বিদেশতো প্রদর্শন হ'ব অসমীয়া বোলছবি 'বিদুৰভাই'

Story by  atv | Posted by  Munni Begum • 16 d ago
অসমীয়া বোলছবি 'বিদুৰভাই'ৰ পোষ্টাৰ
অসমীয়া বোলছবি 'বিদুৰভাই'ৰ পোষ্টাৰ
 
গুৱাহাটী 
 
ৰাজ্য বা দেশতেই নহয়, সাত সাগৰ তেৰ নদী অতিক্রম কৰি বিদেশতো প্রদর্শন হ'ব অসমীয়া বোলছবি ব্লকবাষ্টাৰ ছবি 'বিদুৰভাই'। অহা ১৪ ছেপ্টেম্বৰৰ পৰা বোলছবিখন প্রদর্শন কৰা কেলিফর্নিয়া বোলছবি গৃহত। 
 
বোলছবিখনৰ পৰিচালক সুব্রত কাকতিয়ে জনোৱা মতে আৰু কেইবাখনো দেশৰ দৰ্শকৰ পৰা চিনেমাখন প্রদর্শনৰ বাবে আমন্ত্রিত হৈছে। এই খবৰত টীম বিদুৰভাইক উৎসাহিত হৈ পৰিছে। মন কৰিবলগীয়া যে, মুক্তিৰ পৰা বোলছবিখনে আজি সপ্তম সপ্তাহত ভৰি দিছে। আজিও অসমৰ বিভিন্ন চিনেমা গৃহত মুঠ ৩৮ টা দর্শনী চলি আছে। 
 
উল্লেখযোগ্য যে, ছুভ এণ্ড টীমৰ বেনাৰত আৰু অর্ণৱ হাজৰিকাৰ প্রযোজনাত নির্মাণ কৰা এই হাস্য- মধুৰ অসমীয়া বোলছবি বিদুৰভাই পৰিচালনা কৰিছে আন এখন অসমীয়া ছুপাৰহিট বোলছবি শ্ৰীৰঘুপতিৰ সফল পৰিচালক তথা এই বোলছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ প্ৰাগ চিনে এৱার্ড ২০২৪ আৰু নিপন গোস্বামী এৱার্ড ২০২৪ লাভ কৰা সুব্রত কাকতিয়ে।
 
বোলছবিখনৰ অভিনয়ত আছে চুমকি কছাৰী (বিউটি বাইলুং), পংকজ মহন্ত, অসীম শর্মা, নিতু খনিকৰ, বলীন বৰা, ত্রৈলোক্য বৰুৱা, উজ্জ্বল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰকজ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শর্মিষ্ঠা দাস, উদ্দীপনা বৰা, আছিফ জাভেদ, দীপমণি খাটনিয়াৰ, ধ্ৰুৱ কটকী, তনভিৰ জেহিৰ, পার্থজ্যোতি শর্মা আদিয়ে। 
 
বোলছবিখনৰ কাহিনী সুব্রত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ, চিত্রনাট্য আৰু সংলাপ সুব্রত কাকতিৰ, সহযোগী পৰিচালক হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক প্রণয় দত্ত, চিত্রগ্রহণ বিতুল দাস, সহযোগী চিনেমাট'গ্ৰাফাৰ উত্তম কলিতা, গীতত কণ্ঠদান কৰিছে দিক্ষু শর্মা আৰু আচুর্য বৰপাত্রই, ৰূপসজ্জা বিজিয়েতা পাটগিৰী, সাজসজ্জা জুৰি কলিতাৰ। চিনেমাখন মুক্তিৰ দিনৰ পৰা আজিলৈকে দর্শকৰ অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে।