গুৱাহাটী
উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্রদেশ আৰু মণিপুৰকে ধৰি কেইবাখনো ৰাজ্যত নতুনকৈ ২৮ খন নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। পূর্বে এই আঁচনিৰ বাহিৰত থকা জিলাসমূহক এইবাৰ সামৰি লোৱা হ'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই সন্দর্ভত যাৱতীয় অনুমোদন দিছে।
কেৱল নবোদয় বিদ্যালয়েই নহয়, দেশত নতুনকৈ স্থাপন কৰা হ'ব ৮৬ খন কেন্দ্রীয় বিদ্যালয়। সেই অনুসৰি অসমত ছখন নবোদয় বিদ্যালয় আৰু এখন কেন্দ্রীয় বিদ্যালয় স্থাপন কৰা হ'ব। গ্রাম্য অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে গুণগত তথা মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ বিদ্যালয়সমূহ স্থাপন কৰিবলৈ লৈছে। অসমৰ শোণিতপুৰ, চৰাইদেউ, হোজাই, মাজুলী, পশ্চিম কর্বি আংলং আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত স্থাপন হ'ব নৱোদয় বিদ্যালয়।
আনহাতে অৰুণাচল প্রদেশত আঠখন, মণিপুৰত তিনিখন, কর্ণাটকত এখন, মহাৰাষ্ট্ৰত এখন, তেলেংগানাত সাতখন আৰু পশ্চিমবংগত দুখন নরোদয় বিদ্যালয় স্থাপনত অনুমোদন দিয়া হৈছে। প্রতিখন বিদ্যালয় আবাসিক হোৱাৰ লগতে শিক্ষার্থীৰ সংখ্যা ৫৬০ হ'ব। প্রায় ২,৩৫৯.৮২ কোটি টকা ব্যয়েৰে স্থাপন হ'বলগীয়া এই ২৮ খন নতুন বিদ্যালয়ৰ জৰিয়তে ১৫,৬৮০ গৰাকী শিক্ষার্থী উপকৃত হ'ব।
প্রতিখন বিদ্যালয়তে ৪৭ গৰাকী কৰ্মচাৰীৰ প্ৰয়োজন হ'ব আৰু সেই অনুসৰি মুঠ ১,৩১৬ টা স্থায়ী কর্মসংস্থাপনৰ সৃষ্টি হ'ব। আনহাতে অসমৰ এখনৰ লগতে উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত এখন আৰু ত্রিপুৰাত দুখন কেন্দ্রীয় বিদ্যালয় স্থাপনত অনুমোদন দিয়া হৈছে। দেশৰ ১৯ খন ৰাজ্যত মুঠ ৮৬ খন কেন্দ্রীয় বিদ্যালয় স্থাপন হ'ব।