তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক নাদিৰা মোস্তাক ৰহমানলৈ

Story by  atv | Posted by  Munni Begum • 8 d ago
নাদিৰা মোস্তাক ৰহমান
নাদিৰা মোস্তাক ৰহমান
 
গুৱাহাটী 
 
জয়সাগৰৰ আমগুৰি ঘাটৰ নিবাসী তথা বর্তমান যোৰহাটৰ বাসিন্দা ৰিবুল ৰহমান আৰু নাছিমা ৰহমানৰ কন্যা নাদিৰা মোস্তাক ৰহমানে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্বর্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 
 
উক্ত বিশ্ববিদ্যালয়ৰ পৰা নাদিৰাই এল এম এম বিভাগত স্বর্ণ পদক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত যোৰহাটৰ লগতে শিৱসাগৰতো অগণন শুভাকাংশীয়ে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে। 
 
নাদিৰা মোস্তাক ৰহমানৰ এই কৃতিত্বত আমগুৰি ঘাট আৰু আমগুৰি গাঁও যুৱ জামাতে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছে।