ইউজিচি-নেট বাতিলৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Story by  atv | Posted by  [email protected] • 5 Months ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী
 
উচচতম ন্যায়ালয়ে সোমবাৰে প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ ভিত্তিত ইউজিচি-নেট ২০২৪ (ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিছন-নেচনেল এলিজিবিলিটি টেষ্ট) পৰীক্ষা বাতিলৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
 
‘পৰীক্ষা বাতিল হোৱাৰ প্ৰায় দুমাহ পাৰ হৈ গ’ল আৰু আগন্তুক কেইদিনমানৰ ভিতৰতে এতিয়া নতুনকৈ পৰীক্ষা অনুষ্ঠিত হ’ব। বিষয়টোৰ এই দৃষ্টিভংগীত বৰ্তমান পৰ্যায়ত সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত বৰ্তমানৰ আবেদনখন গ্ৰহণ কৰিলে অনিশ্চয়তা বৃদ্ধিহে হ’ব আৰু ইয়াৰ ফলত সম্পূৰ্ণ বিশৃংখলতাৰ সৃষ্টি হ’ব।" এইদৰে কয় চিজেআই ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত চলা বিচাৰপীঠে।
 
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰেৰে গঠিত বিচাৰপীঠখনে উল্লেখ কৰে যে ইয়াৰ পূৰ্বেও একেধৰণৰ সকাহ বিচৰা জনস্বাৰ্থৰ মামলা (পি আই এল) উচ্চতম ন্যায়ালয়তে খাৰিজ কৰিছিল।
 
শেহতীয়াকৈ ইউজিচি-নেটৰ আকাংক্ষীৰ এটা দলে দাখিল কৰা আৱেদনত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছিল।
 
অধিবক্তা ৰোহিত কুমাৰৰ জৰিয়তে দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে চিবিআইৰ তদন্তৰ কালছোৱাত শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত কেৱল স্বেচ্ছাচাৰী নহয়, অন্যায়ও।
 
“পৰীক্ষাৰ অযুক্তিকৰ বাতিলৰ ফলত এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে কঠোৰ প্ৰস্তুতি চলোৱা আকাংক্ষীসকলৰ বাবে যথেষ্ট দুখ, উদ্বেগ, সম্পদৰ অপ্ৰয়োজনীয় ব্যয়ৰ সৃষ্টি হৈছে। এই সিদ্ধান্তই অগণন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু পেছাদাৰী পৰিকল্পনাত ব্যাঘাত জন্মাইছে, পৰীক্ষা ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ আস্থা ক্ষুণ্ণ হৈছে।’-আৱেদনকাৰীসকলে তেওঁলোকৰ আবেদনত যুক্তি আগবঢ়ায়।
 
তেওঁলোকে কয় যে ভুৱা প্ৰমাণৰ ভিত্তিত বাতিল কৰাটো ন্যায়ৰ গুৰুতৰ বাবে সংকট আৰু ই ভাৰতৰ সংবিধানত সন্নিৱিষ্ট ন্যায় আৰু সমতাৰ মৌলিক নীতি উলংঘা কৰে।
 
এই আবেদনখনত চলি থকা চিবিআইৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ২০২৪ চনৰ আগষ্ট-ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত পুনৰ পৰীক্ষা স্থগিত ৰখাৰ বাবে তাৎক্ষণিক নিৰ্দেশনাৰ বাবে প্ৰাৰ্থনা কৰা হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ক্ষীপ্ৰ তদন্ত বিচাৰিছে।
 
১৯ জুনত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এদিন পূৰ্বে দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হোৱা ইউজিচি-নেট ২০২৪ বাতিল কৰিছিল।
 
"পৰীক্ষা প্ৰক্ৰিয়াত সৰ্বোচ্চ স্বচ্ছতা আৰু পবিত্ৰতা নিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে ইউজিচি-নেট ২০২৪ বাতিল কৰা হ'ব। এটা নতুন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, যাৰ বাবে তথ্য পৃথকে পৃথকে ভাগ-বতৰা কৰা হ'ব। সমান্তৰালভাৱে বিষয়টো হ'ল।" পুংখানুপুংখ তদন্তৰ বাবে চিবিআইক গতাই দিয়া হৈছে।’-মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ আছে।