গুলীবিদ্ধ অৱস্থাত চিকিৎসালয়ত ভৰ্তি অভিনেতা গোবিন্দ

Story by  atv | Posted by  Munni Begum • 17 d ago
অভিনেতা গোবিন্দ
অভিনেতা গোবিন্দ
 
মুম্বাই 
 
জনপ্ৰিয় অভিনেতা গোবিন্দৰ গুলীবিদ্ধ হোৱাৰ ফলত আজি পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমান অভিনেতাগৰাকী বিপদমুক্ত হোৱাৰ বুলি তেওঁৰ মেনেজাৰে জনাইছে। আজি পুৱা প্ৰায় ৪.৪৫ বজাত অভিনেতাজনৰ জুহুৰ ঘৰত অনুজ্ঞাপত্ৰ থকা তেওঁৰ ৰিভলভাৰৰ পৰা ভুলৱশত গুলীৰে তেওঁৰ ভৰিত আঘাতপ্ৰাপ্ত হয়।    
 
অভিনেতাজনে এটা অডিঅ’ ক্লিপ মুকলি কৰি কয় যে, তেওঁৰ অনুৰাগী, পিতৃ-মাতৃ আৰু তেওঁৰ গুৰুৰ আশীৰ্বাদে তেওঁক ৰক্ষা কৰিলে। তেওঁ কয়, "মোক গুলীয়ে ভৰিত আঘাত কৰিছিল, যদিও সেই গুলী উলিওৱা হৈছে। ইয়াৰ বাবে মই চিকিৎসক আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।" 
 
শিৱসেনাৰ নেতা তথা ৬০ বছৰীয়া অভিনেতাজনে ঘটনাৰ সময়ত ঘৰতে অকলে আছিল আৰু ঘটনা সংঘটিত হোৱাৰ সময়তে কলকাতালৈ যাবলৈ সাজু হৈ আছিল বুলি তেওঁৰ মেনেজাৰ শশী সিনহাই জানিবলৈ দিয়ে। গোবিন্দৰ পত্নী সুনীতা আহুজা কলকাতাত আছে আৰু ভুলৱশত ভৰিত গুলীৰে আঘাত হোৱাৰ খবৰ পাই তেওঁ মুম্বাইলৈ ৰাওনা হৈছে। 
 
মেনেজাৰ সিনহাই কয় যে, গোবিন্দৰ ৰিভলভাৰটো আলমাৰীত থৈ দিয়া আছিল, যেতিয়া আলমাৰীৰ পৰা ৰিভলভাৰটো মজিয়াত পৰি যায় তেতিয়া তাৰ পৰা স্বয়ংক্ৰিয়ভাৱে গুলী নিৰ্গত হয় আৰু তেওঁৰ আঁঠুৰ তলত আঘাত কৰে। ইয়াৰ পিছতে অভিনেতা গোবিন্দই তেওঁৰ পত্নী আৰু মেনেজাৰক মাতিছিল। অলপ পিছতে আৰক্ষীয়ে তাত উপস্থিত হৈ অভিনেতাজনক ওচৰৰ ক্ৰিটিকেয়াৰ হাস্পতাললৈ লৈ যায়। অভিনেতাজনৰ মেনেজাৰে তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে। এতিয়াও তেওঁ চিকিৎসালয়ত আছে আৰু তেওঁৰ লগত আছে তেওঁৰ কন্যা টিনা। আৰক্ষীয়ে জনোৱা মতে অভিনেতাজনে কোনো অভিযোগ পঞ্জীয়ন কৰা নাই।
 
অভিনেতাৰ মেনেজাৰ সিনহাই কয় যে, "কলকাতাত এটা শ্ব'ৰ বাবে আমাৰ পুৱা ৬ বজাত এখন বিমান ধৰিবলৈ যোৱাৰ কথা আছিল আৰু মই বিমানবন্দৰত উপস্থিত হৈছিলোঁ। গোবিন্দ জীয়ে নিজৰ বাসগৃহৰ পৰা বিমানবন্দৰলৈ যাবলৈ ওলাই আছিলো আৰু তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়। ভগৱানৰ কৃপাৰ বাবেই গোবিন্দ জীৰ মাত্ৰ ভৰিত আঘাত হৈছে আৰু বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই।"