দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ "আইৰন গাৰ্লছ"

Story by  atv | Posted by  Munni Begum • 2 Months ago
"আইৰন গাৰ্লছ" ছবিৰ পোষ্টাৰ
 
গুৱাহাটী 
 
দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ "আইৰন গাৰ্লছ" শীৰ্ষক ছবিখন। পদ্মশ্ৰী বঁটা প্ৰাপক লোকশিল্পী দ্ৰোণ ভূঞাৰ জীৱনচৰ্যা আৰু অসমৰ স্বৰ্ণিল লোককলা ওজাপালি -দেওধনীক বিশ্ব ক্ষেত্ৰলৈ নিয়াৰ সংকল্পৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখন পৰিচালনা কৰিছে ৰাজেন দাসে। 
 
উল্লেখ্য যে অধ্যাপক -পৰিচালক ৰাজেন দাসে ৩বছৰৰ গৱেষণাৰ অন্তত অসমীয়া চলচ্চিত্ৰ "আইৰন গাৰ্লছ" নিৰ্মাণ কৰিছে। হিমাচল প্ৰদেশ চৰকাৰৰ, ভাষা-সংস্কৃতি বিভাগ, তথ্য আৰু সম্প্ৰচাৰ বিভাগ আদি কেইবাটাও বিভাগৰ সহযোগত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱত "আইৰন গাৰ্লছ" নিৰ্বাচিত হোৱাৰ আনুষ্ঠানিক খবৰে আনন্দিত কৰিছে পৰিচালকক। 
 
চিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অধ্যক্ষ হিচাপে সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ফ্লিম্‌ ডিভিচজনৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভি,এছ কুন্দুৱে ৷ উল্লেখ্য যে হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত এই মহোৎসৱ অহা ১৬,১৭ আৰু ১৮ আগষ্টত অনুষ্ঠিত হ'ব। 
 
উল্লেখ্য যে, বিগত বৰ্ষত এই মহোৎসৱত অসমৰ পৰা বিশিষ্ট পৰিচালক পাৰ্থজিৎ বৰুৱাৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ 'Brush Stroke' আৰু পৰিচালক মঞ্জুল বৰুৱাৰ বিশিষ্ট সংগীত শিল্পী প্ৰভাত শৰ্মাৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ 'POROBHAT - Of Folk and Flute' প্ৰদৰ্শন কৰা হৈছিল ৷ 
 
পৰিচালক ৰাজেন দাসে সন্তোষ প্ৰকাশ কৰি কয় - 'আইৰন গাৰ্লছ'ৰ এয়া প্ৰথম যাত্ৰা ৷ ছবিখন আৰু বহুদুৰ যাত্ৰা কৰিব বুলি মই আশাবাদী ৷ অসমৰ লোককলা দেওধনী -ওজাপালিক এতিয়া অসমৰ বাহিৰৰ দৰ্শকে প্ৰত্যক্ষ কৰিব ৷ এয়া আমাৰ বাবে এক অতি গৌৰৱৰ ক্ষণ ৷ 
 
উল্লেখ্য যে 'আইৰন গাৰ্লছ'ৰ সহযোগী পৰিচালক মিনাক্ষী দাস ৷ ছবিখনত অভিনয় কৰিছে আশা বৰদলৈ, পদ্মশ্ৰী দ্ৰোণ ভূঞা, এন এচ ডিৰ স্নাতক মৃদুল বৰুৱা, নৱাগতা জেচমিন দাস, বিশাল স্বৰ্গীয়াৰী আদিয়ে ৷