গুৱাহাটী
NEET UG ২০২৫ পৰীক্ষাত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। আণ্ডাৰ গ্ৰেজুৱেট মেডিকেল এন্ট্ৰেন্স অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট (NEET UG) পুৰণি আৰ্হিত অনুষ্ঠিত কৰাৰ বাবে পুনৰ প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই। ১৮০ মিনিটৰ ভিতৰত ১৮০টা বাধ্যতামূলক প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰাৰ্থীয়ে। লগতে, কভিড-১৯ৰ সময়ত প্ৰৱৰ্তন কৰা চেকশ্যনসমূহৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প বন্ধ কৰা হৈছে।
NEET UG পৰীক্ষা অহা ৪ মে’, ২০২৫ তাৰিখে ১৩টা আঞ্চলিক ভাষাত দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব। পৰীক্ষাৰ বহু আগতেই অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ্থীসকলৰ বাবে এডমিট কাৰ্ড উপলব্ধ হ’ব। ইয়াৰ লগতে পৰীক্ষাৰ সৈতে জড়িত প্ৰয়োজনীয় নিৰ্দেশনাও জাৰি কৰা হ’ব। ইয়াৰ পূর্বে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই NEET UG পৰীক্ষাত নিকা আৰু স্বচ্ছ পৰীক্ষা প্রক্রিয়া সুনিশ্চিত কৰিবলৈ নিৰাপত্তাৰ প্রট’কল বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে৷
বিগত ১৪ এপ্ৰিলত এন টি এৰ সঞ্চালক প্ৰধান আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকৰ উদ্ধৃতি দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে যে ৰাজ্যৰ একাংশ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত অস্বাভাৱিকভাৱে উচ্চ নম্বৰ পোৱাৰ পিছত অসম আৰক্ষীয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ ফলত আভ্যন্তৰীণ তদন্তৰ সূচনা হয়, যাৰ ফলত কঠোৰ তদন্তৰ আহ্বান জনোৱা হয়।
পৰীক্ষাৰ সময়ত বায়’মেট্ৰিক ভেৰিফিকেচন আৰু চৰকাৰী কণ্ট্ৰ’ল চেণ্টাৰৰ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত আগবঢ়াইছে। নকল আৰু অন্যান্য অসৎ অভ্যাস ৰোধ কৰিবলৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ কাৰ্যকৰী কৰিব লাগে বুলিও তেওঁ কয়। তেওঁ লগতে অসমৰ NEET UG কেন্দ্ৰসমূহ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়সমূহত সীমাবদ্ধ কৰি ৰখাৰ প্ৰস্তাৱ আগবঢ়ায় যাতে অসৎ কাৰ্য্যৰ সম্ভাৱনা কম হয়।
ভাৰতৰ অন্যতম প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও নিৰাপত্তা ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰিছে-
সকলো পৰীক্ষা কেন্দ্ৰত চি চি টি ভিৰ নিৰীক্ষণ বাধ্যতামূলক
প্ৰাৰ্থীক ফ্ৰিস্কিঙৰ বাবে নিৰ্ধাৰিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP)
জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলে পৰীক্ষা স্থানৰ ভৌতিক পৰিদৰ্শন
পৰীক্ষাৰ পূৰ্বে সকলো কেন্দ্ৰ ভালদৰে চাফা কৰা হ’ব
পৰীক্ষাৰ পৰিচালনাৰ নিৰীক্ষণৰ বাবে জ্যেষ্ঠ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা
মুখ্য সচিব, ডি জি পি আৰু এন টি এ ডি জিৰ মাজত অহৰহ সমন্বয়
পৰীক্ষা সম্পৰ্কীয় অসৎ উপায়ৰ প্ৰতি শূন্য সহনশীল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যিকোনো ব্যক্তিয়ে এই প্ৰক্ৰিয়াত হেৰফেৰ কৰিবলৈ চেষ্টা কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।