আৰিফুল ইছলাম/গুৱাহাটী
ব্যতিক্ৰমী চিন্তাৰ এজন অধ্যয়নশীল আৰু উচ্চশিক্ষিত যুৱক। এই ব্যতিক্ৰমী যুৱকজন হৈছে পশ্চিম অসমৰ নলবাৰী জিলাৰ বাঁহজানীৰ মুগকুছি গাঁৱৰ আইনুল হক (টুটু)। ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ যুৱকজনৰ আদৰ্শ এতিয়া চৰ্চিত হৈছে সচেতন মহল তথা শৈক্ষিক সমাজত। নলবাৰীৰ বাঁহজানীৰ মুগকুছি গাঁৱৰ বাবুল আলী আৰু মীনা বেগমৰ দ্বিতীয় পুত্ৰ আইনুল হকে টিউচন কৰি পোৱা ধনেৰে ঘৰৰ সন্মুখতে এটি পুথিভঁৰাল গঢ়ি তুলিছে। ইয়াৰ লগতে বৃহত্তৰ বাঁহজানী অঞ্চলটোত গ্ৰন্থ অধ্যয়নৰ এক পৰিবেশ গঢ়ি তুলিছে।
শংকৰ-আজান নামেৰে নামাকৰণ কৰি ২০২১ চনৰ ১০ জানুৱাৰীত পুথিভঁৰালটো স্থাপন কৰে। পুথিভঁৰালটোত গাঁৱৰ সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰী সকলক কিতাপ পঢ়াৰ সুবিধা কৰি দিয়াৰ লগতে সপ্তাহটোৰ প্ৰতি দেওবাৰে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক অনুষ্ঠান তথা শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। প্ৰতি দেওবাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক পুথিভঁৰালটোতে আইনুল আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ মইনুল হকে বিনামূলীয়া পাঠদান কৰি আহিছে। সৰ্বমুঠ ৫০-৬০ গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে বিনামূলীয়া পাঠদান কৰে।
শিশুসকলে আইনুলৰ পুথিভঁৰালত অধ্যয়ন কৰিছে
আৱাজ দ্যা ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আইনুল হকে কয়: "আমাৰ ওচৰে পাজৰে পুথিভঁৰাল নাই। আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবেই এই পুথিভঁৰালটো স্থাপন কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকলে এটা পঢ়াৰ পৰিবেশ পাব লাগে আৰু বিভিন্ন ক্ষেত্ৰত বিকাশ হ'ব লাগে। আজিকালি ছাত্ৰ ছাত্ৰী সকলৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমি গৈছে। পুথিভঁৰালটোৱে যাতে ছাত্ৰ ছাত্ৰী সকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে তাৰেই কামনা কৰোঁ।"
উচ্চশিক্ষিত যুৱক আইনুলে নিজৰ সুন্দৰ হাতৰ আখৰেৰে প্ৰায় ৬০ খনৰো অধিক কাব্য গ্ৰন্থ আৰু প্ৰবন্ধ গ্ৰন্থ হাতে লিখি পুথিভঁৰালত ৰাখিছে। তাৰোপৰি তেওঁ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে কেইবাখনো আলোচনী হাতে লিখি প্ৰকাশ কৰিছে। আইনুলে গছৰ পাতৰ সুন্দৰকৈ ছবিও অংকন কৰে। গছৰ পাতৰ বিভিন্ন ছবি অংকন কৰি পুথিভঁৰালটোত ৰাখিছে আইনুলে।
পুথিভঁৰালত স্বাধীনতা দিৱস উদযাপনৰ সময়ত শিশুসকল
পুথিভঁৰালটোৰ নাম সন্দৰ্ভত সোধাত আইনুলে কয়: "মোৰ এই পুথিভঁৰালটোত সকলো ধৰ্মৰে ছাত্ৰ-ছাত্ৰী আহে। পুথিভঁৰালটোৰ ইয়াতকৈ ভাল নাম বেলেগ হ'ব নোৱাৰে। শংকৰ-আজানৰ আদৰ্শৰে সমন্বয়, ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰে থাকিব বিচাৰোঁ। মোৰ এই পুথিভঁৰালটো সমন্বয়ৰ এক প্ৰতীক হওক।"
অসমৰ প্ৰত্যকখন গাঁৱত এনেকুৱা পুথিভঁৰাল ৰাখিব লাগে বুলি আইনুলে কয়। এনেকুৱা পুথিভঁৰাল সাজি সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতা যেনে আকস্মিক বক্তৃতা, কুইজ, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকণ, ৰচনা লিখা, প্ৰবন্ধ, কবিতা, গানৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিলে সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি আইনুলে কয়। এনে কৰিলে যুৱ তথা ভৱিষ্যত প্ৰজন্মৰ কিতাপ পঢ়াৰ প্ৰতি থকা আগ্ৰহ আৰু ভাষা সাহিত্যৰ জ্ঞান যথেষ্ট বৃদ্ধি হ'ব বুলি তেওঁ বিশ্বাস কৰে।
আইনুলে পুথিভঁৰালটো অধিক উন্নত মানৰ কৰিব বিচাৰে যদিও আৰ্থিক অনাটনে হেঙাৰ হৈ থিয় দিছে। মানুহৰ ঘৰত টিউচন কৰি পোৱা সাঁচতীয়া ধনেৰে যুৱকজনে বহু সংখ্যক গ্ৰন্থ কিনি পুথিভঁৰালত ৰাখিছে যদিও পুথি ৰখাৰ বাবে আলমাৰি আৰু ফাৰ্নিচাৰৰ বাৰুকৈয়ে অভাৱ ঘটিছে। এতিয়ালৈ তেওঁ কোনো চৰকাৰী সাহায্য নোপোৱাকৈ সম্পূৰ্ণ ব্যক্তিগত ধনেৰে পুথিভঁৰালটো চলাই আছে।
(ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উপলক্ষে প্ৰতিবেদনটো পুনৰবাৰ প্ৰকাশ কৰা হ'ল)