গুৱাহাটী
ইউনিভাৰ্চিটী অব্ চায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ (USTM) সপ্তম সংখ্যক দীক্ষান্ত সমাৰোহখনি ভালেসংখ্যক শিক্ষানুষ্ঠানৰ উপাচাৰ্য, শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সফল সামৰণি পৰে। এই সমাৰোহত মুঠতে ১৩৩২ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ১১ গৰাকীক পি এইচ ডি ডিগ্ৰী, ৮২৩ গৰাকী বিদ্যাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী আৰু ৪৯৮ গৰাকী ছাত্র-ছাত্রীক স্নাতক ডিগ্রী প্রদান কৰা হয়।
কাছাৰ কেঞ্চাৰ হাস্পতালৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নানক সন্মানীয় ডক্টৰেট অব্ চায়েন্স (ডি এছচি) প্রদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাইট ষ্টেট বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ আব্দুল রেজক সন্মানীয় ডি এছচি অৰ্পণ কৰা হয় আৰু প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক শ্ৰী প্ৰশান্ত ৰাজগুৰুক সন্মানীয় ডক্টৰেট অব্ লেটাৰ্ছ (ডি লিট) প্ৰদান কৰা হয়। তেওঁলোকে নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা প্ৰভুত বৰঙণিৰ বাবে এই সন্মান প্ৰদান কৰা হয়। এই আড়ম্বৰপূৰ্ণ শৈক্ষিক অনুষ্ঠানটিত অধ্যক্ষতা কৰি ডিগ্ৰীসমূহ প্ৰদান কৰে ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে।
শ্বেহনাজ বেগমে USTM আচাৰ্য মাহবুবুল হকৰ পৰা ড০ এ পি জে আব্দুল কালাম শ্ৰেষ্ঠ পি জি স্বৰ্ণ পদক বিজয়ীৰ প্ৰশংসাপত্ৰ গ্ৰহণ কৰিছে
দীক্ষান্ত সমাৰোহত অন্যান্য অতিথিৰ লগতে ইগনৌ, নতুন দিল্লীৰ উপাচার্য প্ৰফেছাৰ নাগেশ্বৰ ৰাও, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (অৰুণাচল প্রদেশ)ৰ উপাচার্য চাকেট কুশ্বৱাহা, নেহুৰ উপাচার্য, প্ৰফেছাৰ প্ৰভা শংকৰ শুক্লা আৰু আইআইটি, গুৱাহাটীৰ সঞ্চালক ড° টি.জি. সীতাৰমণ, চিআইডিচিৰ সঞ্চালক প্রধান ড° পি আৰ স্বৰূপ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ক গাম্ভীর্যপূণ আৰু সুন্দৰ শৈক্ষিক শোভাযাত্ৰাৰে দীক্ষান্ত সমাৰোহ আৰম্ভ হয় য'ত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক, শৈক্ষিক পৰিষদৰ সদস্যসকল, বোর্ড অব্ গৱৰ্ণৰৰ সদস্যসকল, বিভিন্ন স্কুলৰ ডীনসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু ডিগ্ৰী প্ৰাপকসকলে অংশগ্ৰহণ কৰে। অধ্যক্ষৰ ঘোষণাৰ লগে লগে দীক্ষান্ত সমাৰোহৰ সামৰণি পৰে।