শিক্ষাসেতু এপত এদিনো উপস্থিতি নিদিয়া ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
শিক্ষামন্ত্ৰী ৰণোজ পেগু
শিক্ষামন্ত্ৰী ৰণোজ পেগু
 
গুৱাহাটী

শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপত শিক্ষকসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক যদিও ৰাজ্যখনৰ বিভিন্ন জিলাৰ মুঠ ৪,৯০৭ গৰাকী শিক্ষকে শিক্ষা সেতু এপত এদিনো উপস্থিতি দিয়া নাই৷ শিক্ষা সেতু এপত শূন্য উপস্থিতি থকা শিক্ষকসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। এই শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰিছে বিদ্যালয় শিক্ষা বিভাগে ৷
 
গৰম বন্ধৰ আগৰ সময়ছোৱাত বৃহৎ সংখ্যক শিক্ষকৰ অনুপস্থিতি পর্যবেক্ষণ কৰি শিক্ষা বিভাগে তেওঁলোকৰ শাৰীৰিক অস্তিত্ব সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ সচিবে শিক্ষকৰ অনুপস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু প্ৰতিবেদন দাখিল নোহোৱা পর্যন্ত তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে৷ 
 
উল্লেখ্য যে, শিক্ষক সমাজে শিক্ষা সেতু এপটোত থকা আসোঁৱাহ আৰু শিক্ষা বিভাগে উপস্থিতিৰ বাবে যোগান ধৰা টেবলেটসমূহ দুৰ্বল হোৱাত উপস্থিতি দিলেও উপস্থিতি নেদেখুওৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ তদুপৰি আসোঁৱাহসমূহ দূৰ নকৰা পৰ্যন্ত শিক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'লে শিক্ষকসকলো কঠোৰ হ'ব বুলি ইতিমধ্যে হুংকাৰ দিছে ৷
 
ইফালে, শিক্ষা বিভাগে শূন্য উপস্থিতি অৰ্থাৎ এপত এদিনো উপস্থিতি নিদিয়া ৪,৯০৭ গৰাকী শিক্ষকৰ শাৰীৰিক অৱস্থিতিত সন্দেহ প্ৰকাশ কৰাৰ লগতে দৰমহা বন্ধৰ ৰখাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ বিভাগীয় এই পদক্ষেপত শিক্ষক আৰু চৰকাৰৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে৷ 
 
শিক্ষা বিভাগে সকলো জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তসকললৈ শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ৩৩ খন জিলাৰ ভিতৰত মুঠ ৪,৯০৭ গৰাকী শিক্ষকৰ অনুপস্থিতি শিক্ষা সেতুত পোৱা গৈছে৷ তেওঁলোক শাৰীৰিকভাৱে আছে নে নাই সেই কথা বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকলৰ সৈতে লগ হৈ পৰীক্ষা কৰি প্ৰতিবেদন দিব লাগে৷ প্ৰতিবেদন দাখিল নোহোৱালৈ তেওঁলোকৰ দৰমহা বন্ধ হৈ থাকিব।