আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰখ্যাত অভিনেতাজনে নিজৰ ব্যক্তিগত জীৱন, ধৰ্ম, ৰাজনীতি, দুৰ্নীতি, চিনেমা আৰু সপোন সন্দৰ্ভত তেওঁৰ চিন্তা-ধাৰণা আৰু বিশ্বাসৰ বিষয়ে আন্তৰিকতাৰে মতামত দাঙি ধৰে। তলত সাক্ষাৎকাৰৰ সবিশেষ দিয়া হ’ল।
প্ৰশ্ন: শৈশৱৰ আদিল হুছেইন আৰু আজিৰ আদিল হুছেইনৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: মোৰ পাৰ্থক্য চাগে এইটোৱে হ'ব, মানুহ লাহে লাহে ডাঙৰ হয়, বয়স বাঢ়ে, পঢ়া-শুনা কৰে। মোক সূক্ষ্ম, তীক্ষ্ণ আৰু গভীৰ হোৱাৰ অনুপ্ৰেৰণা মা-দেউতা আৰু মোৰ শিক্ষাগুৰুসকলে দিছিল। মোৰ এই গভীৰতা আৰু অলপ বেছি হ'ল যেতিয়া মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়িব গ'লো। তাত শিক্ষাগুৰুৱে মোক এনেকুৱা শিক্ষা দিলে, যিকোনো এটা ঘটনাক যে, ব্লেক এণ্ড হোৱাইট কৰাৰ চেষ্টা হৈ থাকে, তাৰ যে কেৱল এটা বা দুটা দিশে নাই, তাৰ যে বহুকেইটা দিশ থাকে সেয়া উপলব্ধি কৰিব পৰা হ'লো। বাল্যকালত হয়তো বহু কথা বুজি পোৱা নাছিলোঁ। কিন্তু এতিয়া বহু কথাই বুজা হ'লো। একেটা ঘটনাই মই যিধৰণে চাম, সেই একেটা ঘটনাতে অন্য এজনৰ দৃষ্টিভঙ্গী বেলেগ হ'ব পাৰে, যিকোনো ঘটনাৰ এটা বা দুটা দৃষ্টিভঙ্গী হে বুজিছিলোঁ, কিন্তু এতিয়া সকলোবোৰ দিশ চলি-জাৰি চাব পৰা হ'লো।
বলিউডৰ তাৰকা ছেইফ আলী খানৰ সৈতে আদিল হুছেইন
প্ৰশ্ন: আপোনাৰ এই যাত্ৰা কিমান প্ৰত্যাহ্বানমূলক আছিল ? আপোনাৰ প্ৰতিভাই সঠিক সময়ত স্বীকৃতি পাইছিল নে ?
উত্তৰ: সকলোৰে মাজত নিজৰ নিজৰ সুকীয়া প্ৰতিভা লুকাই থাকে। সেই প্ৰতিভাক নিজেই মানুহৰ ওচৰত বা নিজেই বিচাৰি উলিয়াব পাৰিছোঁ নে নাই সেইটো চাব লাগিব। এতিয়া আৰিফুল তোমাৰ প্ৰতিভা ধৰা সাংবাদিকতাত আছে, যদি তোমাৰ দেউতাই তোমাক মেডিকেল পঢ়িব ক'লেহেতেন, তুমি এজন খুব দুখী ডাক্তৰ হ'লাহেতেন। মই ভাবো পৃথিৱীৰ প্ৰায় ৯৯ শতাংশ মানুহে যি কাম কৰি ভাল পাই, সেইটো কৰিব পৰা নাই। মোৰ এই যাত্ৰাটোত কিমানৰ পৰা বাধা পাইছোঁ, সেইটো ক্ষেত্ৰত মই মানুহক দোষ দিব নোৱাৰো, এই কাৰণেই নোৱাৰো কাৰণ তেওঁলোকে ভবাই নাই, যে গোৱালপাৰাৰ নিচিনা ঠাই এখনৰ পৰা গৈ মই অভিনেতা হ'ব পাৰিব, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰিব।
আচলতে তেওঁলোকৰ সেইটোৱে মানসিকতা আছিল যে, মই এনেও কলা মানুহ.. মই কেনেকৈ অভিনয় কৰিব পাৰিম। মানুহৰ সেই প্ৰতিৰোধখিনি যদিও কিছু ক্ষেত্ৰত ঋণাত্মক আছিল, কিন্তু মোৰ ক্ষেত্ৰত মই ধনাত্মক আৰু প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিলো। মানুহে বা প্ৰকৃতিয়ে যদি মোক বাধা নিদিয়ে, তেন্তে মই কেনেকৈ জানিম, মই অভিনয় কিমান ভালপাওঁ। যদি সচাকৈয়ে মই অভিনয় ভালপাওঁ তেন্তে সকলো বাধা নেওঁচি মই মোৰ ভালপোৱা কামটোৰ বাবে অভ্যাস কৰিম বা প্ৰস্তুতি চলাম। মোৰ প্ৰতিভাক বাধা দিবলৈ মই কাকো অনুমতি নিদিওঁ। আনকি, মোৰ দেউতাকে মই অনুমতি দিয়া নাই।
