আৰিফুল ইছলাম/গুৱাহাটী
ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লোৱাৰ সময়তে এখন শিক্ষানুষ্ঠানে ইয়াৰ সমাধানৰ বাবে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষাৰ উপৰিও অৰ্থনৈতিকভাৱে পৰিপক্ক কৰি তোলাৰ বাবে দিয়া হৈছে বিশেষ প্ৰশিক্ষণ। কামৰূপ জিলাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ উদ্যোগত লোৱা হৈছে এই উল্লেখনীয় পদক্ষেপ।
শেহতীয়াকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰী সকলকলৈ প্ৰথমবাৰৰ বাবে বহিছে এখন বিশেষ বজাৰ। ছাত্ৰ-ছাত্ৰী সকলক অৰ্থনৈতিকভাৱে আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌহদত বহিছে এই বিশেষ বজাৰখন। ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ ঘৰত উৎপাদিত সামগ্ৰী বজাৰখনত বিক্ৰীৰ বাবে মেলি দিছে।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে উৎপাদিত কেঁচা শাক-পাচলি, লাও-কোমোৰা, নেমু, নাৰিকল, চাউল, চিৰাৰ পৰা চাহ আৰু ফুচকালৈ বিক্ৰী কৰিছে বিশেষ বজাৰখনত। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে থলুৱা পাচলি কিনিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক কলিতাই কয়, "ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উপৰিও অৰ্থনৈতিকভাৱে কেনেদৰে স্বাৱলম্বী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলক বিক্ৰী কৰিব দিয়া হৈছে। কেনেকৈ ক্ৰয়-বিক্ৰী কৰে সেই শিক্ষাও ইয়াত দিব চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলৰ সহযোগিতা অপৰিসীম। অভিভাৱকসকলেও যথেষ্ট সহায়-সহযোগিতা আগবঢ়াইছে। স্থানীয় লোক তথা আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আহি এই বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে। আমি প্ৰথমবাৰৰ বাবে এই পদক্ষেপ লৈছোঁ। অনাগত দিনত পুনৰ এনেকুৱা পদক্ষেপ লোৱাৰ চেষ্টা আমাৰ থাকিব আৰু ওচৰ-পাজৰৰ বিদ্যালয়সমূহকো আমি এনেধৰণৰ পদক্ষেপৰ বাবে আহ্বান জনাইছোঁ।"
শাক-পাচলি বিক্ৰেতাৰ ৰূপত ছাত্ৰ-ছাত্ৰী
বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-তথা স্থানীয় হবিবুৰ ৰহমানে কয়, "এইখন বিদ্যালয়তে মই পঞ্চম শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। আমাৰ শৈক্ষিক জীৱনত কেতিয়াও এনেকুৱা পৰিবেশ দেখা নাছিলোঁ। আজি এনেকুৱা পদক্ষেপ দেখা পাই ভাল লাগিছে আৰু কিছু কিছু সামগ্ৰীও লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিছে তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"
বিদ্যালয়খনৰ শিক্ষক হানিফ আলীয়ে কয়, "আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বজাৰ চাবলৈ সাপ্তাহিক বজাৰৰ ব্যৱসায়ীসকলো আহিছে। এই পদক্ষেপৰ দ্বাৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হোৱাৰ লগতে যোগাযোগৰ দক্ষতা, ব্যৱসায়ীক দক্ষতা আদিৰো বিকাশ হ'ব। আজি আমি আনন্দিত হৈছোঁ, যিদৰে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাহকৰ লগত দৰ-দাম কৰিব পাৰিছে। গ্ৰাহককো সন্তুষ্ট কৰিব পাৰিছে সেয়া সলাগিবলগীয়া।"
গ্ৰাহকৰ লগত দৰ-দাম কৰি থকা মুহূৰ্তত ছাত্ৰ-ছাত্ৰী
উল্লেখযোগ্য যে, শৈক্ষিক দিশৰ পৰা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় নামনি অসমৰ ভিতৰত এখন অগ্ৰণী শিক্ষানুষ্ঠান। আনুষ্ঠানিক শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া, বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে বিভিন্ন সময়ত শিক্ষক-শিক্ষয়ত্ৰীসকলে গুৰুত্ব আৰোপ কৰি আহিছে। এই শিক্ষানুষ্ঠানৰ বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ক্ষেত্ৰত নিজৰ লগতে বিদ্যালয়খনৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
লক্ষণীয় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলে পূৰ্বৰে পৰা বিদ্যালয়খনৰ এক সুকীয়া পৰিচয় দাঙি ধৰি আহিছে। তাৰোপৰি শিক্ষক-শিক্ষয়ত্ৰীসকলে শেহতীয়াকৈ লোৱা এই ব্যতিক্ৰমী পদক্ষেপক স্থানীয় ৰাইজ তথা অভিভাৱকসকলে একেমুখে শলাগ লৈছে।