উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনি বিদ্যালয় শিক্ষা ব'র্ডৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'র্ডে। সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২টাকৈ বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি হ'ব নতুন।   
 
বিদ্যালয় শিক্ষা ব'র্ডে এই সন্দর্ভত জাৰি কৰা নির্দেশনা অনুসৰি ১২টাকৈ বিষয়ৰ থিয়ৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্রশ্ন হ'ব বহু বিকল্পধর্মী অর্থাৎ এম চি কিউভিত্তিক। এই বহু বিকল্পধর্মী প্রতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। আনহাতে বাকী থকা ৫০ শতাংশ প্রশ্ন হ'ব অতি চুটি, চুটি আৰু দীঘল। 
 
বিদ্যালয় শিক্ষা ব'র্ডে নির্দেশনাত উল্লেখ কৰা অনুসৰি বিজ্ঞান শাখাৰ পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ৰ থিয়ৰীৰ ৭০ নম্বৰৰ ভিতৰত ৩৫ নম্বৰ এম চি কিউ ভিত্তিক আৰু বাকী ৩৫ নম্বৰৰ অতি চুটি, চুটি, দীঘল প্রশ্ন থাকিব। গণিত বিষয়ৰ থিয়ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন এম চি কিউভিত্তিক আৰু বাকী ৫০ নম্বৰৰ প্রশ্ন অতি চুটি, চুটি আৰু দীঘল হ'ব। 
 
কলা শাখাৰ ৰাজনীতি বিজ্ঞান আৰু অর্থনীতিৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন এম চি কিউভিত্তিক আৰু বাকী ৪০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। একেদৰে শিক্ষা, তর্ক আৰু দর্শন শাস্ত্র, বুৰঞ্জী বিষয়ৰ থিয়ৰীৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰৰ প্ৰশ্ন এম চি কিউভিত্তিক আৰু বাকী ৫০ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। 
 
বাণিজ্য শাখাৰ ব্যৱসায়িক অধ্যয়ন, একাউনটেন্সি, ফাইনেন্স বিষয়ৰ থিয়ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰৰ প্ৰশ্ন এম চি কিউভিত্তিক আৰু বাকী ৪০ শতাংশ নম্বৰৰ প্ৰশ্ন অতি চুটি, চুটি আৰু দীঘল থাকিব। বহু বিকল্পধর্মী প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে অ' এম আৰ শ্বিট প্রদান কৰা হ'ব বুলি বিদ্যালয় শিক্ষা বার্ডে নির্দেশনাত উল্লেখ কৰিছে।