এক অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে আদিল হুছেইন
এবাৰ মুম্বাইৰ শীৰ্ষ প্ৰডাকচন হাউচসমূহৰ ভিতৰত অন্যতম এটাৰ লগত কাম কৰোঁতে মোক এখন ষ্টেমপেপাৰ থকা চুক্তিত চহী কৰোৱাব বিচাৰিছিল। চুক্তিখনত আছিল যে, পৰৱৰ্তী দুটা বছৰত মই যিমান ছবি কৰিম তেওঁলোকৰ পৰা অনুমতি লৈ কৰিব লাগিব। লগে লগে মই প্ৰশ্ন কৰিলোঁ, আৰে এইটো কি কথা। মই মোৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দেউতাৰ কথাই শুনা নাই, তেওঁলোকৰ কথা কেনেকৈ শুনিম। তাৰ পিছত মই ই-মেইল যোগে ক'লো যে, আপোনালোকে এই চৰ্তটো উঠাই ল'লেহে মই আপোনালোকৰ সৈতে কাম কৰিম। পিছত তেওঁলোকে চৰ্তটো উঠাই ল'লে বাৰু।
প্ৰশ্ন: আৰম্ভণিতে আপুনি এগৰাকী থিয়েটাৰ অভিনেতা আছিল। কিহে আপোনাক চিনেমাৰ প্ৰতি আকৃষ্ট কৰিছিল ?
উত্তৰ: তোমাৰ প্ৰশ্নটো একেবাৰে শুদ্ধ নহয়। মই সৰুৰে পৰা অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, আমাৰ বিজু দা, নিপন দাক চাই ডাঙৰ হৈছোঁ। গতিকে চিনেমাত অভিনয় কৰাৰ ইচ্ছা মোৰ সৰুৰে পৰা আছিল। মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় যোৱাৰ আগতেও অসমত বহু ছবি কৰিছোঁ। তাৰ পিছত মই যেতিয়া অভিনয় শিকিবলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় গ'লো, তেতিয়াহে মই মঞ্চৰ প্ৰেমত পৰিছিলোঁ। মঞ্চই মোক মোৰ প্ৰতিভা দেখুৱাবলৈ চূড়ান্ত পৰ্য্যায়লৈ ঠেলি দিছিল। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যিবোৰ পৰিচালক আছে, তেওঁলোকে পৃথিৱীৰ আটাইতকৈ ভাল ভাল লিখকৰ কাহিনী লৈ আমাক নাটক কৰোৱাবলৈ আহে। সেই নাটকসমূহ বুজি পোৱাটোৱে ডাঙৰ কথা, সেই নাটকবোৰ আকৌ চৰিত্ৰাংকণ কৰি মঞ্চত উপস্থাপন কৰাটো বহুত ডাঙৰ কথা। মঞ্চত মই এবছৰত যিমান শান্তি পাওঁ, ভাৰতীয় চিনেমাত হয়তো ২৫-৩০ বছৰ কাম কৰিলেও সিমান শান্তি নাপাম। সেইবাবেই ১৯৯৩ চনৰ পৰা ২০০৯ চনলৈ মই ছবি কৰা নাছিলোঁ।
বলিউডৰ তাৰকা ছানী দেউলৰ সৈতে আদিল হুছেইন
২০০৮ চনত মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়ুৱাই আছিলো। তাত পঢ়ুৱাই মই ইমান টকাও পোৱা নাছিলো, তেতিয়া মোৰ বন্ধু এজনে তেওঁৰ ছবিত মই কাম কৰাটো বিচাৰিলে, সেইখন ছবি বহুত জনপ্ৰিয় হ'ল। ছবিখনৰ নাম আছিল "ইস্কীয়া"। ছবিখনত নাছিৰুদ্দিন শ্বাহ, আৰ্শ্বাদ ৱাৰ্ছী আছে আৰু বিদ্যা বালনে মোৰ পত্নীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। কিছুদিনৰ পিছত মোৰ বিয়া হ'ল। বিয়া কৰোৱাৰ পিছত মোক অলপ পইচা বেছিকৈ লগা হ'ল, তেতিয়াৰ পৰাহে মই চিনেমাত বেছিকৈ অভিনয় কৰিবলৈ ধৰিলো।
প্ৰশ্ন: চিনেমা বা চৰিত্ৰটো আপুনি কিহৰ ভিত্তিত বাচনি কৰে ?
উত্তৰ: ৯৯% চিনেমাৰ প্ৰথমে মই সাৰাংশটো পঢ়ি লওঁ, তাৰ পিছত মই "Character Brief" টো চাই লওঁ। তাৰ পিছত মোৰ অভিনয়খিনি বেলেগকৈ পঠিয়াবলৈ কওঁ। সকলোবোৰ পঢ়ি যদি মোৰ ভাল লাগে তেতিয়াহে মই পৰিচালকৰ লগত কথা পাতো^। পৰিচালকজন যদি চিনাকি নহয়, তেন্তে তেওঁৰ লগত কথা পাতি মোৰ ভাল লাগিব লাগিব। কাৰণ মই ৩০-৪০ দিনলৈ মোৰ পত্নী বা সন্তানৰ পৰা দূৰত থাকিব লাগিব। যদি কাম কৰা মানুহকেইজনৰ সান্নিধ্য মোৰ ভাল নালাগে, তেন্তে মই তেওঁলোকৰ লগত কাম কৰিব নোৱাৰো। তাৰোপৰি, যেতিয়া বেংকত পইচা কমি যায় আৰু সেইসময়ত অক্ষয় কুমাৰে এখন ছবি কৰিবলৈ মাতে, তেতিয়া কাহিনীটো অলপ চাই লৈ অভিনয় কৰোঁ।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিছে অভিনেতা আদিল হুছেইনে
প্ৰশ্ন: বলীউড আৰু হলীউডৰ তুলনাত আপুনি অসমীয়া চিনেমাত কমকৈ কাম কৰিছে, ইয়াৰ কাৰণটো কি ?
উত্তৰ: যেতিয়া অসমৰ পৰা এটা চিত্ৰনাট্য মোৰ ওচৰলৈ আহে তেতিয়া মই একেটা নিয়মে মানি চলোঁ। সকলো চিনেমাৰ ক্ষেত্ৰতে মই একে ধৰণেই কাম কৰোঁ। অসমীয়া চিনেমাৰ মানদণ্ড মই কেতিয়াও তলত বুলি ভাবিব নোৱাৰোঁ। যদি তেনেকুৱা মানদণ্ড থকা চিনেমা মোৰ ওচৰত আহে মই কৰোঁ। অন্য চিনেমাত যেনেদৰে মানদণ্ড চাই কাম কৰোঁ, তেনেকৈ অসমীয়া চিনেমাটো চাওঁ। শৃংখল বুলি অসমীয়া চিনেমা এখন কৰিছোঁ, সেইখন বৰ ধুনীয়া ছবি। তাৰ পিছত কৰিছোঁ মই 'মাজৰাতিৰ কেতেকী', 'কথানদী'। অসমীয়া চিনেমাত পইচাৰ কথা মই ভাবিবই নোৱাৰো, কাৰণ অসমত পইচাটো খুব কম, গতিকে চিনেমাখনৰ মানদণ্ড ভাল হ'লে মই কৰোঁ। বিদেশী ছবি বা মুম্বাইত যিদৰে পইচা দিয়ে, সেইদৰে অসমীয়া চিনেমাত বিচাৰিলেও নহ'ব, কাৰণ সিমান পইচা অসমত দিবও নোৱাৰে। যেতিয়া কলাৰ দৃষ্টিভঙ্গীৰে ছবি এখন উচ্চ মানদণ্ডৰ হয়, তেতিয়া মই কৰোঁ আৰু মোৰ সময়খিনি ভাল কাম এটাত লাগিল বুলি মই ভাবো।
প্ৰশ্ন: শেহতীয়া কেইখনমান অসমীয়া চিনেমাক দৰ্শকে আদৰি লোৱা দেখা গৈছে, যেনে 'ৰঘুপতি', তেনে পৰিপ্ৰেক্ষিতত অসমীয়া চিনেমাৰ ভৱিষ্যতটো আপুনি কি বুলি ভাৱে ?
