১০০ৰো অধিক উৰ্দু শিক্ষক আৰু অধ্যাপক জন্ম দিয়া ৰাজস্থানৰ এখন গাঁওৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 12 d ago
উৰ্দু শিক্ষক গংগাধৰ মীনাই টংক জিলাৰ ছিদ্ৰাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাৰ এক দৃশ্য
উৰ্দু শিক্ষক গংগাধৰ মীনাই টংক জিলাৰ ছিদ্ৰাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাৰ এক দৃশ্য
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ৰাজস্থানৰ মীনাছৰ এখন গাঁৱে চৰকাৰী চাকৰিৰ এক অসম্ভৱ কিন্তু ফলপ্ৰসূ পথ আৱিষ্কাৰ কৰিছে। তাকো উৰ্দু ভাষাৰ জৰিয়তে। টংক জিলাৰ এই গাঁওখনৰ প্ৰায় প্ৰতিজন যুৱকে উৰ্দু শিকিবলৈ আৰু চৰকাৰী শিক্ষক হ’বলৈ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে।
 
২০২২ চনত এই গাঁওখনত উৰ্দু চৰ্চাই নতুন গতি লাভ কৰিছিল, যেতিয়া ২০ বছৰীয়া কল্পনা মীনাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উৰ্দু ভাষাত ১০০ৰ ভিতৰত নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল। কিন্তু এইটো কেৱল এবাৰৰ সফলতাৰ কাহিনী নহয়। সমগ্ৰ ৰাজস্থানৰ ১০০ৰো অধিক উৰ্দু শিক্ষক আৰু অধ্যাপক হৈছে জয়পুৰৰ পৰা ৮৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছিদ্ৰা অঞ্চলৰ। এইদৰে প্ৰতি বছৰে ইমান সংখ্যক উৰ্দু শিক্ষকৰ জন্ম দি অঞ্চলটো উৰ্দু ভাষাৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে।
 
ছিদ্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখ্যদ্বাৰ
 
যিকোনো দিনতে গাঁৱৰ মানুহে ইজনে সিজনৰ সৈতে উৰ্দু ভাষাত কথা পতা বা নিজৰ শব্দভাণ্ডাৰৰ অভ্যাস কৰা দেখা যায়। শিশুৱে গছৰ তলত বা বাইলেনত বহি উৰ্দুৰ পাঠ্যপুথিৰ খোৱাব (সপোন), চুকুন (শান্তি), ৰেহমত (আশীৰ্বাদ) আদি শব্দ উচ্চাৰণ কৰে। কিন্তু গাঁৱৰ চাইনবৰ্ডবোৰ এতিয়াও হিন্দীতে আছে। ব্লেকবৰ্ড আৰু কিতাপৰ মাজতে উৰ্দু লিপি সীমাবদ্ধ হৈ আছে। গাঁওখনে উৰ্দু ভাষাক কেৱল এক ভাষা হিচাপে গ্ৰহণ কৰা নাই, ইয়াক আগবাঢ়ি যোৱাৰ সুযোগ হিচাপে গণ্য কৰিছে। তেওঁলোকে ইংৰাজী ভাষাতকৈও উৰ্দুক অধিক প্ৰাধান্য দিয়ে।
 
এটা সময়ত জনজাতীয় শ্ৰেণীৰ (ST-Category) উৰ্দু শিক্ষকৰ বাবে সংৰক্ষিত বহু চৰকাৰী পদ পূৰণ নোহোৱাকৈ ৰৈ গৈছিল, কাৰণ এই পদৰ বাবে পৰ্যাপ্ত যোগ্য প্ৰাৰ্থী নাছিল। এতিয়া ৬ হাজাৰৰো অধিক লোকৰ গাঁও ছিদ্ৰাই এই ব্যৱধান দূৰ কৰি ইয়াক এক সুযোগলৈ ৰূপান্তৰিত কৰিছে। এই সফলতাৰ ফলত ছিদ্ৰা অঞ্চলটোৱে “উৰ্দু গাঁও”ৰ উপনাম লাভ কৰিছে আৰু ওচৰৰ গাঁওসমূহক তেওঁলোকৰ বিদ্যালয়তো উৰ্দু ভাষাৰ প্ৰচলন কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
 
