স্তন কেন্সাৰৰ সৈতে যুঁজি থকা সময়তে গোৱাত প্ৰাক-জন্মদিন উদযাপন অভিনেত্ৰী হিনা খানৰ

Story by  atv | Posted by  [email protected] • 27 d ago
অভিনেত্ৰী হিনা খান
অভিনেত্ৰী হিনা খান
 
নতুন দিল্লী
 
'য়েহ ৰিষ্টা ক্যা কেহলাতা হ্যে' আৰু 'বিগ বছ ১১' ৰ দৰে শ্ব’ৰ বাবে জনপ্ৰিয় টিভি অভিনেত্ৰী হিনা খানে শেহতীয়াকৈ নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে গোৱালৈ উৰা মাৰে। গোৱাত প্ৰেমিকৰ সৈতে অভিনেত্ৰী হিনা খানে প্ৰাক-জন্মদিন উদযাপন কৰিব। অভিনেত্ৰীগৰাকীৰ প্ৰকৃত জন্মদিন ২ অক্টোবৰত, কিন্তু জন্মদিনৰ অগতেই প্ৰাক-জন্মদিন উদযাপন কৰি তেওঁ নিজৰ বাবে ভাল সময় অতিবাহিত কৰাৰ সিদ্ধান্ত লৈছে।
 
যোৱা ২৪ ছেপ্টেম্বৰত হিনাই নিজৰ ইনষ্টাগ্ৰামত কেইবাখনো সুন্দৰ ছবি পোষ্ট কৰি অনুৰাগীসকলক তেওঁৰ ছুটীৰ আভাস দিছিল। ফটোবোৰত তেওঁৰ হোটেলৰ আৰামদায়ক কোঠাটো, বিশেষ মমবাতিৰ পোহৰত নিশাৰ আহাৰ (কেণ্ডেললাইট দিনাৰ) আৰু গ্ৰীণ টপ পিন্ধি উজ্জ্বল হাঁহি থকা চেলফি এখনো পোষ্ট কৰিছিল। ইয়াৰে এখন ছবিত হিনাই প্ৰেমিক ৰকীৰ সৈতেও প'জ দিছিল।
 
প্ৰেমিকৰ সৈতে অভিনেত্ৰী হিনা খান
 
টিভি উদ্যোগত সকলো সফলতা লাভ কৰাৰ পিছতো বৰ্তমান হিনাৰ বাবে কঠিন সময় চলি আছে। চলিত বৰ্ষৰ আৰম্ভণিতে হিনাই ষ্টেজ থ্ৰী স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা বুলি অনুৰাগীসকলক অৱগত কৰিছিল। এই খবৰে অনুৰাগী আৰু বহু লোকক স্তম্ভিত কৰি তুলিছিল যদিও কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজা সমগ্ৰ যুঁজখনত হিনাই অবিশ্বাস্যভাৱে সাহসী আৰু ইতিবাচক ৰূপ ধাৰণ কৰিছে। নিজৰ সাহস আৰু দৃঢ়তাৰে বহু লোকক অনুপ্ৰাণিত কৰি ছ’চিয়েল মিডিয়াত সময়ে সময়ে নিজৰ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰি আহিছে। সমগ্ৰ বিশ্বৰ পৰা তেওঁৰ অনুৰাগীয়ে তেওঁক মৰম আৰু সমৰ্থনেৰে ভৰা বাৰ্তা প্ৰেৰণ কৰি আহিছে।
 
যদিও তেওঁৰ এতিয়াও কৰ্কট ৰোগৰ চিকিৎসা চলিয়ে আছে, তথাপিও জন্মদিন ওচৰ চাপি অহাৰ লগে লগে অনুৰাগীসকলে তেওঁৰ বিশেষ দিনটো কেনেকৈ উদযাপন কৰিব সেয়া চাবলৈ উৎসাহিত হৈছে। ইমান কঠিন সময়ত শক্তিশালী আৰু ইতিবাচক হৈ থকাৰ বাবে তেওঁক অনুৰাগীসকলে প্ৰশংসা কৰি আহিছে।
 
ব্যক্তিগত প্ৰত্যাহ্বানৰ উপৰিও হিনা অভিনয়ৰ বাবে বিখ্যাত হৈয়েই আছে। 'য়েহ ৰিষ্টা ক্যা কেহলাতা হ্যে' ধাৰাবাহিক খনত অক্ষৰাৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল। 'বিগ বছ ১১' আৰু 'ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি'ৰ দৰে শ্ব’ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰতিটো পৰিস্থিতিৰ মাজতো হিনাই নিজৰ কাম আৰু ব্যক্তিগত শক্তি দুয়োটাৰে জৰিয়তে মানুহক অনুপ্ৰাণিত কৰি আহিছে।


শেহতীয়া খবৰ