কিংবদন্তী গায়ক মহম্মদ ৰফিক জীৱিত কৰি তোলাৰ প্ৰয়াস

Story by  Munni Begum | Posted by  Munni Begum • 4 Months ago
প্ৰাপ্তি ঠাকুৰ আৰু স্মাৰক অনুষ্ঠানৰ এখন বেনাৰ (সোঁফালে)
প্ৰাপ্তি ঠাকুৰ আৰু স্মাৰক অনুষ্ঠানৰ এখন বেনাৰ (সোঁফালে)
 
মুন্নী বেগম / গুৱাহাটী 
 
কিংবদন্তী গায়ক মহম্মদ ৰফিৰ কণ্ঠই ধৰ্ম আৰু ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি মানুহক একত্ৰিত কৰি ৰাখিছে। যেতিয়া মহম্মদ ৰফিয়ে চিৰদিনৰ বাবে এই পৃথিৱী এৰি গুছি গৈছিল, তেতিয়া লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি পৰিছিল। দুখৰ উপৰিও, বহুতে চিন্তিত আছিল যে এইগৰাকী মহান শিল্পীৰ কৰ্মৰাজি আৰু সৃষ্টিৰাজি পৰৱৰ্তীকাললৈ জীয়াই থাকিব নে নাই। কিন্তু মৃত্যুৰ কেইবা দশক পাছতো ৰফি চাহাবৰ  সৃষ্টি এতিয়াও সকলোতে বিৰাজমান হৈ আছে; দৰাচলতে, আগতকৈও অধিক বুলি কব পাৰি। 
 
এই কিংবদন্তী গায়ক গৰাকী  আকৌ জীৱিত কৰি তোলাৰ প্ৰয়াস কৰিছে মহম্মদ ৰফি স্মৃতি সংঘই। প্ৰতিবছৰে তেওঁৰ স্মৃতিত অনুষ্ঠান অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ মনৱতাবোধ আৰু চিৰসেউজ গীতবোৰ বৰ্তমান প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ এক প্ৰয়াস কৰি আহিছে।  
 
শিশু শিল্পীসকলে সন্ধিয়াৰ কাৰ্যসূচীত ৰফিৰ গান গায় আৰু নৃত্য পৰিবেশন কৰিছে
 
অৱাজ-দ্য ভইছ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মহম্মদ ৰফি স্মৃতি সংঘৰ সম্পাদিকা প্ৰাপ্তি ঠাকুৰে কয়, "সংগীতৰ কোনো ধৰ্ম নাই, কোনো সীমা নাই। সংগীত কোনো জাতি তথা ধৰ্মৰ বসবৰ্তি নহয়। সংগীতে সকলো সম্প্ৰদায়ৰ লোককে একোটাৰ ডোলেৰে বন্ধি ৰাখে। এই কথা প্ৰমাণিত কৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ গীতে। কিয়নো মহম্মদ ৰফিৰ প্ৰতিটো গীততে মনৱতাবোধ, ভাতৃত্ববোধৰ ভাৱধাৰাই বিৰাজ কৰি আহিছে। তেওঁৰ চিৰসেউজ গীতবোৰ নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে তেওঁৰ কেইগৰাকীমান  অনুৰাগীৰ উদ্যোগত মহম্মদ ৰফি স্মৃতি সংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল।" 
 
আশী দশকৰ লোকসকলৰ মাজত খলকনি তুলিছিল মহম্মদ ৰফিৰ চিৰসেউজ গীতবোৰে। প্ৰাপ্তি ঠাকুৰে কয়, "মোৰ দেউতা তেওঁৰ গীতৰ অনুৰাগী আছিল। তেওঁ সদায়ে মহান শিল্পী মহম্মদ ৰফিৰ গীত শুনিছিল। সেয়ে মইয়ো শৈশৱৰ পৰাই মহান শিল্পী গৰাকীৰ গীত শুনাৰ সৌভাগ্য হৈছিল আৰু মইয়ো তেওঁৰ গীতৰ এগৰাকী অন্যতম অনুৰাগী হৈ পৰিছিলো। যেতিয়া মই কলেজত অধ্যয়ন কৰি আছিলো, তেতিয়া মনতে ভাবিছিলো যে, এই গৰাকী মহান শিল্পীৰ সৃষ্টিৰাজি জীয়াই ৰাখাৰ বাবে কিবা এটা কৰিব পৰা হ'লে। পিছত কেইগৰাকীমান মহম্মদ ৰফি অনুৰাগী একত্ৰিত হৈ ১৯৯১ চনত মহম্মদ ৰফি স্মৃতি সংঘৰ প্ৰতিষ্ঠা কৰিলো আৰু ৰফিৰ স্মৃতিত তেওঁ গীতবোৰক লৈ অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰিলো।"
 
শিশুসকলে দিনটোৰ আৰম্ভণিতে এখন প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে
 
বৰ্তমান সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত মহম্মদ ৰফিৰ চিৰসেউজ গীতবোৰ জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে মহম্মদ ৰফি স্মৃতি সংঘৰ সম্পাদিকা প্ৰাপ্তি ঠাকুৰে। প্ৰাপ্তি ঠাকুৰে কয়, "ভাৰতীয় সংগীত জগতৰ শিল্পী মহম্মদ ৰফিৰ নিৰ্বাচিত গীতকলৈ সংঘই অনুষ্ঠিত কৰি অহা সংস্কৃতিক অনুষ্ঠানবোৰত শিশু শিল্পীসকলে মহম্মদ ৰফিৰ গীতৰ লগতে তেওঁৰ গীতত নৃত্য পৰিবেশন কৰে। ইয়াৰোপৰি শিশু সকলৰ মাজত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবি অংকনৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ শিল্পীসকলে অংশগ্ৰহণ কৰি  আহিছে।"
 
প্ৰায় কেইবাটাও দশক জুৰি হিন্দু-মুছলমান উভয়ে সকলো সম্প্ৰদায়ৰ লোকে মহম্মদ ৰফি স্মৃতি সংঘৰ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি আহিছে। যিয়ে সম্প্ৰীতি তথা সমন্বয়ৰ এক বাৰ্তা কঢ়িয়াই আহিছে।
 
(আজি কিংবদন্তী গায়ক মহম্মদ ৰফিৰ ৪৪ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই প্ৰতিবেদনটি পুনৰ প্ৰকাশ কৰা হৈছে)