আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা জ্ঞানদ্বীপ হাজৰিকাক চাকৰি আৰু বিনামূলীয়া শিক্ষাৰ সুবিধা USTM-ৰ

Story by  Imtiaz Ahmed | Posted by  [email protected] • 23 h ago
জ্ঞানদীপ হাজৰিকাৰ সৈতে USTMৰ আচার্য মাহবুবুল হক আৰু ফাঁচী বজাৰত নিৰ্মম আক্ৰমণৰ দৃশ্য( সোফালে)
জ্ঞানদীপ হাজৰিকাৰ সৈতে USTMৰ আচার্য মাহবুবুল হক আৰু ফাঁচী বজাৰত নিৰ্মম আক্ৰমণৰ দৃশ্য( সোফালে)
 
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
অলপতে বাতৰিৰ শিৰোনাম দখল কৰা জ্ঞানদ্বীপ হাজৰিকাৰ কথা আপোনাৰ মনত আছেনে? হয়, যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে গুৱাহাটীৰ ৰাজপথত এজন আৰক্ষী বিষয়াই আক্ৰমণ কৰা যুৱকজন। সামাজিক মাধ্যমত ভিডিঅ'টো ব্যাপক চৰ্চা লাভ কৰাৰ পিছত পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰা হয়। ডেলিভাৰী এজেণ্ট হিচাপে কৰ্মৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰজনক ৰাজপথত আক্ৰমণ কৰাৰ বাবেই নিলম্বিত হৈছিল আৰক্ষী বিষয়াগৰাকী। উল্লেখ্য যে, কেৱল পঢ়া-শুনাৰ খৰচ উলিওৱাৰ উদ্দেশ্যে ডেলিভাৰী এজেণ্টৰ কাম কৰিছিল জ্ঞানদীপ হাজৰিকা নামৰ মেধাৱী ছাত্ৰজনে।
 
ফাঁচী বজাৰত আৰক্ষীৰ নাকা চকীত ৰ'বলৈ কোৱাৰ পিছতো নোৰোৱাৰ ফলত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা ডেলিভাৰী এজেণ্টজনৰ জীৱনে অৱশ্যে এই ঘটনাৰ পিছত নতুন দিশ লাভ কৰিছে। ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (USTM)-এ তেওঁক কেৱল চাকৰি দিয়াই নহয়, বিনামূলীয়া শিক্ষাৰ সুবিধাও প্ৰদান কৰিছে। ইউ এছ টি এমৰ আচাৰ্য মাহবুবুল হকে সোমবাৰে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষত হাজৰিকাক প্ৰশিক্ষাৰ্থী শাখা বিষয়া (trainee section officer at the Internal Quality Assurance Cell) হিচাপে নিযুক্তি দিয়ে।
 
জ্ঞানদীপ হাজৰিকাক সম্বৰ্ধনা জনোৱা মুহূৰ্তত USTM ৰ আচার্য মাহবুবুল হক
 
বিশ্ববিদ্যালয়খনৰ সূত্ৰই জনোৱা মতে, হকে এই চাকৰিটো এটা সুন্দৰ দৰমহাৰ সৈতে হাজৰিকাক আগবঢ়াইছে আৰু লগতে ছাত্ৰজনক ইউ এছ টি এমত বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ( MBA) ডিগ্ৰী লাভ কৰাৰো সুযোগও দিছে।
 
“আমি জ্ঞানদীপ হাজৰিকাক এই সুবিধা আগবঢ়োৱাৰ আঁৰত সহানুভূতি বা আন কোনো উদ্দেশ্য নাই, বৰঞ্চ আমি অধ্যয়নৰ প্ৰতি আগ্ৰহী কঠোৰ পৰিশ্ৰমী যুৱক-যুৱতীসকলক ভাল পাওঁ। আমি আশা কৰোঁ যে এই পদক্ষেপে ছাত্ৰজনক আন্তৰিকতাৰে পঢ়া-শুনা কৰাত সহায় কৰিব।" - জ্ঞানদীপ হাজৰিকাক নিযুক্তি  দিয়াৰ সময়ত আচার্য মাহবুবুল হকে এইদৰে কয় বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰসমূহ প্ৰকাশ কৰিছে
 