এইবোৰ এটা নিশাৰ ভিতৰতে হোৱা ঘটনা নহয়৷ এই পৰ্যায়ত উপনীত হ’বলৈ আৰু কল্পনাৰ দৰে ৰাজ্যৰ ভিতৰতে ১০০ নম্বৰ লাভ কৰা প্ৰথমগৰাকী ছাত্ৰীৰ সৃষ্টি কৰিবলৈ ছিদ্ৰা অঞ্চলটোৰ বাসিন্দাসকলৰ বহু বছৰৰ অধ্যৱসায় জড়িত হৈ আছে। “আমাৰ গাঁৱলৈ উৰ্দু আহিছিল বৰদান হিচাপে। সমগ্ৰ গাঁওখন খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও উৰ্দুই আমাৰ চৰকাৰী চাকৰিৰ সপোন পূৰণ কৰিলে। মই কেতিয়াও  পঢ়া-শুনা কৰা নাই যদিও নৱ প্ৰজন্মই উৰ্দু পঢ়া-শুনা কৰি চাকৰি লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে।"- ছিদ্ৰাৰ সৰপঞ্চ ৭০ বছৰীয়া ৰামছাই মীনাই এইদৰে কয়। 
 
ছিদ্ৰাৰ সৰপঞ্চ ৭০ বছৰীয়া ৰামছাই মীনা
 
বৰ্তমান উৰ্দু ভাষাত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা কল্পনাই ছিদ্ৰাৰ বহু শিক্ষাবিদৰ দৰে এগৰাকী শিক্ষক হোৱাৰ সপোন দেখিছে। কল্পনাৰ পিতৃ ৰামপুল মীনাই গাঁওৰ উৰ্দু শিক্ষকসকলৰ সাফল্য দেখি নিজৰ কন্যাকো উৰ্দু শিক্ষাত আগুৱাই নিছিল। ই তেওঁলোকৰ বাবে চাকৰি লাভৰ এক নিশ্চিত উপায় হৈ পৰিছে৷  উল্লেখ্য যে, গাঁৱখনৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উৰ্দু শিকিবলৈ আৰম্ভ কৰে। ব্লেকবৰ্ডবোৰ জটিল উৰ্দু লিপিৰে ভৰি আছে, আনহাতে পাঠ্যপুথি আৰু ৱৰ্কশ্বীটত ফিৰাক গোৰখপুৰী, মিৰ্জা গালিব, মিৰ তাকি মিৰৰ দৰে মহান কবিৰ পদ্য সন্নিবিষ্ট কৰা হৈছে।
 
শিশুসকলে ইজনে সিজনৰ আগত নিজৰ উৰ্দু হাতৰ আখৰৰ দক্ষতা গৌৰৱেৰে প্ৰদৰ্শন কৰে। দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উৰ্দু হৈছে দিনটোৰ শ্ৰেণীকোঠাৰ প্ৰথম বিষয়। “মই কিছুদিন ধৰি উৰ্দু পঢ়া-শুনা কৰি আছো। অলপ নতুন যেন লাগিছে যদিও মই উপভোগ কৰি আছো।" -ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভয় মীনাই কয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক উৰ্দু পঢ়া-শুনা শিকোৱা হয়। ৩৮টা আখৰৰ লগতে মৌলিক বিশেষ্য আৰু ক্ৰিয়াৰ বিষয়ে তেওঁলোকক শিক্ষা দিয়া হয়। নৱম শ্ৰেণীত তেওঁলোকক উপন্যাস আৰু চুটিগল্পৰ লগতে গজল, কাচিদা, মাৰ্চিয়া আদি কবিতাৰ সৈতে পৰিচয় কৰাই দিয়া হয়।
 
