'ইণ্ডিয়ান ২' ছবিখন নিষিদ্ধ কৰিবলৈ আদালতক অনুৰোধ আছান ৰাজেন্দ্ৰন

Story by  atv | Posted by  Munni Begum • 1 Months ago
'ইণ্ডিয়ান ২' ছবিখনৰ পোষ্টাৰ
'ইণ্ডিয়ান ২' ছবিখনৰ পোষ্টাৰ
 
মুম্বাই 
 
কমল হাছান আৰু পৰিচালক শংকৰৰ 'ইণ্ডিয়ান ২' ছবিখন মুক্তি লাভৰ সময়তে ছবিখন নিষিদ্ধ কৰাৰ বাবে এক গোচৰ ৰুজু কৰা হৈছে। 'বাৰ্মা কালাই' (কেৰালাৰ পৰা অহা মাৰ্শ্বিয়েল আৰ্ট) ৰ প্ৰধান প্ৰশিক্ষক আছান ৰাজেন্দ্ৰনে দাবী কৰিছে যে, তেওঁ প্ৰথমখন ছবি 'ইণ্ডিয়ান'ৰ বাবে কমল হাছানক এই কলাৰ প্ৰশিক্ষণ দিছিল। তেওঁ অভিযোগ কৰি কয় যে, দ্বিতীয়খন ছবিতো তেওঁৰে কৌশলবোৰ ব্যৱহাৰ কৰা হৈছে, যিবোৰৰ ব্যৱহাৰ কৰাৰ পূৰ্বেই তেওঁৰ পৰা অনুমতি বিচৰা হোৱা নাছিল।     
 
এক প্ৰতিবেদন প্ৰকাশ পোৱা অনুসৰি, ৯ জুলাইত মাদুৰাই জিলা আদালতত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। 'ইণ্ডিয়ান ২' দলে ৰাজেন্দ্ৰনৰ ওচৰত সঁহাৰি দাখিল কৰিবলৈ সময় বিচৰাৰ পিছত ন্যায়াধীশগৰাকীয়ে শুনানি ১১ জুলাইলৈ পিছুৱাই দিছিল। 
 
আছান ৰাজেন্দ্ৰন মাদুৰাইৰ এইচ এম এছ কলনীৰ মাৰ্শ্বিয়েল আৰ্টৰ প্ৰশিক্ষক। ১৯৯৬ চনত মুক্তি লাভ কৰা 'ইণ্ডিয়ান'ত তেওঁক ক্ৰেডিট দিয়া বুলি আৱেদনত উল্লেখ কৰিছে, কিয়নো তেওঁ কমল হাছানক 'বাৰ্মা কালাই' শিকাইছিল। আৰু প্ৰথমখন ছবিৰ বাবে কমল হাছানক শিকোৱা কৌশলবোৰে দ্বিতীয়খন ছবিত ব্যৱহাৰ কৰাৰ বাবে দলটোৱে তেওঁৰ পৰা অনুমতি লোৱা নাই। সেয়েহে তেওঁ চিনেমাখন ছবিগৃহ আৰু অ’টিটি প্লেটফৰ্মত নিষিদ্ধ কৰিবলৈ আদালতক অনুৰোধ জনাছে।    
 
এক সাক্ষাৎকাৰত পৰিচালক শংকৰে কয় যে, কমল হাছানে নিজৰ ভূমিকাৰ বাবে কেনেধৰণৰ হোমৱৰ্ক কৰে তেওঁ নাজানে। অৱশ্যে তেওঁ উল্লেখ কৰে যে, তেওঁলোকে 'ইণ্ডিয়ান ২'ৰ 'বাৰ্মা কলাই'ৰ বাবে প্ৰকাশম গুৰুক্কালৰ পৰামৰ্শ লৈছিল। তেওঁ আমাক ক'লে, "এইবাৰ আমাক বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন আছিল আৰু আমি কেৰালাৰ পৰা প্ৰকাশম গুৰুক্কলক আনি তেওঁৰ গাইডেন্স লৈছিলো। ছবিখনত আপুনি এটা বেলেগ বাৰ্মাম শৈলী দেখিবলৈ পাব।"    
 
১২ জুলাইত মুক্তি লাভ কৰিব 'ইণ্ডিয়ান ২'। শংকৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত কমল হাছান, সিদ্ধাৰ্থ, ৰাকুল প্ৰীত সিং, প্ৰিয়া ভৱনী শংকৰ, এছ জে সূৰ্য্য, ববী সিমহাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।