লাহে লাহে শ্ৰৱণ শক্তি হেৰুৱাইছে অলকা য়াগনিকে

Story by  atv | Posted by  Munni Begum • 2 Months ago
অলকা য়াগনিক
অলকা য়াগনিক
 
আৱাজ-দ্য ভইচ / নতুন দিল্লী
 
ভাইৰেল সংক্ৰমণৰ ফলত শ্ৰৱণ ক্ষমতা হেৰুৱাইছে জনপ্ৰিয় প্লেবেক গায়িকা অলকা য়াগনিকে। ইয়াৰ ফলত তেওঁৰ গান গোৱাৰ ক্ষেত্ৰত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পাইছে। এই কঠিন সময়ত কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।   
 
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এক পোষ্টত আলকা য়াগনিকে কয় যে, চিকিৎসকে তেওঁৰ এই বিৰল চেন্সৰস্নায়ুৰ ৰোগ নিৰাময়ৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে কিছুদিন পূৰ্বে তেওঁ ভ্ৰমণৰ বাবে বাহিৰলৈ গৈছিল। হঠাৎ  তেওঁৰ এনে লাগিছিল যেন তেওঁ একো শুনা পোৱা নাছিল।  

তেওঁ  তেওঁৰ পোষ্টটোত লগতে উল্লেখ কৰিছে যে, এই কাৰণেই তেওঁ সাধাৰণ মানুহৰ পৰা আঁতৰি আছে। এই ৰোগত তেওঁ হঠাৎ আক্ৰন্ত  হৈছে, যিটো তেওঁ নিজেও বুজিবলৈ চেষ্টা কৰি আছে। ভাৰতীয় শিল্পী আৰু অনুৰাগীসকলেও অলকা য়াগনিকৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। সংগীত বিশেষজ্ঞসকলৰ মতে, যেতিয়া শ্ৰৱণ শক্তি দুৰ্বল হৈ পৰে তেতিয়া গান গোৱা ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পায়।    

 
চেন্সৰ-স্নায়ুৰ বধিৰতা কি?

ভিতৰৰ কাণ বা কাণৰ পৰা মগজুলৈ যোৱা স্নায়ুৰ ক্ষতিৰ ফলত শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলোৱা অৱস্থাক চেন্সৰিনিউৰেল হিয়াৰিং লছ (SNHL) বুলি কোৱা হয়। হেল্থলাইনৰ মতে, এয়া বয়স বৃদ্ধি পোৱা প্ৰক্ৰিয়াৰ এক স্বাভাৱিক অংশ।   
 
প্ৰাপ্তবয়স্কৰ ৯০ শতাংশতকৈ অধিক শ্ৰৱণ ক্ষমতা হেৰুৱাৰ কাৰণ এই অৱস্থা। SNHL-ৰ সচৰাচৰ কাৰণবোৰৰ ভিতৰত আছে উচ্চস্বৰৰ  শব্দৰ সংস্পৰ্শলৈ অহা, আনুবংশিক কাৰক বা প্ৰাকৃতিক বয়স বৃদ্ধি প্ৰক্ৰিয়া। 
 
যদিও SNHL-এ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা অৱস্থা নহয়, তথাপিও সময়মতে ইয়াক পৰিচালনা নকৰিলে ই আপোনাৰ যোগাযোগৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে কোৱা হৈছে যে ইয়াৰদ্বাৰা কণ্ঠশিল্পী আলকাৰ গান গোৱাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। 
 
চেন্সৰস্নায়ুৰ শ্ৰৱণ ক্ষমতা হেৰুৱা 
 
গুৰুগ্ৰামৰ চি কে বিৰলা হাস্পতালৰ পৰামৰ্শদাতা, এলাৰ্জি বিশেষজ্ঞ আৰু ই এন টি বিশেষজ্ঞ ডাঃ বিজয় ভাৰ্মাৰ মতে, হঠাৎ চেন্সৰিনিউৰেল হিয়াৰিং লছ (SSNHL) এক অস্বাভাৱিক অৱস্থা, যিয়ে সকলো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে।
 
অলকা য়াগনিকে এক অনুষ্ঠানত গীত পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
উচ্চস্বৰৰ শব্দ, সংক্ৰমণ, অটোইম্যুন ৰোগ, স্নায়ুজনিত সমস্যা, ৰক্তবাহী নলীৰ সমস্যা, আঘাত, কিছুমান ঔষধ, আনকি টিউমাৰ আদি বহুতো কাৰণত এই ৰোগৰ সৃষ্টি হ’ব পাৰে। শ্ৰৱণ ক্ষমতা হেৰুৱাৰ তীব্ৰতা সামান্য সাময়িক শ্ৰৱণ ক্ষমতা হেৰুৱাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ বধিৰতালৈকে হ'ব পাৰে।  

সংবেদনশীল স্নায়ু বধিৰতাৰ লক্ষণসমূহ কি কি? 
 
বিভিন্ন কাৰণত ওপৰত নিৰ্ভৰ কৰি SNHL-ত এখন বা দুয়োখন কাণে আক্ৰান্ত হ’ব পাৰে আৰু সেই কাৰণবোৰ হৈছে--
 
- অধিক কোলাহলত শব্দ শুনাত অসুবিধা হয়
 
 -শিশু আৰু মহিলাৰ মাত বুজিবলৈ বিশেষ অসুবিধা 
 
-মূৰ ঘূৰোৱা বা ভাৰসাম্যৰ সমস্যা
 
-উচ্চস্বৰৰ শব্দ শুনাত অসুবিধা হয়
 
-শব্দ আৰু  শব্দবোৰ গধুৰভাৱে শুনা  পোৱা
 
-শব্দ শুনিব পাৰিলেও বুজিব নোৱাৰা যেন অনুভৱ হোৱা
 
-টিনিটাছ (কাণত বাজি থকা)
 
নিজেই চিকিৎসা কৰাৰ ভুল নকৰিব 
 
ডাঃ ভাৰ্মাৰ মতে দুৰ্ভাগ্যজনকভাৱে কিছুমানে SNHLক কাণৰ মোম জমা হোৱা বা তীব্ৰ চৰ্দিৰ ফলত হোৱা ৰোগ বুলি ভুল কৰি কাণৰ ঔষধ  বা আন কোনো ঔষধেৰে নিজেই চিকিৎসা কৰাৰ চেষ্টা কৰে।
 
এক অনুষ্ঠানত গীত পৰিবেশন কৰিছে অলকা য়াগনিকে
 
কিন্তু এনে কৰাটো অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত সঠিক নিদান পোৱাত পলম হয় আৰু বহু ক্ষেত্ৰত সমস্যাটো আৰু জটিল হৈ পৰে। লক্ষণ দেখা দিয়াৰ ২৪ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত প্ৰাথমিক চিকিৎসা কৰিলে শ্ৰৱণ ক্ষমতা পুনৰ লাভ কৰাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। 
 
চেন্সৰ-স্নায়ুৰ বধিৰতা কি?
 
বৰ্তমান SNHL-ৰ চিকিৎসাৰ বাবে কোনো অস্ত্ৰোপচাৰৰ বিকল্প নাই। হেল্থলাইনৰ মতে, আটাইতকৈ সাধাৰণ বিকল্প হ’ল শ্ৰৱণ যন্ত্ৰ আৰু কক্লিয়াৰ ইমপ্লাণ্ট যিয়ে আপোনাক  হেৰুৱাৰ শ্ৰৱণ ক্ষমতা ঘুৰাই আনাত সহায় কৰে। ডাঃ ভাৰ্মাই কয় যে হঠাতে চেন্সৰ-স্নায়ুৰ শ্ৰৱণ ক্ষমতা হেৰুৱাৰ (SNHL) চিকিৎসাত সাধাৰণতে প্ৰদাহ হ্ৰাস কৰা আৰু ভিতৰৰ কাণলৈ তেজৰ সোঁত উন্নত কৰাৰ লক্ষ্যৰে ঔষধ আৰু চিকিৎসা কৰা হয়।