USTM ত ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ

Story by  atv | Posted by  [email protected] • 4 d ago
 USTM ত ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ
USTM ত ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ
 
গুৱাহাটী
 
ইউনিভাৰ্ছিতি অব চায়েন্স এণ্ড টেকনলজী মেঘালয় (ইউ এছ টি এম) ৰ ফ্লেগচিপ অনুস্থান উত্তৰ-পূব স্নাতক কংগ্ৰেছ (এন ই জি চি) আয়োজন কৰা হৈছে অহা ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ।  অষ্টম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই মেগা যুৱ মহোৎসৱত অংশ গ্ৰহন কৰিব উত্তৰ-পূবৰ প্ৰায় ৩০০খন মহাবিদ্যালয়ৰ পৰা ১০ হেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে।
 
এই বৃহৎ যুৱ অনুষ্ঠানৰ প্ৰতিযোগিতাসমূহ ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু পুৰস্কাৰ বিতৰণৰ সৈতে ২৩ ফেব্ৰুৱাৰীত সামৰণি পৰিব। সামৰণিৰ পূৰ্বে অৰ্থাৎ ২২ ফেব্ৰুৱাৰীত ইউএছটিএমত "ৱান ডে জাষ্ট ফৰ ইউ" শীৰ্ষক এক অনুষ্ঠানত বহুকেইজন আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।
 
এন ই জি চিৰ মুখ্য উদ্দেশ্য হৈছে অঞ্চলটোৰ যুৱক-যুৱতীসকলক তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰা, প্ৰতিযোগিতামূলক ভাৱধাৰা গঢ়ি তোলা, যুৱক-যুৱতীসকলৰ মাজত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলা। ইয়াত  বুদ্ধিজীৱী, সাংস্কৃতিক আৰু ক্ৰীড়া আইকন, মোটিভেচনেল স্পীকাৰকে ধৰি  বহুতো  বিশিষ্ট ব্যক্তিসকলৰ সমাগম হব।
 
এই অনুষ্ঠানত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ইউএছটিএমৰ প্ৰ' উপাচাৰ্য ডo বলেন্দ্ৰ কুমাৰ দাস, জনসংযোগ বিষয়া ডo ৰাণী পাঠক দাস, ইউ এছ টি এমৰ প্ৰধান সচিব ডo মেহজাবীন ৰহমান, আৰু বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ  সহকাৰী সঞ্চালক ঋষিপৰ্ণা চৌধুৰীয়ে।
 
এন ই জি চিৰ এই অষ্টম সংস্কৰণত বিভিন্ন প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে সাংস্কৃতিক, কুইজ, বিতৰ্ক, ক্ৰীড়া, সূক্ষ্ম কলা আৰু উদ্ভাৱন আৰু ব্যৱসায়িক আইডিয়াথন।
 
সাংস্কৃতিক প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয়ৰ দ্বাৰা সাংস্কৃতিক প্ৰদৰ্শন, দলীয় নৃত্য, দলীয় গীত ইত্যাদিৰ লগতে অন স্পট পেইন্টিং, আকস্মিক বক্তৃতা, ফটোগ্ৰাফী আৰু ৰিল মেকিং আদি প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে: পাৱাৰ লিফটিং, আৰ্ম ৰেছলিং, দবা, ঘোঁৰা চলোৱা, ভলীবল, বাস্কেটবল, কাবাডী আৰু বেডমিণ্টন। বিতৰ্ক প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে “এন ই পি ইজ এ গেম চেঞ্জাৰ”। এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে চাকৰি মেলা।
 
তদুপৰি বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব যেনে, “যুৱক-যুৱতীৰ ভূমিকা: ভাৰত ২০৪৭” শীৰ্ষক আলোচনা, “যুৱ আৰু উদ্যোগীকৰণ”, “ব্যক্তিত্ব বিকাশ আৰু দক্ষতা”, প্ৰতিযোগিতামূলক পৰীক্ষা আদি, য'ত সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলে যুৱক-যুৱতীসকলক সম্বোধন কৰিব। উত্তৰ- পূৰ্বাঞ্চলৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীয়ে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ যোগ্য। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক দুচকীয়া বাহন, লেপটপ, টেবলেট, মোবাইল ফোন আৰু নগদ পুৰস্কাৰকে ধৰি আকৰ্ষণীয় বঁটা প্ৰদান কৰা হ'ব।
 
বঁটা শ্ৰেণীৰ বিশেষ আকৰ্ষণ হৈছে: ‘শ্ৰেষ্ঠ স্নাতক’, ‘শ্ৰেষ্ঠ প্ৰদৰ্শন মহাবিদ্যালয়’, ‘শ্ৰেষ্ঠ আলোচনী বঁটা’ আৰু ‘শ্ৰেষ্ঠ অনুশাসিত মহাবিদ্যালয়’। সকলো অংশগ্ৰহনকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। ইউ এছ টি এমৰ আচাৰ্য  শ্ৰী মহবুবুল হকৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই এন ই জি চি হল স্নাতক পৰ্যায়ৰ ছাত্ৰ সমাজৰ এক অনন্য সংগমস্থলী। এন ই জি চিৰ মুখ্য গুৰুত্ব হৈছে উচ্চাকাংক্ষী আৰু উদীয়মান যুৱক-যুৱতীসকলক একক মঞ্চত একত্ৰিত কৰি প্ৰখ্যাত শিক্ষাবিদ, উদ্যোগপতি আৰু উদ্যোগীসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপৰ পৰিৱেশ তৈয়াৰ কৰাত সহায় কৰা। ইয়াত ভাগ লবলৈ বিভিন্ন মহাবিদ্যালয় বা প্ৰতিষ্ঠানৰ শিক্ষক বা সমন্বয়কসকলে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচন কৰি নাম পঞ্জীয়নৰ জৰিয়তে আয়োজকৰ ওচৰলৈ প্ৰেৰণ কৰিব।
 
কংগ্ৰেছত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰি আয়োজক সম্পাদক এন ই জি চিৰ ওচৰত জমা দিব লাগিব। সবিশেষ জানিবলৈ আগ্ৰহী অংশগ্ৰহণকাৰীসকলে ৭০০২২-৩৮৮৩৫ / ৮৪৭২৮-২৯০৭৮/ ৯৮৬৪৭-৭৭৭৯৯ / ৮৬৩৮৬-৮৬৩৭৩ / ৯৪৩৫২-৮৪০৩৯ / ৮১৩৪৮-৮৪৪৩৯ নম্বৰত যোগাযোগ কৰিব পাৰে বা www.ustm.ac.in ত লগ অন কৰিব পাৰে। অনলাইন পঞ্জীয়নৰ শেষ তাৰিখ ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰী আৰু এন ই জি চি-২০২৫ৰ বাবে পঞ্জীয়ন প্ৰ-পত্ৰ ইউ এছ টি এম ৱেবছাইটত উপলব্ধ।