউবৰ জৰিয়তে আবেদন কৰি প্ৰায় ₹১২ কোটি ব্যয়েৰে পশ্চিম বংগত আধুনিক সা-সুবিধাৰে সজ্জিত এখন বিলাসী বিদ্যালয় নিৰ্মাণ কৰা "উমীদ ফাউণ্ডেচন"ৰ সম্পাদক ৱলী ৰহমানীয়ে সম্প্ৰতি শিক্ষাৰ ক্ষেত্ৰখনত আন এক উল্লেখনীয় পদক্ষেপ হাতত লবলৈ আগবাঢ়ি আহিছে।   
 
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড° এ পি জে আব্দুল কালামৰ জন্মদিন অৰ্থাৎ ১৫ অক্টোবৰত তেওঁ "কালাম লাৰ্নিং চেণ্টাৰ" (KLC) নামৰ এটা কোচিং চেণ্টাৰ মুকলি কৰিছে। এই কোচিং চেণ্টাৰটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক NEET, IIT আৰু অন্যান্য ফাউণ্ডেচন পাঠ্যক্ৰমৰ বাবে সুলভ মূল্যত প্ৰশিক্ষণ প্ৰদান কৰা হব। 
 
 
সুলভ মূল্যৰ কোচিং আৰু ₹৫০ কোটিৰ বৃত্তিৰ ঘোষণা 
 
ৱলী ৰহমানীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা তেওঁৰ এক ভিডিঅ'ত দাবী কৰিছে যে, তেওঁ ₹৫০ কোটিৰ বৃত্তি প্ৰদান কৰিবলৈ ওলাইছে। অৱশ্যে, এই বৃত্তি কেনেকৈ আৰু কেনেধৰণে বিতৰণ কৰা হ’ব সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাই। তেওঁৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ হাজাৰ হাজাৰ দৰিদ্ৰ মুছলমান শিশুক সুলভ মূল্যত শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকক ড° কালামৰ দৰে মহান ব্যক্তিত্ব হিচাপে গঢ়ি তোলা।    
 
তেওঁৰ মতে, বছৰি মাত্ৰ ₹২৫ কৈ NEET কোচিং, ₹৩০০০ ত IIT কোচিং আৰু বছৰি ₹৩০ কৈ জামিয়া, এ এম ইউ তথা ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ’ব। পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই পাঠ্যক্ৰমসমূহ উপলব্ধ হ’ব আৰু আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে কে এল চি ৱেবছাইট বা গুগল ষ্ট’ৰৰ পৰা এপটো ডাউনলোড কৰি ইয়াৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। 
 

 
এপ' আৰু ৱেবছাইটৰ অৱস্থা 
 
কিন্তু যেতিয়া এই প্ৰতিবেদনটিৰ সংবাদদাতাগৰাকীয়ে কেএলচিৰ ৱেবছাইটত গৈ পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ দেখিলে যে, ৱেবছাইটৰ নিৰ্মাণ কাম এতিয়াও চলি আছে। এপ'টো ডাউনলোড কৰাৰ লগে লগে দেখা গ’ল যে, JEE পাঠ্যক্ৰমৰ প্ৰকৃত মাচুল ₹৮০০০, কিন্তু বৰ্তমান ইয়াক ₹২৯৯৯ ত প্ৰদান কৰা হৈছে। একেদৰে জামিয়া-এএমইউৰ প্ৰৱেশ পৰীক্ষা প্ৰস্তুতিৰ প্ৰকৃত মাচুল ₹১৯৯৯, কিন্তু বৰ্তমান ₹৩০০ ত উপলব্ধ। 
 
