উৎকট গৰমৰ বাবে নগাঁও জিলা আয়ুক্তই সলনি কৰিলে বিদ্যালয়ৰ সময়সূচী

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নগাঁও
 
ক্ৰমান্বয়ে পাৰাস্তম্ভ উৰ্ধমান হ'ব ধৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো উৎকট গৰমত থৰকাছুটি হেৰুৱাইছে সাধাৰণ ৰাইজে। গৰমৰ বাবেই শুকুৰবাৰৰ দিনটোত নগাঁৱৰ দুখনকৈ বিদ্যালয়ত অসুস্থ হৈ পৰিছিল দুগৰাকী ছাত্ৰী। 
 
ইয়াৰ পিছতে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জাৰি কৰিছে নতুন নিৰ্দেশনা। আজিৰ পৰা নগাঁৱৰ সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হোৱাকৈ জিলা দণ্ডাধীশ নৰেন্দ্ৰ শ্বাহে জাৰি কৰিছে নতুন নিৰ্দেশনা।
 
নতুন নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মধ্য ইংৰাজী, হাইস্কুল আৰু হায়াৰচেকেণ্ডৰীৰ পাঠদান পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হ'ব। প্ৰাথমিক শ্ৰেণীৰ পাঠদান পুৱা ১২ বাজি ১৫ মিনিটলৈকে চলিব, এম ই শ্ৰেণীৰ পাঠদান ১২ বাজি ৪৫মিনিটলৈকে চলিব। ইয়াৰ বিপৰীতে উচ্চ মাধ্যমিক আৰু উচ্চত্বৰ মাধ্যমিকৰ পাঠদান দিনৰ ১ বাজি ১৫মিনিটলৈকে চলিব। জিলা দণ্ডাধীশে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব।