আৱাজ দ্য ভইচ / নতুন দিল্লী
হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবীণ দেশপ্ৰেমী অভিনেতা মনোজ কুমাৰ আৰু আমাৰ মাজত নাই। ‘ভাৰত কুমাৰ’ নামেৰে জনপ্ৰিয় অভিনেতা মনোজ কুমাৰৰ শুকুৰবাৰে পুৱা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুই চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ বয়স।
দেশপ্ৰেমমূলক ছবিৰ বাবে ভাৰতীয় চিনেমাত সোণালী আখৰেৰে লিপিবদ্ধ কৰা হৈছে মনোজ কুমাৰৰ নাম। তেওঁৰ ছবিসমূহে কেৱল মনোৰঞ্জন কৰাই নহয়, সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ বাবে প্ৰেৰণা যোগাইছিল। ‘উপকাৰ’, ‘পুৰব ঔৰ পশ্চিম’, ‘ক্ৰান্তি’, ‘ৰোটি, কাপড়া ঔৰ মাকান’ আদিৰ দৰে কালজয়ী ছবিৰ জৰিয়তে তেওঁ চিনেমাক সমাজ সংস্কাৰ আৰু দেশপ্ৰেমৰ বাৰ্তাৰ সৈতে সংযোগ কৰিছিল।
‘উপকাৰ’ ছবিৰ পোষ্টাৰ
মনোজ কুমাৰৰ জন্ম ১৯৩৭ চনৰ ২৪ জুলাইত ব্ৰিটিছ ভাৰতৰ (বৰ্তমান পাকিস্তান) এবটাবাদত হৈছিল। ভাৰত-পাকিস্তান বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহি দিল্লীত বসতি স্থাপন কৰিছিল। তেওঁ দেশ বিভাজনৰ যন্ত্ৰণা নিবিড়ভাৱে খুব সমীপৰৰ পৰা দেখিছিল আৰু অনুভৱ কৰিছিল, যি তেওঁৰ ছবিসমূহতো প্ৰতিফলিত হৈছিল।
দিলীপ কুমাৰ আৰু অশোক কুমাৰৰ ছবিৰ বাবে মনোজ কুমাৰ ইমানেই আপ্লুত হৈছিল যে, তেওঁ অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ প্ৰকৃত নাম হৰিকিষণ গিৰি গোস্বামী আছিল, যি নাম তেওঁ সলনি কৰি পিছত মনোজ কুমাৰ ৰাখিছিল। যিটো দিলীপ কুমাৰৰ ছবি ‘শ্ববানম’ (১৯৪৯)ৰ চৰিত্ৰৰ নাম আছিল।
প্ৰবীণ চলচ্চিত্ৰ অভিনেতা তথা পৰিচালক মনোজ কুমাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ৪৭ সংখ্যক দাদাচাহেব ফাল্কে বঁটা লাভ কৰাৰ এক দৃশ্য
১৯৫৭ চনৰ ‘ফেশ্বন’ ছবিৰ জৰিয়তে মনোজ কুমাৰে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল, যদিও ১৯৬০ চনৰ ‘কাঞ্চ কি গুড়িয়া’ ছবিৰ জৰিয়তে তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখনকৈ বহুতো ছুপাৰহিট ছবি দৰ্শকক দিছিল।
১৯৬৫ চনত তেওঁৰ ছবি ‘শ্বহীদ’ ভগত সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত আছিল, যিয়ে দৰ্শকৰ মনত গভীৰ ছাপ পেলাইছিল। কিন্তু ১৯৬৭ চনত মুক্তি পোৱা ‘উপকাৰ’ই তেওঁক এক নতুন উচ্চতালৈ লৈ গৈছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ 'জয় জৱান, জয় কিষাণ' শ্লোগানৰ পৰা অনুপ্ৰাণিত আছিল এই ছবিখন।
ইয়াৰ পিছত ‘‘পুৰব ঔৰ পশ্চিম’’, ‘ৰোটি, কাপড়া ঔৰ মাকান’, ‘ক্ৰান্তি’ আদি ছবিয়ে তেওঁক ‘ভাৰত কুমাৰ’ৰ নামেৰে পৰিচিত কৰিছিল। দেশপ্ৰেমৰ মনোভাৱ, ভাৰতীয় মূল্যবোধৰ আভাস আৰু সামাজিক বিষয়ৰ গুৰুত্ব তেওঁৰ ছবিত দেখা গৈছিল।
মনোজ কুমাৰে অভিনেত্ৰী মুমতাজৰ হাতৰ পৰা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ এক দৃশ্য
মনোজ কুমাৰৰ ছবিৰ আটাইতকৈ ডাঙৰ বিশেষত্ব আছিল যে, তেওঁ নায়ক হিচাপে ৰাইজৰ হৃদয় জয় কৰাৰ লগতে পৰিচালক হিচাপেও নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ছবিবোৰে সামাজিক বিষয়বোৰ গভীৰভাৱে উত্থাপন কৰিছিল, সেয়া দৰিদ্ৰতা হওঁক, দুৰ্নীতি হওঁক অথবা দেশপ্ৰেমৰ বাৰ্তা হওঁক।
বিশেষ কথাটো হ’ল যে, তেওঁ বেছিভাগ ছবিতে নিজৰ চৰিত্ৰটোৰ নাম ‘ভাৰত’ ৰাখিছিল, যাৰ বাবে তেওঁ দৰ্শকৰ মাজত ‘ভাৰত কুমাৰ’ নামেৰেও বিখ্যাত হৈ পৰিছিল।
মনোজ কুমাৰে তেওঁৰ শ্ৰেষ্ঠ ছবিৰ বাবে ৭টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ১৯৬৮ চনত ‘উপকাৰ’ই শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ সংলাপৰ বাবে চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ১৯৯২ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। ২০১৬ চনত তেওঁক চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল।
“ফুলো কি সেজ” (১৯৬৪) ছবিত ব্যায়ন্তিমালাৰ সৈতে মনোজ কুমাৰ
মনোজ কুমাৰৰ মৃত্যুৰ বাবে বলীউডত শোকৰ ছাঁ পৰিছে। কিয়নো হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰা। কেৱল চিনেমাৰেই নহয় ভাৰতীয় সমাজৰ নায়ক আৰু দেশপ্ৰেমৰ মনোভাৱৰো তেওঁ আছিল। তেওঁ সৃষ্টি কৰা ছবিৰ উত্তৰাধিকাৰ আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকিব। এতিয়া ‘ভাৰত’ আমাৰ মাজত নাই যদিও তেওঁৰ চিন্তা-চৰ্চা, তেওঁৰ ছবি আৰু তেওঁৰ কথা সদায় আমাৰ মাজত জীয়াই থাকিব।