আজি ছিদ্ৰাৰ বিদ্যালয়ৰ ৪৬০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩০০ জন ছাত্ৰ-ছাত্ৰীয়ে উৰ্দু অধ্যয়ন কৰি আছে। ইয়াৰে ১৬০ জনে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে, আৰু ৯২ জনে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা উৰ্দু অধ্যয়ন কৰে। বৰ্তমান উৰ্দুৰ শ্ৰেণী চম্ভালে দুজন শিক্ষক ক্ৰমে প্ৰবক্তা গংগাধৰ মীনা আৰু উচ্চ প্ৰাথমিক শিক্ষক সোপাল চৌধুৰীয়ে। কিন্তু উৰ্দুৰ লগত ছিদ্ৰাৰ প্ৰেমৰ সম্পৰ্ক ঘৰৰ পৰাই আৰম্ভ হোৱা নাছিল। নব্বৈৰ দশকত গাঁৱৰ বিদ্যালয়খনত কেৱল অষ্টম শ্ৰেণীলৈকেহে পাঠদান কৰা হৈছিল, গতিকে ল’ৰা-ছোৱালীয়ে ১০ কিলোমিটাৰ যাত্ৰা কৰি টংক জিলাৰ নেৱাইলৈ গৈছিল। তাতেই চৰকাৰী জ্যেষ্ঠ মাধ্যমিক বালক বিদ্যালয়ত, ১৯৯৪ চনত উৰ্দু ভাষাক তৃতীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়।
 

ব্লেকবৰ্ডত পৰিপাটিকৈ উৰ্দু লিখিছে এগৰাকী ছাত্ৰীয়ে
 
নবাবৰ দ্বাৰা শাসিত পূৰ্বৰ ৰাজকীয় ৰাষ্ট্ৰ হিচাপে টংক দীৰ্ঘদিন ধৰি উৰ্দু সাহিত্য আৰু কবিতাত ডুব গৈ আছে। সেয়ে ইয়াক “ৰাজস্থানৰ লক্ষ্ণৌ” বুলি কোৱা হয়। ইয়াৰ উপৰিও ইয়াত মৌলানা আবুল কালাম আজাদ আৰবী পাৰ্চী গৱেষণা প্ৰতিষ্ঠান আছে, যিটো পুথিভঁৰাল আৰু সংগ্ৰহালয়ত বিশ্বৰ সৰ্ববৃহৎ কোৰানৰ কপিৰ লগতে বিৰল উৰ্দু পাণ্ডুলিপিও আছে। নেৱাইৰ স্কুলৰ পাঠ্যক্ৰমত উৰ্দু ভাষাৰ প্ৰৱৰ্তন কৰাটো অৱশ্যে সহজ নাছিল। এই প্ৰচেষ্টাৰ নেতৃত্বত আছিল শিক্ষয়িত্ৰী শ্বাহানা মাদানী। তেওঁ উৰ্দু শিকোৱাৰ বাবে নিযুক্তি লাভ কৰিছিল যদিও ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ প্ৰতিৰোধৰ বাবে দুবছৰ ধৰি ইতিহাসৰ পাঠ গ্ৰহণ কৰিছিল। এতিয়া অৱসৰপ্ৰাপ্ত মাদানীয়ে কয়, “স্কুলৰ অধ্যক্ষইও উৰ্দু ভাষা পঢ়োৱাটো নিবিচাৰিছিল।
 
লগতে একাংশ হিন্দু ছাত্ৰ-ছাত্ৰীয়েও সুধিছিল, “উৰ্দু শিকাই আমাক মুছলমান বনাব বিচাৰিছে নেকি?”। তেতিয়া শিক্ষয়িত্ৰী শ্বাহানা মাদানীয়ে তেওঁলোকক কৈছিল,  ‘ইংৰাজী শিকিলেই তোমালোক ব্ৰিটিছ হৈ যাব নেকি? এইদৰে বিভিন্ন প্ৰত্যাহ্বানৰ পিছতো অৱশেষত উৰ্দু ভাষাই পাঠ্যক্ৰমত স্থান পালে আৰু শ্বাহানা মাদানীয়ে উৰ্দু শিকোৱাৰ দায়িত্ব লয়। উৰ্দু অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী চাকৰি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহৰ মনোভাৱ সলনি হৈছিল বুলি কয় কৃষ্ণ গোপাল মীনাই (৪০)। তেওঁ হৈছে ছিদ্ৰাৰ পৰা উৰ্দু অধ্যয়ন কৰা প্ৰথম ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত অন্যতম। এতিয়া কৃষ্ণ গোপাল মীনাই টংকৰ চৰকাৰী পিজি কলেজৰ উৰ্দু ভাষাৰ এগৰাকী সহকাৰী অধ্যাপক। 
 