শিক্ষক কৰ্মচাৰী আৰু প্ৰশিক্ষক মডেল
 
ৱলী ৰহমানীৰ ভিডিঅ' আৰু এপ'ৰ পৰা এইটো স্পষ্ট নহ'ল যে, কে এল চিৰ বাবে কোন কোন শিক্ষকে শিশুসকলক কোচিং প্ৰদান কৰিব, যাৰদ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে আত্মবিশ্বাস লাভ কৰিব পাৰে আৰু এই কোচিং চেণ্টাৰত নামভৰ্তি কৰাৰ বাবে প্ৰেৰণা লাভ কৰিব পাৰে। এপ'টোত কেৱল ৱলী ৰহমানী আৰু আছিফ ইকবালৰ ছবিহে দেখুওৱা হৈছে, যিগৰাকী গণিতৰ শিক্ষকে NEET প্ৰস্তুতিৰ সময়ত গণিতৰ প্ৰশিক্ষণ প্ৰদান কৰিব।   
 
 
ইয়াৰ ফলত এইটো প্ৰশ্ন উত্থাপন হৈছে যে, কে এল চিয়ে সমগ্ৰ দেশৰ ইতিমধ্যে বিখ্যাত কোচিং ইনষ্টিটিউট যেনে খান ছাৰৰ "খান গ্ল'বেল ষ্টাডিজ"ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিবনে? খান ছাৰৰ কোচিং চেণ্টাৰ দেশ-বিদেশত সুলভ মূল্যৰ কোচিং প্ৰদানৰ বাবে পৰিচিত, য’ত এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰী অনলাইন আৰু অফলাইন সংযোগী আৰু ১৮৫ ধৰণৰ পাঠ্যক্ৰম উপলব্ধ আছে।         

খান গ্ল'বেল ষ্টাডিজৰ প্ৰতিযোগিতা  
 
খান গ্ল’বেল ষ্টাডিজে UPSC প্ৰিলিমিনাৰী আৰু মেইনছৰ অফলাইন প্ৰস্তুতিৰ বাবে বাৰ্ষিক ₹৭৯,৫০০  মাচুল লয়। একেদৰে, অন্যান্য অফলাইন পাঠ্যক্ৰম বাদ দিলে বাকী পাঠ্যক্ৰমসমূহৰ প্ৰশিক্ষণৰ বাবে নামমাত্ৰহে মাচুল আদায় লোৱা হয়। উদাহৰণস্বৰূপে আৰ আৰ বি, এ এল পি, টেক আদিৰ অনলাইন কোচিঙৰ বাবে ₹১৯৯ মাচুল আৰু UPSC আৰ অ’, এ আৰ অ’ৰ কোচিঙৰ বাবে ₹৪৯৯ মাচুল আদায় লোৱা হয়। 
 
 
এনে পৰিস্থিতিত ৱলী ৰহমািনীৰ কে এল চিৰ এই প্ৰতিযোগিতাখনে কিমান সফলতা লাভ কৰিব, সেয়াহে লক্ষণীয় হ’ব। অৱশ্যে, তেওঁলোকৰ ভিডিঅ' আৰু এপ'ৰ পৰা এইটো স্পষ্ট নহয় যে, কেএলচিয়ে অনলাইন কোচিং প্ৰদান কৰিব নে অফলাইন কোচিং প্ৰদান কৰিব। কিন্তু এপ'টোলৈ চাই এনে লাগে যে, ইয়াত মূলতঃ অনলাইন কোচিং প্ৰদান কৰা হ’ব।    

নিম্ন শ্ৰেণীৰ ল'ৰা-ছোৱালীৰ বাবে এইটো এক আশাৰ ৰেঙনি   
 
এই সকলোবোৰ প্ৰশ্ন আৰু অনিশ্চয়তাৰ মাজতো এইটো কথা স্পষ্ট যে, ৱলী ৰহমানীৰ এই প্ৰচেষ্টাই শিক্ষাৰ পৰা বঞ্চিত দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলৰ বাবে এক বৃহৎ আশাৰ বতৰা কঢ়িয়াই আনিছে। যদি কে এল চিয়ে নিজৰ দাবী অনুসৰি সুলভ আৰু মানসম্পন্ন প্ৰশিক্ষণ প্ৰদান কৰে, তেন্তে আৰ্থিক কাৰণত উন্নত শিক্ষাৰ পৰা বঞ্চিত হোৱা সেই শিশুসকলৰ বাবে ই এক সোণালী সুযোগ হিচাপে প্ৰমাণিত হ’ব।