গুৱাহাটী
আজিৰ পৰা পুনৰ মুকলি হ'ব শিক্ষক বদলিকৰণ প'ৰ্টেল। এই প'ৰ্টেলৰ জৰিয়তে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলিৰ বাবে শিক্ষকসকলে আবেদন কৰিব পাৰিব। সোমবাৰে গুৱাহাটীৰ কাহিলীপাৰাত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
তেওঁ লগতে কয় যে প্রাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ইছ্যুক শিক্ষয়িত্রীয়ে এই প'র্টেলযোগে বদলিৰ বাবে নিৰ্ধাৰিত নিয়ম অনুসৰি আবেদন কৰিব পাৰিব। একে স্থানত দহ বছৰ শিক্ষকতা কৰা শিক্ষকেহে বদলিৰ বাবে আবেদন কৰিব পাৰিব। দুর্গম অঞ্চলৰ বিদ্যালয়ত শিক্ষকতা কৰা পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষয়িত্রীক অগ্রাধিকাৰ দিয়া হ'ব।
অহা ৩০ এপ্ৰিলৰ ভিতৰত বদলিকৰণৰ বাবে শিক্ষকসকলক আবেদন কৰিবলৈ আহ্বান জনাই শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুবে কয় যে শিক্ষক বদলিকৰণৰ আইনখনতে উল্লেখ কৰা আছে যে বদলিকৰণ প্ৰক্ৰিয়া অকল গৰম বন্ধৰ সময়তহে সম্পূৰ্ণ কৰা হ'ব। দুবছৰ শিক্ষকতা কৰা দিব্যাংগ শিক্ষকসকলেও বদলিৰ বাবে আবেদন কৰিব পাৰিব।
কোনো শিক্ষক বা শিক্ষয়িত্রীয়ে যদি নিজে জটিল ৰোগত আক্রান্ত হৈছে বা সন্তান, পতি বা পত্নীৰ জটিল ৰোগ হৈছে তেওঁলোকেও বদলিকৰণৰ আওতাত পৰিব। পিতৃ-মাতৃ, শাহু বা শহুৰৰ বেমাৰ হ'লে শিক্ষক বা শিক্ষয়িত্রীয়ে আবেদন কৰিব নোৱাৰিব। শিক্ষক বদলিৰ এই প'র্টেলত শিক্ষকসকলে নিজৰ নিজৰ 'প্র'ফাইল' আপলোড কৰিহে বদলিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ'ল বা যিসকলে নতুনকৈ নিযুক্তি পালে তেওঁলোকে নতুনকৈ 'প্র'ফাইল' খুলি আবেদন কৰিব পাৰিব।
ইফালে চৰকাৰী বিদ্যালয়সমূহত সময়মতে অগ্ৰগতিৰ খতিয়ান দিব নোৱৰা সন্দৰ্ভত তেওঁ কয় যে সমগ্ৰ শিক্ষাৰ পইচাৰ কোনো নাটনি হোৱা নাই। ২০২৪-২৫ বৰ্ষৰ সামগ্রীখিনি বিদ্যালয়ত দিলে তাক ব্যৱহাৰ কৰিব নোৱাৰিব। এই প্রগ্রেছ ৰিপ'ৰ্ট কার্ডখিনি যদি ২০২৫-২৬ বর্ষত ব্যৱহাৰ কৰা হয় তেন্তে বিহুৰ পিচতে ছাত্র-ছাত্রীসকলক দিব পৰা যাব।