‘ৰাজস্থানত উৰ্দু শিক্ষকৰ বাবে এছ টি কেটেগৰীৰ আসনবোৰ আগতে খালী হৈ আছিল। কিন্তু যেতিয়া গাঁৱৰ মানুহে চাকৰিৰ সুযোগ লাভ কৰিলে, তেতিয়া উৰ্দুৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰিলে।’-তেওঁ এইদৰে কয়। ২০১৩ চনত নিজাকৈ উৰ্দু পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হৈ ছিদ্ৰাৰ বিদ্যালয় পৰিচালনা সমিতিয়ে উৰ্দু ভাষাক তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে। এই প্ৰচেষ্টাৰ আঁৰত সমগ্ৰ গাঁওখনে একত্ৰিত হ’ল। তিনি বছৰ ধৰি যেতিয়া বিদ্যালয়খনত নিৰ্দিষ্ট শিক্ষক নাছিল, তেতিয়া স্থানীয় স্নাতকসকলে ক্লাছ ল’বলৈ আগবাঢ়ি আহিছিল।
 
ৰাজস্থানৰ টংক জিলাৰ ছিদ্ৰা গাঁৱৰ এখন বিদ্যালয়
 
প্ৰথমগৰাকী ‘অফিচিয়েল’ উৰ্দু শিক্ষয়িত্ৰী আছমা বানোৱে ২০১৬ চনত যোগদান কৰিছিল আৰু ২০২২ চনত বদলি হোৱালৈকে ছবছৰ ধৰি তেওঁ ইয়াত অধ্যাপনা কৰিছিল। প্ৰথম অৱস্থাত উৰ্দু ভাষাৰ শিক্ষা কেৱল একাদশ আৰু দ্বাদশ শ্ৰেণীলৈহে দিয়া হৈছিল যদিও ২০২০ চনত ইয়াক সম্প্ৰসাৰিত কৰি ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ বীৰবল মীনাই কয়, ‘উৰ্দুৰ প্ৰতি ইমান মৰম আগতে কেতিয়াও দেখা নাই। “ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃয়েও আমাৰ ওচৰলৈ আহি আমাক উৰ্দু শিকাবলৈ কয়।”
 
মন কৰিবলগীয়া যে, ছিদ্ৰাত উৰ্দুৰ উত্থান চলাই থকা সকলোবোৰে হৈছে ছোৱালী৷ অধ্যক্ষ মীনাই কয় যে উৰ্দু শিকি থকা প্ৰায় ৬০ শতাংশ শিক্ষাৰ্থীয়ে হৈছে ছোৱালী। ইয়াৰ পূৰ্বে দশম শ্ৰেণীৰ পিছত বেছিভাগ ছোৱালীয়ে শিক্ষা বন্ধ কৰি দিছিল। কিন্তু এতিয়া উৰ্দুই এটা নিশ্চিত কেৰিয়াৰ পথৰ সন্ধান দেখুওৱাৰ ফলত বহু অভিভাৱকে নিজৰ ছোৱালীক পঢ়া-শুনা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছে। ২০২২ চনত ৰাজস্থান চৰকাৰে বিভিন্ন বিষয়ত ৮০০ শিক্ষক নিযুক্তি দিছিল, আৰু ইয়াৰে ৪০ জন আছিল ছিদ্ৰাৰ।
 
এই ৪০ জনৰ বেছিভাগেই উৰ্দু ভাষাত শিক্ষিত। যোৱা এটা দশকত প্ৰতি বছৰে গাওঁখনৰ এটা প্ৰজন্মই এইদৰে চৰকাৰী চাকৰি লাভ কৰি আহিছে। উদাহৰণস্বৰূপে ২০১৩ চনত উৰ্দু শিক্ষকৰ বাবে ২৬টা এছ টি পদৰ ভিতৰত ১১টা পদ পূৰণ কৰিছিল ছিদ্ৰাৰ যুৱকে। ২০১৬-১৭ চনত সমগ্ৰ ৰাজ্যৰ ভিতৰত এজন উৰ্দু অধ্যাপকৰ একমাত্ৰ এছ টি সংৰক্ষিত পদটো ছিদ্ৰাৰ এজন ছাত্ৰৰ হাতলৈ গৈছিল।
 