উত্তৰ: অসমীয়া নতুন ছবি বা 'ৰঘুপতি' মই এতিয়ালৈ চোৱা নাই। 'ডঃ বেজবৰুৱা' ছবিখন মই নিপন দাই কৰা কাৰণে কৰিলোঁ। ভাল দিন অহা বুলি মই তেতিয়া কম যেতিয়া কলাসন্মতভাৱে এখন চিনেমা ভাল হয়। ৰিমা দাসৰ 'তৰা'ছ হাছবেণ্ড' নামৰ ছবিখন খুব ভাল হৈছে। সেই চিনেমাখন অসমীয়া ছবিজগতৰ এখন শ্ৰেষ্ঠ ছবি। এতিয়া ছবি এখন মই কি চাই ভাল বুলি কম ? ব্যৱসায় নে কলা?
মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাৰ সৈতে আদিল হুছেইন
প্ৰশ্ন: ধৰ্মক আদিল হুছেইনে কিদৰে গ্ৰহণ কৰে ?
উত্তৰ: মই ভাবো ধৰ্ম এটা একান্ত ব্যক্তিগত বিষয়। মই ক'ব বিচাৰো যে কোনোবাই হিন্দু ঘৰ এখনত জন্ম লৈও হিন্দু হ'ব নোৱাৰে বা মুছলমানৰ ঘৰত জন্ম ল'লেও মুছলমান হৈ যাব নোৱাৰে। হিন্দুত্ববাদৰ যিবোৰ একেবাৰে উপৰখাপৰ মূল্যবোধ, সেইবোৰ মানি চলা লোককহে মই প্ৰকৃত হিন্দু বুলি কম। মুছলমানৰ ক্ষেত্ৰতো একেই। দৰাচলতে অমি আগতে হিন্দু আছিলোঁ। আমাৰ ভাৰতবৰ্ষৰ সভ্যতা হৈছে দহ হাজাৰ বছৰ পুৰণি। আমাৰ পূৰ্বপুৰুষে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেইটো বেলেগ কথা। মই যদি দেউতাৰ কথা নুশুনি অভিনেতা হ'ব পাৰোঁ, পূৰ্বপুৰুষৰ কথা কিয় মানি চলিম। মই ভাবো স্কুলত যিদৰে আমি বিষয় এটা বাচি লওঁ, তেনেদৰে ল'ৰা-ছোৱালীক সকলো ধৰ্মগ্ৰন্থ পঢ়াৰ সুযোগ দিব লাগে। তুমি কোৰআন, গীতা, বাইবেল সকলো পঢ়া। তাৰপিছত বাছি লোৱা যে তুমি কি ধৰ্ম মানি চলিবা। মই মোৰ সৃষ্টিকৰ্তাৰ লগত যিটো সম্পৰ্ক সৃষ্টি কৰিম, তাৰ ওপৰত কথা কোৱাৰ কাৰো অধিকাৰ নাই। মোৰ দেউতাৰো নাই, সমাজৰো নাই, চৰকাৰৰো নাই। মই কি ধৰ্ম মানি চলিম, তাত কাৰো মাত মতাৰ অধিকাৰ নাই।
প্ৰশ্ন: অসমক পূৰ্বৰে পৰা শংকৰ আজানৰ দেশ বুলি কোৱা হয়, বৰ্তমান বহু ক্ষেত্ৰত কিন্তু বিভেদ দেখা যায়, আপুনি কেতিয়াবা এনেকুৱা ঘটনাৰ সাক্ষী হৈছে নেকি ?
