নতুন দিল্লী
উচ্চতম ন্যায়ালয়ে মঙলবাৰে NEET-UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীৰ বিৰুদ্ধে ৰায় দি কয় যে প্ৰশ্নকাকতখনৰ ব্যৱস্থাগতভাৱে ফাদিল হোৱাৰ ইংগিত দিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ নাই। নতুনকৈ NEET-UG নিৰ্দেশ দিলে পৰীক্ষাত হাজিৰ হোৱা ২৪ লাখ ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুৰুতৰ পৰিণতি হ’ব বুলিও আদালতে গুৰুত্ব আৰোপ কৰে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অসৎ কাণ্ডৰ দোহাই দি চলিত বৰ্ষৰ ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ পুনৰ পৰীক্ষাৰ দাবীত আবেদনৰ গোটৰ শুনানি গ্ৰহণ কৰিছিল।
ৰায়দান প্ৰদান কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে আদালতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দাখিল কৰা তথ্য আৰু আই আই টি মাদ্ৰাজৰ প্ৰতিবেদন, য’ত গণ পৰিসৰত কোনো প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি উল্লেখ কৰা হৈছে, ভালদৰে পৰীক্ষা কৰিছিল।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, "এই পৰ্যায়ত পৰীক্ষাৰ ফলাফলত ক্ষতিগ্ৰস্ত হুৱা বা পৰীক্ষাৰ পবিত্ৰতাৰ উলংঘা হুৱা বুলি সিদ্ধান্ত ল’ব পৰাকৈ কোনো সামগ্ৰী নাই।"
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিলে পৰীক্ষাত হাজিৰ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে “গুৰুতৰ পৰিণতি” হ’ব বুলি আদালতে বিবেচনা কৰে।
আদালতৰ মতে, চলিত বৰ্ষৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিলে নামভৰ্তিৰ সময়সূচীত ব্যাঘাত জন্মিব পাৰে, চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰমত প্ৰভাৱ পৰিব পাৰে, ভৱিষ্যতে যোগ্য চিকিৎসা পেছাদাৰীৰ উপলব্ধতাত প্ৰভাৱ পৰিব পাৰে আৰু যিসকল পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে আসন আবণ্টন আৰু সংৰক্ষণ কৰা হৈছিল তেওঁলোকৰ বাবে অসুবিধাজনক হ’ব পাৰে।
হাজৰিবাগ আৰু পাটনাত প্ৰশ্নকাকত ফাদিল হোৱাক লৈ কোনো বিতৰ্ক নাই বুলিও আদালতে উল্লেখ কৰে। বিচাৰপীঠখনে আৰু প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চিবিআইৰ প্ৰতিবেদনৰ উদ্ধৃতি দি উল্লেখ কৰে যে এই কেন্দ্ৰসমূহৰ ১৫৫ গৰাকী ছাত্ৰ-ছাত্ৰী উক্ত প্ৰশ্নকাকত ফাদিলৰ প্ৰত্যক্ষ হিতাধিকাৰী।
"যিহেতু চিবিআইৰ তদন্ত চূড়ান্ত হোৱা নাই, সেয়েহে এই আদালতে পূৰ্বৰ আদেশত কেন্দ্ৰীয় চৰকাৰক ৫৭১খন চহৰৰ ৪,৭৫০টা কেন্দ্ৰৰ ফলাফলৰ পৰা অস্বাভাৱিকতা বা অন্যথা সম্পৰ্কীয় কিছুমান ধাৰা উলিয়াব পৰা যাব নেকি সেই কথা ইংগিত দিবলৈ বাধ্য কৰাইছিল। চৰকাৰে এই বিশ্লেষণ প্ৰস্তুত কৰিছে। আই আই টি মাদ্ৰাজে তথ্য বিশ্লেষণৰ ভিত্তিত নিজৰ স্থিতি সূচাইছে।" - মুখ্য ন্যায়াধীশগৰাকীয়ে কয়।
আদালতে স্পষ্ট কৰি দিয়ে যে যদিহে চিবিআইৰ তদন্তত প্ৰশ্নকাকত ফাদিলৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
NEET প্ৰশ্নকাকতত এটা প্ৰশ্নৰ দুটা শুদ্ধ বিকল্প উত্তৰৰ বিষয়ত মুখ্য ন্যায়াধীশে আই আই টি দিল্লীৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বিকল্প ৪ শুদ্ধ বুলি কয়। সংশোধিত বিকল্পৰ ভিত্তিত NTAক ফলাফল সংশোধন কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশে।
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে যদি আবেদনকাৰীসকলৰ এই ৰায়দানৰ বিৰুদ্ধে কিবা অভিযোগ আছে তেন্তে তেওঁলোকে আইন অনুসৰি নিজৰ অধিকাৰ আৰু প্ৰতিকাৰৰ পথত আগবঢ়াব পাৰে।
সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই চৰকাৰে কয় যে সত্যই প্ৰাধান্য লাভ কৰিছে।
"আমি আৰম্ভণিৰে পৰা এই কথা কৈ আহিছো যে আমাৰ অগ্ৰাধিকাৰ এই দেশৰ ছাত্ৰ-ছাত্ৰী। চৰকাৰৰ অগ্ৰাধিকাৰ সদায় এইটোৱেই আছিল যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত কোনো ধৰণৰ আপোচ হ'ব নালাগে... যোৱা ২-২.৫ মাহৰ পৰা চৰকাৰৰ স্থিতি হৈছে যে কোনো বৃহৎ উলংঘন হোৱা নাই। আজি উচ্চতম ন্যায়ালয়ে সেই কথা সমৰ্থন কৰিছে," বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়।