মহম্মদ ছামীৰ সৈতে বিবাহৰ উৰাবাতৰিৰ মাজতে ভাল খবৰ দিলে ছানিয়া মিৰ্জাই

Story by  atv | Posted by  [email protected] • 2 Months ago
পুত্ৰৰ সৈতে ছানিয়া মিৰ্জা (ঈদৰ সময়ৰ ফটো)
পুত্ৰৰ সৈতে ছানিয়া মিৰ্জা (ঈদৰ সময়ৰ ফটো)
 
হায়দৰাবাদ

বিগত দুটা দশক ধৰি ছানিয়া মিৰ্জা ভাৰতৰ অন্যতম সফল মহিলা টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এজন পুত্ৰ সন্তানৰ মাতৃ ছানিয়াই টেনিছ ক’ৰ্টত ঈৰ্ষণীয় সাফল্য আৰু ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে সমগ্ৰ বিশ্বতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱাইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে তেওঁ সঘনাই চৰ্চাৰ মাজলৈ আহি আছে। 
 
এই ব্যক্তিগত ঘটনাৰ মাজতে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ সৈতে তেওঁৰ বিবাহৰ বিষয়ে এক উৰাবাতৰি প্ৰচাৰ হৈছে। অৱশ্যে এই জল্পনা-কল্পনাক খাৰিজ কৰিছে ছানিয়াৰ পিতৃ ইমৰাণ মিৰ্জাই।
বুধবাৰে ইনষ্টাগ্ৰামত ছানিয়া মিৰ্জাই ঘোষণা কৰে যে আমেৰিকাৰ আইচক্ৰীম কোম্পানী হাগেন-ডাজছৰ ৰোজ প্ৰজেক্টৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, Häagen-Dazs ৰ বাৰ্ষিক ৰাজহ ৩,৭০৫ কোটি টকা।
 
২০২৩ চনত হাগেন-ডাজে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা তেওঁলোকৰ ৰ'জ প্ৰকল্প আৰম্ভ কৰে। এই বিশ্বব্যাপী পদক্ষেপৰ জৰিয়তে Häagen-Dazs ৰ প্ৰেৰণাদায়ক সহ-প্ৰতিষ্ঠাপক ৰোজ মেটাছে সকলো স্তৰতে মহিলাসকলক সমৰ্থন কৰাৰ লক্ষ্য ৰাখিছে। এই প্ৰকল্পটোৱে সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা অগ্ৰণী মহিলাসকলক উদযাপন কৰে।
 
 
উল্লেখ্য যে, পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত জীৱটোক নতুন ধৰণে আগুৱাই নিয়াৰ লক্ষ্যৰে শেহতীয়াকৈ ছানিয়া মিৰ্জাই পবিত্ৰ হজ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক আন্তৰিক বাৰ্তাৰ জৰিয়তে ছানিয়াই হজৰ আধ্যাত্মিক তীৰ্থযাত্ৰাৰ সময়ত গভীৰ অৰ্থপূৰ্ণ আৰু পৰিৱৰ্তনশীল অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছিল।

"এক নতুন আৰু পৰিৱৰ্তনশীল অভিজ্ঞতাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত মই যিকোনো অন্যায় আৰু ভুলৰ বাবে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছো। মোৰ ভালৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। নম্ৰ হৃদয় আৰু শক্তিশালী বিশ্বাসেৰে এজন উন্নত মানুহ হিচাপে প্ৰত্যাৱৰ্তন কৰিম।"-ছানিয়াই কয়।