উত্তৰ: মই ব্যক্তিগতভাৱে ক'তো এনেধৰণৰ ঘটনাৰ মুখামুখি হোৱা নাই। সাধাৰণতে যাৰদ্বাৰা এনেকুৱা ঘটনা সংঘটিত কৰা হয়, তেওঁলোকক ব্যৱহাৰ কৰা হয়। এই মানুহখিনিৰ পঢ়া-শুনা কম। যিসকলে ব্যৱহাৰ কৰে তেওঁলোক অত্যন্ত বুদ্ধিমান। ধৰ্মৰ ভিত্তিত কাজিয়াৰ সৃষ্টি কৰা সকলে ধৰ্মটোক ভালদৰে নাজানেই বা মানিও নচলে। কিন্তু ধৰ্মটোক ব্যৱহাৰ কৰি তেওঁলোকৰ ব্যক্তিগত উলিয়াই আছে। মই গোটেই ভাৰতবৰ্ষত বাইক লৈ দুই বছৰ ঘূৰিছোঁ। গাঁৱে গাঁৱে গৈছোঁ, কেতিয়াও মই এনে ঘটনাৰ সন্মুখীন হোৱা নাই। য'ত এঘৰো মুছলমান মানুহ নাই, তেনে ঠাইতো মই ধুনীয়াকৈ থাকি আহিছোঁ।
সংগীত সম্ৰাট এ আৰ ৰহমানৰ সৈতে আদিল হুছেইন
যেতিয়াই মই ধৰ্মৰ কাজিয়া হোৱা শুনো, এই সকলোবোৰ কাজিয়া ৰাজনীতিৰ বাবেই হয়। আৰিফুল তোমাৰ নামটো মুছলমান নাম নহয়, তোমাৰ নামটো আৰবী ভাষাৰ নামহে হয়। পৃথিৱীত বহু আৰৱী কোৱা মানুহ আছে, যিসকল মুছলমান নহয়। মোৰ নামটো আদিল হুছেইন শুনাৰ লগে লগে মানুহে ধাৰণা কৰি লয় যে মই মুছলমান। আৰৱী হৈছে এটা ভাষা, ইছলাম হৈছে ধৰ্ম। ভাষাৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই। এতিয়া যদি হজৰত মহম্মদ(ছ:) নৰৱে'ত জন্মগ্ৰহণ কৰিলেহেঁতেন তেতিয়া তেওঁ নৰৱিজেন হ'লহেঁতেন। সেয়েহে, যিবোৰ ধৰ্মীয় সংঘাত হয়, সকলোবোৰ ৰাজনীতি বা ক্ষমতাৰ কাৰণেই হয় বুলি মই ভাবোঁ।
প্ৰশ্ন: এজন ভাৰতীয়ৰ সংজ্ঞা আপোনাৰ মতে কি ?
উত্তৰ: আগতে ভাৰতৰ সীমা আফগানিস্তানলৈকে আছিল বুলি শুনিছিলোঁ, এতিয়া বৰ্তমানৰ ৰাজনৈতিক সীমাটো মই মানি লৈছোঁ। ভাৰতৰ সীমাৰ ভিতৰত থাকি যিসকল লোকে আদি যুগৰ পৰা চলি অহা ভাৰতীয় সভ্যতা আৰু সংস্কৃতি মানি চলিছে আৰু ইয়াৰ দাৰ্শনিক শাস্ত্ৰক সন্মান জনাইছে, তেওঁলোকেই ভাৰতীয়। এইখন দেশত আজান ফকীৰো আহিছে, খোৱাজা মইনুদ্দীন চিষ্টিও আহিছে। তেওঁলোকৰ ওচৰত সকলো ধৰ্মৰ মানুহে যায়। এতিয়া সৃষ্টিকৰ্তাৰ লগত মোৰ যিটো সম্পৰ্ক সেইটো ব্যক্তিগত। সেই ব্যক্তিগত সম্পৰ্কটোক সন্মান কৰাটো জৰুৰী, যদি কোনোবাই সেইটো সন্মান কৰা নাই, তেন্তে তেওঁ ভাৰতীয় সভ্যতাক গ্ৰহণ কৰা নাই, তাৰমানে তেওঁ ভাৰতীয় নহয়।
অমিতাভ বচ্চনৰ সৈতে আদিল হুছেইন
এই সভ্যতাক মানিবলৈ তেওঁলোকক তেনেকুৱা শিক্ষাও দিব লাগিব। আমাৰ শিক্ষা নীতিটো হৈছে ইংৰাজে এৰি থৈ যোৱা শিক্ষানীতি। আমাৰ শিক্ষানীতিয়ে অলপ পঢ়া-শুনা কৰি কেৱল পইচা উপাৰ্জনৰ পথ এটা মোকলাই দিয়াৰহে ব্যৱস্থা কৰে। জ্ঞানৰ ভাণ্ডাৰটো খুব কমকে দিয়া হয়। এতিয়া মানুহে সৎ-অসৎ দুয়োটা পথেৰে পইচা উপাৰ্জন কৰে। দুৰ্নীতিৰ কথা মানুহে এতিয়া সাধাৰণভাৱে আলোচনা কৰে। তোমাৰ উপাৰ্জন কিমান বা দৰমহা কিমান আৰু এক্সট্ৰা কিমান আহে? হাৰে এইটো কি কথা। দুৰ্ভাগ্যজনকভাৱে দুৰ্নীতিক সামাজিক মান্যতা দিয়া হৈছে। মোৰ দেউতাই মোক কৈছে, যে তই যদি অসৎ পথেৰে এক টকাও উপাৰ্জন কৰা, তেনেহ'লে তই মোৰ লৰাই নহয়। মই সেইটো এতিয়াও মানি চলোঁ। ছবি কৰিলে মোক কলা-ধন দিব বিচাৰে, মই তেতিয়া কওঁ এইবোৰ মোক নালাগে, মোৰ যি পাব লগা আছে সেয়া মোক মোৰ বেংকেৰ জড়িয়তে দিয়া। ১ পইচা খালেও দুৰ্নীতি, ১ কোটি টকা খালেও দুৰ্নীতিয়ে হয়।
প্ৰশ্ন: আপোনাৰ জনপ্ৰিয়তা দেখি যদি আপোনাক কোনোবাই ৰাজনীতিত যোগদান কৰাৰ বাবে আমন্ত্ৰণ কৰে, কৰিব নে?
