পুৰণি পদ্ধতিৰেই হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা

Story by  atv | Posted by  [email protected] • 1 Months ago
পুৰণি পদ্ধতিৰেই হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা
পুৰণি পদ্ধতিৰেই হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা
 
গুৱাহাটী
 
এ পি এছ চিৰ আৰ্হিত নহয়, এইবাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পৰ্কীয় পৰীক্ষা। পুৰণি পদ্ধতিৰেই হ'ব পৰীক্ষা। যোৱা নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ফেচবুক লাইভযোগে এই কথা সদৰি কৰিছে।
 
মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি পৰীক্ষাৰ ছিলেবাচ দুই-এদিনৰ ভিতৰতে প্ৰকাশ কৰিবলৈ তেওঁ নিযুক্তি আয়োগক নির্দেশ দিছে। যোগ্যজনে চাকৰি পোৱাটোৱেই তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰি এইবাৰ পৰীক্ষা পতাতো ডাঙৰ প্ৰত্যাহ্বান বুলি কয়।
 
কাৰণ কেইবা লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্রীয়ে অহা ৩ অক্টোবৰৰপৰা আৰক্ষী নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব বুলিও জনাইছে।