এঞ্জেলিনা জলীৰ সৈতে 'ৰেড কার্পেট'ত একেলগে খোজ দিব অসম কন্যা অলংকৃতা বৰাই

Story by  atv | Posted by  Munni Begum • 9 d ago
অলংকৃতা বৰা
অলংকৃতা বৰা
 
গুৱাহাটী 
 
হলিউডৰ বিখ্যাত অভিনেত্রী এঞ্জেলিনা জলীৰ লগত 'ৰেড কার্পেট'ত একেলগে খোজ দিয়াৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে অসম কন্যা অলংকৃতা বৰাই। এই সুযোগ গ্রহণৰ বাবে শুকুৰবাৰে অসম কন্যা অলংকৃতা বৰা ভাৰতৰ পৰা গৈ টৰণ্ট'ত উপস্থিত হৈছে। শনিবাৰে অসম কন্যাই টৰণ্ট' ফ্লিম মহোৎসৱত হলিউডৰ শিল্পী তথা বিশ্ববিশ্রুত অভিনেত্রী এঞ্জেলিনা জলীৰ লগত 'ৰেড কার্পেট'ত একেলগে খোজ দিব। 
 
পূর্ণদৈর্ঘ্যৰ হিন্দী আৰু ইংৰাজী ভাষাত নির্মিত এখন ছবিত অভিনয় কৰাৰ বাবে অসম কন্যাই এনে সুযোগ লাভ কৰিছে। উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্র নিগম (এন এফ ডি চি) আৰু ছুইজাৰলেণ্ড চৰকাৰৰ পৰ্যটন বিভাগ তথা ছইছ বিমানসেৱা (ছুইজাৰলেণ্ড টুৰিজিম এণ্ড ছুছ এয়াৰ) ৰ সহযোগত মুম্বাইৰ ডব্লিউ এফ ই ফ্লিমছ (হুইছপাৰ ফ্ৰম ইটাৰনিটি ফ্লিমছ)ৰ প্ৰযোজনাত 'তাৰা এণ্ড আকাশ' (Tara and Akash: Love beyond Realms) নামৰ পূর্ণদৈর্ঘ্যৰ হিন্দী আৰু ইংৰাজী ভাষাত নির্মিত চিনেমাখনৰ নিৰ্মাণ প্রক্রিয়া ইতিমধ্যেই সম্পূর্ণ হৈছে আৰু এই চিনেমাখন কাইলৈৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগা কানাডাৰ টৰেণ্ট' আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱলৈ (Toronto International Film Festival 2024) লৈ নির্বাচিত হৈছে। 
 
উল্লেখ্য যে, বিশ্বৰ শ্রেষ্ঠ পাঁচখন মহোৎসৱৰ অন্যতম এই টৰণ্ট'তে আজি অর্থাৎ অহা ৭ ছেপ্টেম্বৰত 'তাৰা এণ্ড আকাশ' নামৰ চিনেমাখনৰ বৰ্ল্ডৱাইড প্রিমিয়াৰৰ প্ৰদৰ্শন হ'ব। অসম কন্যা অলংকৃতা বৰা এই ছবিখনৰ নায়িকা। ছবিখনৰ মুখ্য চৰিত্ৰটোত অলংকৃতা বৰাই অভিনয় কৰিছে। পূৰ্বৰ মিছ ডিভা ইউনিভাৰ্ছ (ইণ্ডিয়া)ৰ ফাইনেলিষ্ট অলংকৃতাৰ বিপৰীতে নায়কৰ ভূমিকাত পূৰ্বৰ মিঃ চুপ্রা নেচনেল (Mr Supra national) জিতেশ ঠাকুৰে অভিনয় কৰিছে। 
 
ভাৰতীয় ছবি জগতৰ প্ৰসিদ্ধ তথা মহান চিত্রাভিনেতাদ্বয় আমোল পালেকাৰ আৰু দীপ্তি নাভালৰ লগতে বিজেন্দ্র কালৰাই তাৰা এণ্ড আকাশ চিনেমাখনত তিনিটা অতি উল্লেখনীয় চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত সংগীতৰ মধুৰ চিত্ৰকল্প ৰচনা কৰিছে ভাৰতৰ সম্মানীয় সংগীত পৰিচালক চি সঠ্যই। 
 
যশস্বী নির্দেশক শ্রীনিবাস আব্ৰুলৰ নির্দেশনাই ছবিখনত এক সেউজ সজীৱতা আৰু স্বপ্নিল পথৰ সন্ধান সন্নিৱিষ্ট কৰিছে। অত্যন্ত কুশলী চিত্রগ্রহণ নির্দেশক অতীত সিংজীৰ চিত্তাকর্ষক দৃশ্যগ্রহণ আৰু দৃশ্য সংযোজনে ছবিখনৰ আখ্যান বর্ণনত সোণত সুৱগা চৰাইছে। এন এফ ডি চিৰ মুখ্য প্রবন্ধক আৰু ছুইজাৰলেণ্ড টুৰিজমৰ ডাইৰেক্টৰৰ মতে, চলচ্চিত্র যাত্ৰাত 'তৰা এণ্ড আকাশ' এক শীর্ষাৰোহণৰূপে সকলোৰে আশাক প্রতিফলিত কৰি এক উল্লেখনীয় মাইলৰ খুঁটিৰূপে চিহ্নিত হৈ ৰ'ব। 
 
'তাৰা এণ্ড আকাশ' এক অনুপম প্ৰেমৰ কাহিনী- যি স্থান আৰু কালৰ পৰিসৰ অতিক্রম কৰিছে। অলংকৃতাই অভিনয় কৰা নায়িকা 'তাৰা' নামৰ বাইশ বছৰীয়া এক তৰুণীৰ আত্মানুসন্ধান যাত্রাক অনুসৰণ কৰিয়েই ছবিখন আগবাঢ়িছে। টৰণ্ট' আন্তর্জাতিক ফিল্ম ফেষ্টিভেলত এই ছবিখনৰ প্ৰদৰ্শনে বিশ্বদৰবাৰত ভাৰতীয় কাহিনীৰ আন্তর্জাতিক আবেদনৰ এক প্রামাণ্য দলিল আৰু আন্তঃৰাষ্ট্ৰীয় চিনেমা জগতৰ এক উল্লেখনীয় মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। 
 
উল্লেখ্য যে, সম্প্রতি মায়ানগৰী মুম্বাইৰ বাসিন্দা অলংকৃতা গুৱাহাটীৰ বাসিন্দা অভিযন্তা গৌতম বৰা আৰু নমি বৰাৰ একমাত্ৰ কন্যা। ভাৰত নাট্যম, কথক নৃত্য আৰু বিহু নাচৰ পাৰদর্শী শিল্পী অলংকৃতাই পূর্বতে দুখন হিন্দী চিনেমাৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বৰ এখন চুটি ছবি 'ডিভাইন ৰোমাঞ্চ' ডিজনী প্লাছ হটষ্টাৰত বহুলভাৱে প্রদর্শিত হৈছিল। শিৱসাগৰত জন্মগ্রহণ কৰা অলংকৃতাই অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা গ্রহণ নকৰাকৈয়ে ছবি জগতত খোজ দি সফলতা অর্জন কৰিছে।