এই বিষয়ত জ্ঞানদীপ হাজৰিকাৰ মন্তব্য এতিয়ালৈকে জানিব পৰা হোৱা নাই কাৰণ তেঁওক বহুবাৰ ফোন কৰাৰ পিছতো কোনো উত্তৰ পোৱা নগ'ল।
 
উল্লেখযোগ্য যে, জ্ঞানদ্বীপ হাজৰিকাই পঢ়া-শুনাৰ প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যে ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰি আছিল। তেওঁৰ মাতৃও অসম আৰক্ষীৰ এগৰাকী কৰ্মচাৰী। আনহাতে, তেওঁ কেইবছৰমান আগতে নিজৰ পিতৃকো হেৰুৱাইছিল। তেওঁৰ পিতৃও প্ৰাক্তন আৰক্ষী আছিল। হাজৰিকাই অজানিতে ট্ৰেফিক নিয়ম উলংঘা কৰা বুলি উল্লেখ কৰিছিল। তেওঁ কৈছিল, “আমাৰ দৰে ডেলিভাৰী এজেণ্টক সাধাৰণতে আৰক্ষীৰ নাকা চকীত নৰখোৱাকৈ যাবলৈ দিয়া হয়, সেয়ে মই ভুলক্ৰমে গৈছিলো।"
 
USTM
 
আৰক্ষীৰ এই বৰ্বৰ কাৰ্যই কেৱল মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন হোৱাই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এজন দায়িত্বশীল বিষয়াৰ এনে আচৰণৰ বাবে আচৰিত হৈছিল। মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল, "আৰক্ষীয়ে আচৰণ সলনি কৰিব লাগিব। অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা এক বাহিনী হোৱাৰ পৰিৱৰ্তে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণৰ সেৱা আৰু সুৰক্ষা নিশ্চিত কৰা বাহিনীলৈ ৰূপান্তৰিত হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ বহু আগতেই গ’ল। আৰক্ষীৰ যিসকল লোকক ৰাইজৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছে, তেওঁলোকে ৰাইজৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে।" - এক্সত মুখ্যমন্ত্ৰী শৰ্মাই পোষ্ট কৰিছিল।
 
তেওঁ আৰু কয়, “আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু দয়া-মমতাক আকোৱালি লোৱাৰ সময় আহি পৰিছে। এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তিৰ বাবে ঠাই সৃষ্টি কৰিবলৈ এফালে খোজ দিয়াৰ সময় আহি পৰিছে।”
 
আনকি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বিৰোধী  ৰাজনৈতিক দলৰ নেতাসকলেও আৰক্ষী বিষয়া বৰবৰাক অযথা আচৰণৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছিল।
উল্লেখ্য যে, প্ৰশাসনৰ বৰ্বৰতাৰ বলি হোৱা লোকক ইউ এছ টি এম-এ সহায়ৰ হাত আগবঢ়োৱা এয়াই প্ৰথম নহয়। বিশ্ববিদ্যালয়খনে ২০২৩ চনৰ আৰম্ভণিতে গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযানৰ বলি হোৱা এটা সাত বছৰীয়া কিশোৰৰ পৰিয়ালটোৰো দায়িত্ব লৈছিল।শিশুটিৰ ঘৰ-দুৱাৰ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰক কৰা আবেদন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। শিক্ষা প্ৰতিষ্ঠানখনে বেদখলৰ অভিযোগত ঘৰ উচ্ছেদ হোৱা শিশুটি আৰু তেওঁৰ চাৰি বছৰীয়া ভাতৃৰ শিক্ষা প্ৰদান কৰাই নহয়, বিশ্ববিদ্যালয়খনৰ বিভিন্ন চাকৰিত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো যোগদান কৰাই স্বাৱলম্বী কৰি তুলিছিল।
 
উল্লেখযোগ্য যে মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ উত্তৰ-পূৱৰ প্ৰথমখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় -- পি এ চাংমা মেডিকেল কলেজ -- মুকলি কৰা বিশ্ববিদ্যালয়খনে গুৱাহাটীৰ ইয়াৰ আশে-পাশে আন বহুতো দানশীল কামত পূৰ্বৰে পৰা জড়িত হৈ আহিছে।