ব্রিটেইনছ গট টেলেন্ট'ত উজলিল অসম কন্যা বিনীতা চেত্ৰী

Story by  atv | Posted by  Munni Begum • 8 d ago
বিনীতা চেত্ৰী
বিনীতা চেত্ৰী
 
নতুন দিল্লী 
 
অনন্য দৃষ্টিনন্দন নৃত্যশৈলীৰে সুদূৰ ব্রিটেইনত খলকনি তুলিছে অসমৰ এগৰাকী আঠ বছৰীয়া কন্যা শিশুৱে। কাৰ্বি আংলং জিলাৰ বোকাজানৰ অমৰ চেত্ৰীৰ কন্যা বিনীতা চেত্রী নামৰ শিশুটিয়ে লণ্ডনৰ 'ব্রিটেইনছ গট টেলেন্ট' শীর্ষক ৰিয়েলিটি শ্ব'ৰ অডিচনত অনবদ্য নৃত্য প্রতিভাৰে বিশ্বৰ অগণন দর্শক-অনুৰাগীৰ হৃদয় জয় কৰাৰ লগতে বিচাৰ কৰো বিশেষ মনোযোগ লাভ কৰিবলৈ সমৰ্থ হৈছে। 
 
অসমৰ বুলি গৰ্বেৰে পৰিচয় দিয়া কণমানি বিনীতাই এই প্রতিযোগিতাত জয়ী হ'লে পুৰস্কাৰৰ ধনেৰে এটা 'গোলাপী ৰাজকুঁৱৰীৰ দুৰ্গ' ক্ৰয় কৰাৰ হাবিয়াহ থকাৰ কথা বিচাৰকৰ আগত অকপটে প্রকাশ কৰিছে। মাত্র ৮ বছৰ বয়সতে আকর্ষণীয় নৃত্যশৈলীৰে দেশ-বিদেশে খ্যাতি অর্জন কৰিবলৈ সমর্থ হোৱা বিনীতাৰ ঘৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ তল বালিজানত। 
 
তিনি বছৰ বয়সৰ পৰাই নৃত্যৰ শিক্ষা গ্রহণ আৰম্ভ কৰা বিনীতাই কঠোৰ শ্ৰম আৰু অধ্যৱসায়েৰে এনে বিশেষ খ্যাতি অর্জন কৰিবলৈ সমর্থ হৈছে। জয়পুৰত থকা পেহীয়েক অনিতা দেৱীৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ লাভ কৰা বিনীতাৰ এনে সাফল্যই পৰিয়ালৰ লগতে সমগ্র বোকাজান অঞ্চলতে আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে। 
 
প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰা বিনীতাৰ প্রদর্শনক লৈ উল্লসিত বিচাৰকেও উচ্চ প্রশংসা কৰা দেখিবলৈ পোৱা গৈছে। আগত সময়ত প্রতিযোগিতাত সফলতা লাভ কৰাৰ বাবে ভোট দিয়াৰ লগতে ৰাইজৰ আশীর্বাদ তথা সকলো ধৰণৰ সহযোগিতা কামনা কৰিছে বিনীতাৰ পৰিয়ালে। কণমানিজনীৰ সাফল্যত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। এক্স হেগুলত মুখ্যমন্ত্রীয়ে বিনীতাই নিশ্চয়কৈ বিজয়ী হৈ তেওঁৰ সপোনৰ গোলাপী ঘৰটি কিনিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰে।
 
নৃত্যৰ যাদুৰে বিশ্বৰ মঞ্চত চমক দেখুওৱা বিনীতাক ভূয়সী প্রশংসা কৰিছে উদ্যোগপতি আনন্দ মহিন্দ্রাই। এক্স'ত কণমানি বিনীতা চেত্রীক প্রশংসা কৰি তেওঁ কয়, "মাত্র ৮ বছৰ। বিশ্বমানৰ। তীখাৰ দৰে সুতীব্র আকাংক্ষা। নিজৰ শৰীৰটোৰ ওপৰত এনে আয়ত্ত গভীৰ অনুশীলনৰ দ্বাৰাহে সম্ভৱ। নিজৰ লক্ষ্যৰ প্ৰতি তাইৰ অখণ্ড মনোযোগৰ পিচতো তাই বিচাৰে মাত্র 'পিংক প্রিন্সেছ হাউছহে'। তাই মোৰ মানডে' মটিভেচন।"