মুম্বাই
মাংকিপক্সক লৈ উদ্বেগ প্ৰকাশৰ মাজতে কংগ্ৰেছ নেতা পৃথ্বীৰাজ চভনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেলৈ পত্ৰ প্ৰেৰণ কৰি দেশৰ যাত্ৰীসকলৰ বাবে মুম্বাই বিমানবন্দৰত কঠোৰ পৰীক্ষা আৰু কোৱাৰেণ্টাইন প্ৰট’কলৰ দাবী জনাইছে।
বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু এতিয়া পাকিস্তানত এই ভাইৰাছ পোৱা গৈছে বুলি শনিবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চভনে কয় আৰু ভাৰতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰক সক্ৰিয় পদক্ষেপ ল’বলৈ আহ্বান জনায়।
কংগ্ৰেছ নেতাগৰাকীয়ে এক্সত কয় যে, "এই ভাইৰাছ আমাৰ চুবুৰীত উপস্থিত হৈছে। সেয়েহে আমি সাৱধানতা অৱলম্বনৰ বাবে কাম কৰিব লাগিব। মই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছো যে উচ্চ বিপদজনক এই ভাইৰাছৰ বাবে দেশলৈ অহা সকলো যাত্ৰীৰ বাবে মুম্বাই বিমানবন্দৰত কঠোৰ পৰীক্ষা আৰু কোৱাৰেণ্টাইন প্ৰট'কল ৰূপায়ণ কৰক। যিকোনো পলম হ’লে ভয়াৱহ পৰিণতি হ’ব পাৰে বাবে সময়মতে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।"
কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে শনিবাৰে কয় যে, ভাৰতত এই ৰোগৰ সংক্রমণ প্রতিৰোধ আৰু নিয়ন্ত্রণৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হ’ব যদিও ভাৰতত মাংকিপক্সত আক্ৰান্তৰ কোনো তথ্য পোৱা নাই৷
যদিও অনাগত সপ্তাহত কোনো ৰোগী ধৰা পৰাৰ সম্ভাৱনা নুই কৰিব পৰা নাযায়, তথাপিও ভাৰতৰ বাবে বৰ্তমান সময়ত স্থায়ী সংক্ৰমণৰ সৈতে বৃহৎ প্ৰাদুৰ্ভাৱৰ আশংকা কম বুলিও উল্লেখ কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত উল্লেখ কৰা হৈছে যে, মাংকিপক্স সংক্ৰমণ সাধাৰণতে ২-৪ সপ্তাহৰ ভিতৰত আত্মসীমিত হয় আৰু সাধাৰণতে সহায়ক ব্যৱস্থাপনাৰে ৰোগীসকল সুস্থ হৈ উঠে।
ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই ২০২২ চনৰ জুলাই মাহত মাংকিপক্সক আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল আৰু তাৰ পিছত ২০২৩ চনৰ মে' মাহত ইয়াক বাতিল কৰিছিল।
বিশ্বব্যাপী ২০২২ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাত ১১৬ খন দেশৰ পৰা ৯৯,১৭৬ জন আক্ৰান্ত আৰু ২০৮ জন লোকৰ মৃত্যু হৈছে মাংকিপক্সত। ২০২২ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণাৰ পিছৰে পৰা ভাৰতত মুঠ ৩০টা ৰোগী ধৰা পৰিছে আৰু ২০২৪ চনৰ মাৰ্চ মাহত শেষৰজন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে।