পায়েল কাপাডিয়াৰ সৈতে ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ সভাপতি অভয় সিনহা (বাঁওফালৰ পৰা দ্বিতীয়গৰাকী)
অজিত ৰায়
কিৰণ ৰাও আৰু আমিৰ খানৰ বহু চৰ্চিত ছবি ‘লাপাটা লেডিজ’ অস্কাৰ বঁটাৰ প্ৰথম ৰাউণ্ডত প্ৰতিযোগিতাৰ পৰা বাদ পৰাৰ পিছত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থা (IMPA)ৰ সভাপতি অভয় সিনহাই কয় যে এতিয়াৰ পৰা আইএমপিএই এই সন্মানীয় বঁটাৰ বাবে আনুষ্ঠানিক প্ৰৱেশৰ নিৰ্বাচন প্ৰক্ৰিয়াত ভূমিকা গ্ৰহণ কৰিব বিচাৰিব।
সিনহাই কয় যে ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্বৰ সৰ্ববৃহৎ সংস্থা ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি আৰ্ট ফটোগ্ৰাফিক (এফ আই এ পি)-এ ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাক সদস্যপদ প্ৰদান কৰিছে। ভাৰতত কেৱল ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়া (এফএফআই) আৰু নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন (এনএফডিচি)হে সদস্য, আৰু দুয়োটাই বছৰ বছৰ ধৰি এফআইএপিক বাৰ্ষিক সদস্যপদ দিয়া নাই।
আন্তৰ্জাতিক ফটোগ্ৰাফিক আৰ্ট ফেডাৰেচনে নিজৰ নিৰ্ধাৰিত মাপকাঠীৰ ভিত্তিত বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱক স্বীকৃতি দিয়ে। কাঁ, বাৰ্লিন, ভেনিচ, টৰন্টো, বুছানৰ দৰে শ শ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱক এই সংস্থাই স্বীকৃতি দিছিল।
ভাৰতত এই সংস্থাটোৱে মাত্ৰ চাৰিটা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱক স্বীকৃতি দিছে, সেয়া হৈছে-গোৱা, কেৰালা, বাংগালুৰু আৰু কলকাতা। সিনহাই কয় যে ২০২৪ চনৰ জুন মাহত এফআইএপিৰ সদস্য হোৱাৰ পিছত আইএমপিএইও অস্কাৰ বঁটাত প্ৰৱেশ পত্ৰ প্ৰেৰণৰ বাবে কৰ্তৃত্ব লাভ কৰিছে। এতিয়ালৈকে ভাৰতীয় ফিল্ম ফেডাৰেচনে অস্কাৰৰ বাবে প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰিছে যিবোৰ জুৰীয়ে ক্লিয়াৰ কৰে।
অভয় সিনহাই কয় যে ভাৰতীয় ফিল্ম ফেডাৰেচনে অস্কাৰ বঁটাৰ বাবে প্ৰেৰণ কৰা ছবিসমূহৰ ষ্ট্ৰাইক ৰেট খুব বেয়া। অস্কাৰ বঁটাৰ বিগত ৯৭ বছৰত মাত্ৰ তিনিখন ভাৰতীয় ছবিয়েহে চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰিছে, সেয়া হৈছে-মেহবুব খানৰ মাদাৰ ইণ্ডিয়া (১৯৫৭), মীৰা নায়াৰৰ ছালাম বম্বে (১৯৮৮), আৰু আশুতোষ গোৱাৰিকৰ আৰু আমীৰ খানৰ লগান (২০০১)।
লাপাটা লেডিজ ছবিখনৰ এখন পোষ্টাৰ
শেহতীয়াকৈ গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থা (আইএমপিএ)ই প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত অংশগ্ৰহণ কৰি বিলাসী ফ্ল'ৱেটিং ক্ৰুজ নিয়োগ কৰে। আইএমপিএই বিশেষভাৱে ছবিৰ কপিৰাইটৰ ওপৰত ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি আৰ্ট ফটোগ্ৰাফিক (এফআইএপি)ৰ বিশেষজ্ঞ বাৰ্ট্ৰেণ্ড মৌলিয়েৰ (চিনিয়ৰ এডভাইজাৰ, ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ)ক আমন্ত্ৰণ জনাইছিল।
এই কাম পৰিচালনা কৰে আইএমপিএৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা মুৰব্বী ইউছুফ শ্বেখে। ফিল্ম বজাৰতো ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাই নিজৰ ষ্টল স্থাপন কৰে। পাঁচদিন ধৰি ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ ক্ৰুজত কেইবা ডজনো ছবিৰ ট্ৰেইলাৰ আৰু পোষ্টাৰ মুকলি কৰা হয়, নেটৱৰ্কিং পাৰ্টি অনুষ্ঠিত কৰা হয় আৰু চিনেমা বজাৰৰ সৈতে জড়িত কাম-কাজ চলোৱা হয়।
যোৱা বছৰ আইএমপিএই এই কথা মনত ৰাখি ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ বজাৰত অংশগ্ৰহণ কৰিছিল যে হাজাৰ হাজাৰ সৰু চলচ্চিত্ৰ নিৰ্মাতাই বিশ্বজুৰি নিজৰ কৰ্মৰাজি প্ৰদৰ্শন কৰাৰ সামৰ্থ্য নাই। এইবাৰ ভাৰতীয় চিনেমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ ৭৫ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৩-২৩ ফেব্ৰুৱাৰী ২০২৫) অংশগ্ৰহণ কৰিব আইএমপিএৰ এটা প্ৰতিনিধি দলে। ১৯৩৭ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থা হৈছে প্ৰায় ৪০ হাজাৰ সদস্যৰে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাৰ আটাইতকৈ পুৰণি সংগঠন।
মনত ৰাখিব যে পায়েল কাপাডিয়াৰ ছবিখন ভাৰতীয় ফিল্ম ফেডাৰেচনৰ জুৰীৰ দ্বাৰা অস্কাৰ বঁটাৰ বাবে নিৰ্বাচিত নহ’লেও সন্মানীয় গোল্ডেন গ্ল’ব বঁটাৰ বাবে দুটা মনোনয়ন লাভ কৰিছিল; শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালকৰ শাখাত। গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিগণিত হৈছে পায়েল কাপাডিয়া।
অস্কাৰ বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াৰ জুৰীৰ অধ্যক্ষ জাহ্নু বৰুৱাৰ বক্তব্য প্ৰকাশ পাইছে যে এই ছবিখন কাৰিকৰীভাৱে দুৰ্বল। তেওঁৰ দ্বাৰা নিৰ্বাচিত কিৰণ ৰাওৰ ছবি ‘লাপাটা লেডিজ’ প্ৰথম ৰাউণ্ডত অস্কাৰ বঁটা প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ সময়তে তেওঁ এই মন্তব্য আগবঢ়াইছিল। তেওঁৰ এই বক্তব্যৰ প্রতিক্রিয়াত হান্সল মেহতা, সুধীৰ মিশ্ৰ আদি চিনেমা নির্মাতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আইএমপিএৰ সভাপতি অভয় সিনহাই কয় যে আমি চিনেমাৰ মানদণ্ডৰ প্ৰতি সংবেদনশীল মনোভাৱ গ্ৰহণ কৰিব লাগিব, তেতিয়াহে ভাৰতীয় চিনেমাই বিশ্ব পৰ্যায়ত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব। এই বছৰ অস্কাৰ বঁটাত ভাৰতৰ পৰা মনোনয়ন লাভৰ বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কয় যে ইমপিএ (IMPA)ই ইয়াত হস্তক্ষেপ কৰাৰ সময় আহি পৰিছে।
বিহাৰৰ ভোজপুৰ জিলাৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা অভয় সিনহা বৰ্তমান ভোজপুৰী ছবিৰ সৰ্ববৃহৎ প্ৰযোজক। তেওঁ এতিয়ালৈকে পঞ্চাশখনতকৈও অধিক ছবি নিৰ্মাণ কৰিছে। তেওঁৰ বহু ভোজপুৰী ছবিৰ শ্বুটিং লণ্ডনত কৰিছে।