UGC, CSIR NET, JRF-ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উজলিল ইউএছটিএমৰ ৬২ জন শিক্ষাৰ্থী

Story by  atv | Posted by  [email protected] • 4 d ago
ইউএছটিএমৰ প্ৰৱেশদ্বাৰ (প্ৰতিনিধিত্বমূলক ফটো)
ইউএছটিএমৰ প্ৰৱেশদ্বাৰ (প্ৰতিনিধিত্বমূলক ফটো)

গুৱাহাটী

ইউএছটিএম বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা অব্যাহত ৰাখিছে, আৰু বিশ্ববিদ্যালয়খনৰ অনন্য পে বেক নীতিয়ে কাৰ্যতঃ ছাত্ৰ-ছাত্ৰীসকলক উন্নত ফলাফল দাঙি ধৰাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছে।

বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে সমগ্ৰ পাঠ্যক্ৰমৰ সম্পুৰ্ণ মাচুল ঘূৰাই দিয়া হয়। ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা পৰীক্ষাৰ শেহতীয়াকৈ ঘোষিত ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ পৰা ৬২ জন ছাত্ৰ-ছাত্ৰীয়ে UGC আৰু CSIR NET তথা JRF ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সন্মানীয় পৰীক্ষাত ইউ এছ টি এমৰ পৰা উত্তীৰ্ণ হৈছে।এই সন্দৰ্ভত ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে কয়, “ইউএছটিএম ইয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে কেৱল ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাই নহয়, নিজৰ অধ্যয়নৰ ক্ষেত্ৰতো আগশাৰীত থাকে।

তেওঁ কয় যে, বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলিবলৈ এনেদৰে অনুপ্ৰাণিত কৰিছে।ইউএছটিএম এই ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ যে কোনো মেধাৱী ছাত্ৰই কেৱল আৰ্থিক অক্ষমতাৰ বাবেই যেন উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব নালাগে।

ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই কয়, “ইউএছটিএমৰ প্ৰশিক্ষণ কাৰ্যসূচী শৈক্ষিক দিশৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য সকলো দিশৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ লোৱা হৈছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই প্ৰমাণ কৰিলে যে আমাৰ বিনামূলীয়া প্ৰশিক্ষণ ব্যবস্থা যথেষ্ট দক্ষ আৰু কাৰ্যকৰী।

ইউনিভাৰ্চিটি নেট ফ’ৰামৰ সঞ্চালক ড০তৃষ্ণা ঠাকুৰীয়াই কয় যে ইতিমধ্যে ইউএছটিএমে পে বেক পলিচিৰ অধীনত ছাত্ৰ-ছাত্ৰীক ১.৩ কোটি টকা ঘূৰাই দিছে। “ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, স্লেট, আইএএছ, বা ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা আন যিকোনো শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ উৎসাহিত কৰিবলৈ ইউএছটিএম-এ পে বেক নীতি প্ৰৱৰ্তন কৰিছে, য’ত বিশ্ববিদ্যালয়ৰ এই সন্মানীয় পৰীক্ষাসমূহৰ বাবে যোগ্যতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুল ঘূৰাই পাব।আমাৰ নেট ফ’ৰামে ইউজিচি নেট পৰীক্ষাৰ বিশেষ প্ৰস্তুতিৰ বাবে প্ৰতিদিনে বিয়লি ৪:৩০বজাৰ পিছত নিয়মীয়া ক্লাছ অনুষ্ঠিত কৰে”, তেঁও লগতে কয়।



শেহতীয়া খবৰ