দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণ বলি অভিনেতা ছেইফ আলী খান; লীলাৱতী হাস্পতালত চিকিৎসাধীন

Story by  atv | Posted by  Munni Begum • 2 d ago
অভিনেতা ছেইফ আলী খান
অভিনেতা ছেইফ আলী খান
 
মুম্বাই 
 
বলিউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খানক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰিছে এজন অচিনাক্ত ব্যক্তিয়ে। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত এজন অচিনাক্ত ব্যক্তিয়ে ছেইফ আলী খানৰ মুম্বাইৰ ঘৰত চুৰি কৰাৰ মনসাৰে প্ৰৱেশ কৰি এই ঘটনা সংঘটিত কৰিছে। সম্প্ৰতি মুম্বাইৰ লীলাৱতী হাস্পতালত অস্ত্ৰোপচাৰ চলি আছে অভিনেতাগৰাকীৰ। অভিনেতাজন বৰ্তমান সুস্থ বুলি চিকিৎসালয়ৰ কৰ্মচাৰীয়ে নিশ্চিত কৰিছে। 
 
লীলাৱতী হাস্পতালৰ চি অ’ অ’ ডাঃ নিৰাজ উত্তমণীয়ে স্নায়ুচাৰ্জাৰী সুকলমে সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে, যদিও বৰ্তমান প্লাষ্টিক চাৰ্জাৰী চলি থকা বুলি জনায়। ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে বান্দ্ৰা থানাত এফআইআৰ দাখিল কৰা হৈছে। ছেইফ আলী খানক শুই থকা অৱস্থাত লুকাই চুৰকৈ তেওঁৰ বাসগৃহত চুৰি কৰাৰ মনসাৰে প্ৰৱেশ কৰিছিল ব্যক্তিজনে। 
 
আৰক্ষীয়ে নিশ্চিত কৰিছে যে, অভিনেতাজন আৰু ব্যক্তিজনৰ মাজত হতাহতি হৈছিল। পিছত ব্যক্তিজনে ছেইফ আলী খানক ছুৰীৰে কেইবাৰো আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান ছেইফ আলী খানৰ ঘৰত কাম কৰা তিনিজন পৰিচাৰকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চক সমান্তৰাল তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
 
ক্ৰাইম ব্ৰাঞ্চে ৭টা দল গঠন কৰি সন্দেহজনক লোকজনকৰ সন্ধান আৰম্ভ কৰিছে৷ এটা দলে চিচিটিভিৰ ফুটেজ স্কেন কৰি আছে। মুম্বাইৰ বিভিন্ন অঞ্চললৈ ৰাওনা হৈছে তিনিটা দল। সন্দেহজনক লোকজনৰ সন্ধানত মুম্বাইৰ পৰা ওলাই যাব এটা দল। ছেইফ আলী খানৰ দলে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। 
 
বিবৃতিত লিখা আছিল, "ছেইফ আলী খানৰ বাসগৃহত চুৰি কৰাৰ চেষ্টা কৰা হৈছিল। বৰ্তমান চিকিৎসালয়ত  তেওঁৰ অস্ত্ৰোপচাৰ চলি আছে। আমি সংবাদ মাধ্যম আৰু অনুৰাগীসকলক ধৈৰ্য্য ধৰিবলৈ অনুৰোধ জনাইছো। এয়া আৰক্ষীৰ বিষয়। পৰিস্থিতিৰ বিষয়ে আমি আপোনালোকক অৱগত কৰি থাকিম।" 
 
কৰীণা কাপুৰৰ দলেও একেধৰণৰ বক্তব্য শ্বেয়াৰ কৰি বিবৃতি প্ৰকাশ কৰিছে যে, "কালি নিশা ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ বাসগৃহত চুৰি কৰাৰ চেষ্টা কৰা হয়। বাসগৃহত প্ৰৱেশ কৰা অচিনাক্ত ব্যক্তি এজনে ছেইফৰ বাহুত আঘাত কৰিছিল যাৰ বাবে তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী পৰিয়ালটো ভালেই আছে। আমি সংবাদ মাধ্যম আৰু অনুৰাগীসকলক অনুৰোধ জনাইছো যে, ধৈৰ্য্য ধৰক। আৰক্ষীয়ে ইতিমধ্যে নিজৰ যথাযথ তদন্ত কৰি আছে। আপোনাৰ চিন্তাৰ বাবে সকলোকে ধন্যবাদ।"  
 
লীলাৱতী চিকিৎসালয়ৰ চি অ’ অ’ ডাঃ নিৰাজ উত্তমণীয়ে জনোৱা মতে, ছেইফ আলী খানক তেওঁৰ বান্দ্ৰা ঘৰত এজন অচিনাক্ত ব্যক্তিয়ে ছুৰীৰে আঘাত কৰাৰ পিছত পুৱা প্ৰায় ৩.৩০ বজাত তেওঁ চিকিৎসালয়লৈ অনা হৈছে। অভিনেতাজনৰ শৰীৰত ছটাকৈ স্থানত ছুৰীৰে আঘাতপ্ৰাপ্ত হৈছে, ইয়াৰে দুটা অতি গুৰুতৰ। তেওঁ মেৰুদণ্ডৰ ওচৰতো আঘাতপ্ৰাপ্ত হৈছে। 
 
স্নায়ুচাৰ্জন ডাঃ নীতিন ডাংগে, কচমেটিক চাৰ্জন ডাঃ লীনা জৈন, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ নিশা গান্ধীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে তেওঁৰ অস্ত্ৰোপচাৰ চলাই আছে।  
 
ছেইফ আলী খানক শেষবাৰৰ বাবে দেৱৰা পাৰ্ট ১ ত জুনিয়ৰ এন টি আৰ আৰু জানহৱী কাপুৰ, প্ৰকাশ ৰাজ, শ্ৰীকান্ত মেকা, টম শ্বাইন চাকো, আৰু নৰেইনৰ সৈতে দেখা গৈছিল। ছবিখন তেলেগু, তামিল, মালয়ালম, কানাড়া, হিন্দীকে ধৰি একাধিক ভাষাত মুক্তি লাভ কৰিছিল।