ছলমান খানক হত্যাৰ বাবে ₹২৫ লাখৰ চুপাৰি বিষ্ণোই গেঙৰ

Story by  atv | Posted by  Munni Begum • 2 Months ago
ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ বিষ্ণোই গেঙৰ
ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ বিষ্ণোই গেঙৰ
 
মুম্বাই 
 
ছলমান খানক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত অভিযুক্ত পাঁচজন লোকৰ বিৰুদ্ধে দাখিল কৰা নতুন চাৰ্জশ্বীটত প্ৰকাশ পাইছে যে, বলীউডৰ অভিনেতাগৰাকীক হত্যাৰ বাবে ₹২৫ লাখৰ চুপাৰি দিয়া হৈছিল।  
 
নৱী মুম্বাই আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত লগতে উল্লেখ হৈছে যে, কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দলৰ অন্তৰ্গত অভিযুক্তই ছলমান খানক হত্যা কৰিবলৈ আধুনিক অস্ত্ৰ আহৰণৰ পৰিকল্পনা কৰিছিল।
 
১৪ এপ্ৰিলত মুম্বাইৰ বান্দ্ৰাত ছলমান খানৰ বাসগৃহৰ বাহিৰত মটৰবাইকত অহা দুজন লোকে একাধিক গুলীচালনা কৰিছিল। পানভেলত থকা ছলমান খানক তেওঁৰ ফাৰ্ম হাউছৰ সমীপত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল চক্ৰটোৱে। 
 
চক্ৰটোৱে বহিঃৰাজ্যৰ পৰা অস্ত্ৰ-শস্ত্ৰ লোৱাৰ পৰিকল্পনা কৰিছিল। তদন্তত লগতে প্ৰকাশ পাইছে যে, ২০২২ চনত পাঞ্জাবী গায়িকা সিধু মুছেৱালাক গুলীয়াই হত্যা কৰা তুৰস্কত নিৰ্মিত জিগানা পিষ্টলৰে ছলমান খানকো হত্যা কৰাৰ উদ্দেশ্য আছিল এই দলটোৰ। 
 
অভিযুক্তসকলৰ এজনে জেৰাৰ সময়ত প্ৰকাশ কৰে যে, তেওঁ পাকিস্তানৰ এজন অস্ত্ৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰি অভিনেতাজনৰ ওপৰত কৰা অভিযোগ অনুসৰি এম ১৬, এ কে-৪৭ আৰু এ কে-৯২ ৰাইফল ক্ৰয় কৰিছিল।
 
ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা গুলীচালনাৰ সৈতে জড়িত লৰেন্স বিষ্ণোই আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণোইকে ধৰি ১৭জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। বৰ্তমান আহমেদাবাদৰ সাবৰমতী কাৰাগাৰত আবদ্ধ হৈ আছে লৰেন্স বিষ্ণোই। 
 
দ্বিতীয় খণ্ডৰ আৰক্ষী উপ আয়ুক্ত বিবেক পানছাৰে কয় যে, ২০২৩ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত পানভেল থানাৰ জ্যেষ্ঠ পৰিদৰ্শকে ছলমানক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰৰ বিষয়ে তথ্য লাভ কৰিছিল।   
 
আৰক্ষীয়ে গম পালে যে, লৰেন্স বিষ্ণোই গেঙৰ সদস্যই ছলমানৰ পানভেলত থকা ফাৰ্ম হাউচ, মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ ঘৰৰ আশে-পাশে থকা অঞ্চল আৰু তেওঁ ছবিৰ শ্বুটিঙৰ বাবে যোৱা ঠাইবোৰ অনুসৰণ কৰি আছিল।