উত্তৰ: ৰাজনীতিৰ আমন্ত্ৰণ মোৰ ওচৰলৈ ২০১৪ চনতে আহিছিল। তেতিয়াই মই কৈছিলোঁ যে, মই যোৱা চাৰিটা দশক ধৰি ভাল অভিনয় কৰিব চেষ্টা কৰি আছো, আজিলৈ পৰা নাই। মই হঠাৎ এক ৰাতিত ৰাজনীতিবিদ কেনেকৈ হৈ যাওঁ ? মই ৰাজনীতি পঢ়া নাই, অৰ্থনীতি পঢ়া নাই, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক পঢ়া নাই, সমাজ অধ্যয়ন পঢ়া নাই। এইবোৰ বিষয় নপঢ়াকৈ মোৰ ৰাজনীতি কৰিবলৈ কোনো ইচ্ছা নাই। ৰাজনীতি কৰিবলৈ বহু অধ্যয়ন কৰিব লাগিব। ৰাজনীতি কৰিবলৈ মানুহক সেৱা কৰাৰ প্ৰৱণতাটোও থাকিব লাগিব। সেইটোক মই স্বধৰ্ম বুলি কওঁ। যেতিয়া এজন গায়কক পুলিচৰ চাকৰি দিয়া হয়, তেতিয়া কেনেকৈ হ'ব। তুমি যিটো কাম কৰি ভাল পোৱা বা তুমি ফিট, সেইটো কাম কৰিলেহে তুমি আগুৱাই যাব পাৰিবা।
বলিউডৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ সৈতে অভিনেতা আদিল হুছেইন
মোৰ বহুত এনেকুৱা অভিনেতা, শিল্পী বন্ধু আছে, তেওঁলোক এতিয়া পুলিচ। তেওঁলোকে কেনেকৈ ভাল পুলিচৰ কাম কৰিব। অন্তৰৰ পৰা যিটো নাহে, সেইটো জাপি দিলে বেয়া হয়। মই ভাবো ৰাজনীতি কৰিবলৈ ভালদৰে অধ্যয়ন কৰিব লাগে, কেৱল অৰ্থনৈতিকভাৱে সবল হ'লেই নহ'ব, এই ক্ষেত্ৰত মানসিকভাৱেও সবল হ'ব লাগিব। মই ভাবো আজিৰ যুগত অধিকাংশ ৰাজনীতিবিদৰ একমাত্ৰ উদ্দেশ্য হৈছে নিজৰ ব্যৱসায়।
প্ৰশ্ন: এনেকুৱা কোন ব্যক্তিৰ লগত কাম কৰিবলৈ আপোনাৰ এতিয়াও বহুত হেঁপাহ আছে, যাৰ লগত আপুনি কেতিয়াও কাম কৰা নাই?
উত্তৰ: ভাৰতবৰ্ষত আমোল পালেকাৰৰ লগত কাম কৰাৰ বহুত ইচ্ছা আছে। বাহিৰৰ দেশত বেন কিংছলে, ৰবাৰ্ট ডিনেৰো, ডেনিল ডিলুইছ। পৰিচালক আছে যেনে মাৰ্টিন স্কোছেছি আৰু জাপানীছ পৰিচালক আছে কিছুমান। তেওঁলোকৰ লগত কাম কৰিবলৈ বিৰাট ইচ্ছা আছে।