ঝালাৱাৰ জিলাৰ শিক্ষক উৰ্দু কমল মীনা
 
অধ্যাপক কৃষ্ণ গোপাল মীনাই দাবী কৰে যে ৰাজস্থানৰ ২৫০ জনতকৈ অধিক উৰ্দু শিক্ষক হিন্দু সম্প্ৰদায়ৰ হয়। কেৱল ছিদ্ৰাৰ পৰাই দুজন অধ্যাপক, ১৪ জন বিদ্যালয়ৰ প্ৰবক্তা, ৩০ জন জ্যেষ্ঠ শিক্ষ আৰু ৬০ জনতকৈ অধিক উচ্চ প্ৰাথমিক শিক্ষকৰ লগতে কেইজনমান মাদ্ৰাছা শিক্ষক আছে। ছিদ্ৰাৰ দুডজনৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান বি.এড কৰি পৰৱৰ্তী ৰাউণ্ডৰ শিক্ষক নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে। তাৰ ভিতৰত আছে কমলেশ মীনা, যিয়ে যোৱা বছৰ টংকৰ পৰা বি এ সম্পূৰ্ণ কৰি এতিয়া শিক্ষকতাৰ অৰ্হতা অৰ্জনৰ দিশত অধ্যয়ন কৰি আছে। 
 
অৱশ্যে সমগ্ৰ ৰাজস্থানত উৰ্দু শিক্ষকৰ পদ বছৰ বছৰ ধৰি খালী হৈ আছে। স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি উৰ্দু শিক্ষক সংঘলৈকে সকলোৱে এই পদসমূহ পূৰণৰ বাবে বাৰে বাৰে আহ্বান জনোৱা হৈছে। ২০২২ চনত কংগ্ৰেছৰ বিধায়ক আমিন কাগজী আৰু ৱাজিদ আলীয়ে আনকি নিজৰ চৰকাৰক প্ৰত্যাহ্বান জনাই তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ পত্ৰ লিখি উৰ্দু শিক্ষকৰ বাবে ২০০০ পদ খালী হৈ থকাৰ সময়ত কিয় মাত্ৰ ৩০৯টা পদহে মঞ্জুৰ কৰা হ’ল বুলি প্ৰশ্ন কৰিছিল। তাৰ পিছৰ পৰা যেন কিছু সলনি হোৱা দেখা গৈছে।
 
বৰ্তমানলৈকে ৬,৯৫৭খন প্ৰাথমিক আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত উৰ্দু ভাষাৰ শিক্ষা প্ৰদান কৰা হৈছে। কিন্তু প্ৰাথমিক পৰ্যায়ত ৭৯টা জ্যেষ্ঠ শিক্ষক পদৰ ভিতৰত মাত্ৰ ৪৯টাহে পূৰণ কৰা হৈছে। কনিষ্ঠ শিক্ষকৰ বাবে অনুমোদিত ৪৪৬টা পদৰ ভিতৰত মাত্ৰ ৩৩০টা পদতহে নিযুক্তি দিয়া হৈছে। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতি।  ৪৫৮টা প্ৰবক্তাৰ পদৰ ভিতৰত ১৪০টা পদ খালী, আনহাতে ১০৮২টা জ্যেষ্ঠ শিক্ষকৰ পদৰ ভিতৰত ৩৬৮টা পদ পূৰণ নোহোৱাকৈয়ে আছে। কনিষ্ঠ শিক্ষকৰ বাবে ১০৩৪টা শিক্ষক পদৰ ভিতৰত ৪৪৯টা পদ এতিয়া খালী হৈ আছে।
 
ছিদ্ৰা বিদ্যালয়ৰ অধ্যক্ষ বীৰবল মীনা তেওঁৰ কাৰ্যালয়ত
 
ইয়াৰ মাজতো ছিদ্ৰা গাঁওৰ উৰ্দু আন্দোলনে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিছে আৰু গাঁৱৰ বহু যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিছে। ইয়াত উৰ্দু অধ্যয়ন কৰিবলৈ ১০-১৫ কিলোমিটাৰ দূৰৰ পৰা ছাত্ৰ-ছাত্ৰী আহে বুলি অধ্যক্ষ বীৰবল মীনাই কয়। তেওঁ লগতে কয় যে বিদ্যালয়খনৰ ২০১৯-২০ বৰ্ষৰ দুজন ছাত্ৰই এতিয়া ৰাষ্ট্ৰীয় ৰাজধানীত এম এ ডিগ্ৰী লাভ কৰিছে। ইয়াৰে এজনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু আনজনে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। 
 
(বিশ্ব উৰ্দু দিৱস উপলক্ষে আজি এই প্ৰৱন্ধটি প্ৰকাশ কৰা হৈছে।)