ৰাষ্ট্ৰপতি মুৰ্মুৱে জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচেষ্টাৰ শলাগ লয়

Story by  atv | Posted by  [email protected] • 19 d ago
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনী
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনী
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

দেশত অতি উৎসাহ-উদ্দীপনাৰে অলপতে ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উদযাপন কৰা হয়। এই উপলক্ষে জামিয়া মিলিয়া ইছলামিয়াৰ অন্তৰ্গত জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হয় কেইবাটাও কাৰ্যসূচী। চন্দ্ৰপৃষ্ঠত ভাৰতৰ ‘বিক্ৰম’ লেণ্ডাৰৰ সফল অৱতৰণ উদযাপনৰ এই দিৱসটো ২০২৩ চনৰ ২৩ আগষ্টৰ পৰা পালন কৰা হৈছে।
 
বিজ্ঞানী আৰু অভিযন্তাসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে ভাৰত মণ্ডপামত আয়োজন কৰা মূল অনুষ্ঠানৰ এইবাৰৰ বিষয়বস্তু আছিল “চন্দ্ৰ স্পৰ্শ কৰি জীৱনক স্পৰ্শ কৰাঃ ভাৰতৰ মহাকাশ কাহিনী।”
 
অনুষ্ঠানৰ অংশ হিচাপে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ইছৰো ৰবটিক্স চেলেঞ্জৰ আয়োজন কৰা হয়। চন্দ্ৰযান-৩, মংগল অভিযান আৰু সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ আধাৰত প্ৰশংসনীয় আৰ্হি নিৰ্মাণ কৰি জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
তেওঁলোকে ভাৰতৰ মহাকাশ সাফল্যৰ সন্মানাৰ্থে এটা স্ব-ৰচিত কবিতা পাঠ কৰাৰ লগতে মংগল গ্ৰহত জীৱনক চিত্ৰিত কৰা এখন বিশেষ চিত্ৰও উপস্থাপন কৰে।
 
শিক্ষা প্ৰতিষ্ঠানখনৰ টি জি টি বিজ্ঞান আৰু গণিত শিক্ষকৰ সহযোগত আৰু বিদ্যালয়ৰ অধ্যক্ষ অঞ্জুম ইকবালৰ মাৰ্গ-নিৰ্দেশনাত ছাত্ৰ-ছাত্ৰীসকলে আৰ্হি প্ৰস্তুত কৰিবলৈ প্ৰায় এসপ্তাহ ধৰি অধ্যৱসায়েৰে কাম কৰে। ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানত জামিয়া বালিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তিনিগৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।
 
এই উপলক্ষে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে মহাকাশ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু ইছৰোৰ অধ্যক্ষ এছ সোমনাথ উপস্থিত আছিল। কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰপতিয়ে নিষ্ঠাবান বিজ্ঞানীসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ বাবে প্ৰশংসা কৰে। ‘ইছৰো ৰবটিক্স চেলেঞ্জ’ আৰু ‘ইণ্ডিয়ান স্পেচ হেকাথন’ৰ বিজয়ীসকলকো তেওঁ পুৰস্কৃত কৰে।
 
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়, জল শক্তি মন্ত্ৰালয় আদি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে স্থাপন কৰা বিভিন্ন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ এক অনন্য সুযোগ লাভ কৰে ছাত্ৰ-ছাত্ৰীসকলে। বিভিন্ন মডেলৰ আকৰ্ষণীয় প্ৰদৰ্শনে ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ প্ৰযুক্তিৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰা হয়।