গুৱাহাটী
টেট পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ খবৰ। ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। ২৯ ডিচেম্ৱৰৰ পৰিবৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব টেট পৰীক্ষা।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত টেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা টেট পৰীক্ষাৰ নতুন দিনৰ কথা।
উল্লেখ্য যে পৰীক্ষালৈ ২২ দিন থকাৰ সময়ত নিয়মমতে নতুন পাঠ্যসূচী ঘোষণা কৰিছিল। ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ প্ৰাৰ্থী। গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ন্যূনতম ১৫ দিনৰ পাছত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে৷