উচ্চ শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ্থীয়ে লাভ কৰিব ₹১০ লাখৰ সুতবিহীন ঋণ

Story by  atv | Posted by  Munni Begum • 14 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
অৰ্থৰ অভাৱত যোগ্যতাসম্পন্ন ছাত্র-ছাত্রীয়ে যাতে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয়, সেই উদ্দেশ্যে আৰম্ভ কৰা প্রধানমন্ত্রী বিদ্যা লক্ষ্মী যোজনাত কেবিনেটে অনুমোদন জনায়। উক্ত আঁচনিৰ অধীনত ৮ লাখ টকা পর্যন্ত বছৰেকীয়া আয়ৰ পৰিয়ালৰ সন্তানে ১০ লাখ টকালৈকে উচ্চ শিক্ষা ঋণ সুতবিহীনভাৱে লাভ কৰিব। সেই আঁচনিৰ জৰিয়তে বছৰি প্রায় ১ লাখ ছাত্র-ছাত্রী উপকৃত হ'ব বুলি উল্লেখ কৰা হৈছে। 
 
এই বৈঠকৰ পিচত সেই ঋণ আঁচনিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে সদৰী কৰা হয়। উল্লেখ্য যে, এই আঁচনিৰ অধীনত কোনো আমানত অবিহনে ঋণ লাভ কৰিব শিক্ষার্থীসকলে। ৭.৫ লাখ টকাপর্যন্ত ঋণৰ ক্ষেত্ৰত ৭৫ শতাংশ ক্রেডিট গেৰাণ্টী প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। ১০ লাখ টকাপর্যন্ত ঋণৰ ওপৰত ৩ শতাংশ সুত কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। ৪.৫ লাখ টকাপর্যন্ত বার্ষিক আয়ৰ পৰিয়ালৰ সন্তানৰ শিক্ষা ঋণৰ বাবেও যথেষ্ট সুবিধা আগবঢ়োৱা হৈছে এই আঁচনিৰ অধীনত। 
 
উল্লেখ্য যে, উক্ত আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২৪-২৫ৰ পৰা ২০৩০-৩১ বৰ্ষৰ সময়ছোৱালৈকে এই আঁচনিৰ বাবদ তিনি হেজাৰ ছশ কোটি টকা আবণ্টন কৰা হৈছে। এইক্ষেত্রত এন আই আৰ এফৰ তালিকাভুক্ত শীর্ষ এশখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্র-ছাত্রী উপকৃত হ'ব। এই ঋণ সম্পর্কীয় সবিশেষ তথ্য-পাতিৰ বাবে চৰকাৰে ৱেবছাইট https://www.vidyalakshmi.co.in মুকলি কৰিছে।