অভিনেতা মুস্তাক খানক অপহৰণ; জীৱনপণ বিচাৰি ১২ ঘণ্টা অত্যাচাৰ

Story by  atv | Posted by  Munni Begum • 17 h ago
অভিনেতা মুস্তাক খান
অভিনেতা মুস্তাক খান
 
নতুন দিল্লী
 
'হাম হ্যায় ৰাহী প্যাৰ কে' আৰু 'ৱেলকাম' ছবিত অভিনয় কৰা সুপৰিচিত চলচ্চিত্ৰ অভিনেতা মুস্তাক খানক অপহৰণ কৰি ঘণ্টাৰ পিছত ঘণ্টা অত্যাচাৰ চলায় এটা দূবৃত্তৰ দলে। অভিনেতাগৰাকীয়ে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বে দূবৃত্তৰ দলটোক ₹২ লাখৰ জীৱনপণৰ দিবলৈ বাধ্য হৈছিল।  
 
যোৱা ২০ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মীৰাটত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি, ১৫ নৱেম্বৰত অভিনেতা মুস্তাক খানক মুম্বাইত থকা তেওঁৰ ঘৰত ৰাহুল ছাইনী নামৰ এজন লোকে ফোন কৰিছিল।  
 
ফোন কৰা ব্যক্তিজনে তেওঁক মীৰাটৰ এক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল, য’ত একাংশ লোকক সম্বৰ্ধনা জনোৱা হ’ব বুলি তেওঁক কোৱা হৈছিল। অভিনেতাগৰাকীয়ে প্ৰায়ে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছিল, গতিকে এইটো কোনো ভয় খাবলগীয়া কথাও নাছিল।  
 
লগতে ৰাহুল ছাইনীয়ে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে অভিনেতাগৰাকীৰ মাচুল আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু ইউ পি আইৰ জৰিয়তে তেওঁক ₹২৫ হাজাৰ ট্ৰেন্সফাৰ কৰি বাকীখিনি পিছত দিব বুলিও কৈছিল। ফোন কৰা ব্যক্তিজনে তেওঁক মুম্বাইৰ পৰা দিল্লীলৈ বিমান টিকটো পঠিয়াই দিছিল।  
 
২০ নৱেম্বৰত অভিনেতা খানে দিল্লীত অৱতৰণ কৰি ৰাহুল ছাইনীয়ে পঠোৱা এখন কেবত উঠিছিল। গাড়ীখনত ড্ৰাইভাৰৰ উপৰিও আন এজন ব্যক্তি আছিল। গাড়ীখন কিছুদূৰ গৈয়ে ৰৈ গৈছিল আৰু অভিনেতাজনক আন এখন বাহনত উঠিবলৈ কোৱা হৈছিল। অভিযোগ অনুসৰি একেজন লোকে  অন্য গাড়ীখন চলাইছিল আৰু খানৰ সৈতে অন্য দুজন লোক বহিছিল। গাড়ীখন আকৌ কিছুদূৰ গৈয়ে ৰৈ গৈছিল আৰু অকৌ নতুনকৈ দুজন মানুহ উঠিছিল।  
 
তেতিয়ালৈ খানে বুজিবলৈ বাকী নাথাকিল আৰু তেওঁ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত মানুহকেইজনে তেওঁৰ ওপৰত  এখন চাদৰ দিছিল আৰু তেওঁৰ মূৰটো তললৈ নমাই ৰাখিবলৈ কৈছিল। প্ৰায় তিনি-চাৰি ঘণ্টাৰ পিছত সিহঁত এটা ঘৰ আহি পাইছিল। তাত অপহৰণকাৰীয়ে তেওঁৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু তেওঁৰ পৰিয়াললৈ ফোন কৰি একাউণ্টত ধন ট্ৰেন্সফাৰ কৰিবলৈ ক’বলৈ নিৰ্দেশ দিছিল। তেওঁলোকে খানৰ ফোনটো লৈ তেওঁলোকৰ একাউণ্টলৈ প্ৰায় ₹২ লাখ ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হয়। 
 
ইয়াৰ পিছত অপহৰণকাৰীয়ে মদ্যপান কৰিবলৈ আৰম্ভ কৰে আৰু পুৱাৰ ভাগত অজ্ঞান হৈ পৰাত অভিনেতাজনে কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হয়। তেওঁ লৰালৰিকৈ ওচৰৰ মছজিদ এটালৈ যায় আৰু তাত থকা মৌলবীয়ে তেওঁক পৰিয়ালৰ সৈতে যোগাযোগ কৰাত সহায় কৰে। মিষ্টাৰ খানৰ মেনেজাৰে দাখিল কৰা অভিযোগত অভিনেতাজন অতি অসুস্থ আৰু অভিযোগ দাখিল কৰিবলৈ তেওঁক আদেশ দিয়া হৈছে বুলি কয়। এই অভিযোগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।