ক্ৰীড়া প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰা ৭ গৰাকী বলীউডৰ চেলিব্ৰিটি

Story by  atv | Posted by  [email protected] • 18 d ago
ক্ৰীড়া প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰা একাংশ চেলিব্ৰিটি
ক্ৰীড়া প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰা একাংশ চেলিব্ৰিটি
 
আৱাজ দ্য ভইচ/ নতুন দিল্লী

দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। হকীৰ যাদুকৰ ধ্যানচাঁদৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। জীৱনত ক্ৰীড়াৰ প্ৰয়োজনীয়তাক উদযাপনৰ লক্ষ্যৰে এই দিৱস উদযাপন কৰা হয়।
 
এই লেখাটোৰ জৰিয়তে আমি ডাঙৰ পৰ্দাত ক্ৰীড়া প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰা ৭গৰাকী বলীউদৰ তাৰকাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো।
 
 
‘চক ডে ইণ্ডিয়া'ত শ্বাহৰুখ খানঃ
 
‘চক ডে ইণ্ডিয়া’ত প্ৰশিক্ষক কবীৰ খানৰ চৰিত্ৰৰে কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছিল শ্বাহৰুখ খানে। ভাৰতীয় মহিলা হকী দলৰ যাত্ৰা, প্ৰশিক্ষকগৰাকীয়ে নিজৰ সুনাম বচাবলৈ কৰা যুঁজ আৰু দলটোৱে দেশক কেনেদৰে গৌৰৱান্বিত কৰিছিল তাৰ আধাৰত নিৰ্মিত এখন আৱেগিক ছবি আছিল চক ডে ইণ্ডিয়া।
 
 
'ঝুণ্ড'ত অমিতাভ বচ্চনঃ
 
শেহতীয়া ছবি ‘ঝুণ্ড’ত অমিতাভ বচ্চনে অৱসৰপ্ৰাপ্ত ক্ৰীড়া প্ৰশিক্ষক বিজয় বৰছেৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এদল পিছপৰা শ্ৰেণীৰ শিশুক অনুশাসিত ফুটবল খেলুৱৈলৈ ৰূপান্তৰিত কৰে। তেওঁৰ চৰিত্ৰটো ভাৰতত বস্তি ফুটবল আৰম্ভ কৰা বিজয় বৰছেৰ পৰা অনুপ্ৰাণিত। আমিৰ খানে ‘সত্যমেৱ জয়তে’ ছবিতো তেওঁৰ সাক্ষাৎকাৰ লৈছিল।
 
 
'ছালা খাদুছ'ত আৰ মাধৱনঃ
 
২০১৬ চনৰ এই ছবিখনত আৰ মাধৱনৰ বদমাছৰ চৰিত্ৰ কোনে পাহৰিব পাৰে! ‘ছালা খাদুছ’ আছিল এজন প্ৰাক্তন বক্সাৰৰ কাহিনী, যিয়ে ক্ৰীড়াৰ প্ৰশাসন ব্যৱস্থাত চলা ৰাজনীতিৰ বাবে খেল এৰি পিছলৈ এজন মাছমৰীয়াক প্ৰশিক্ষণ দিয়ে। মাছমৰীয়াজনৰ জৰিয়তে নিজৰ সপোন পূৰণ কৰিব বিচাৰিছিল।
 
 
'দংগল'ত আমিৰ খানঃ
 
মল্লযুঁজাৰুৰ ওপৰত আধাৰিত ‘দংগল’ হৈছে মহাবীৰ সিং ফোগাট আৰু তেওঁৰ চাৰিগৰাকী কন্যাক কেন্দ্ৰ কৰি নিৰ্মিত এখন জনপ্ৰিয় ছবি। ইয়াত আমিৰ খানে সামাজিক কলংকৰ সৈতে যুঁজি নিজৰ কন্যাক মল্লযুঁজৰ প্ৰশিক্ষণ দি নিজৰ দেশৰ বাবে সোণৰ পদক লাভৰ সপোন পূৰণ কৰাৰ সিদ্ধান্ত লোৱা প্ৰাক্তন মল্লযুঁজাৰু মহাবীৰ সিং ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল।
 
 
'চুলতান'ত ৰনদীপ হুদাঃ
 
২০১৬ চনত ছলমান খানৰ ব্লকবাষ্টাৰ ছবি ‘চুলতান’ত  ছুপাৰষ্টাৰগৰাকীৰ মল্লযুঁজৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল ৰনদীপ হুদাই। তেওঁক চুলতান আলী খান [ছালমান]ক প্ৰশিক্ষণ দিয়া দেখা যায় যেতিয়া ছলমানে নিজৰ পুত্ৰৰ মৃত্যুৰ পিছত মল্লযুঁজলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়।
 
 
'কাই পো চে'ত সুশান্ত সিং ৰাজপুতঃ
 
অভিষেক কাপুৰৰ ‘কাই পো চে’ ছবিখনত ক্ৰিকেট প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিবলৈ চাৰি মাহ ধৰি ক্ৰিকেট প্ৰশিক্ষণ লৈছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে। ২০০৮ চনত প্ৰকাশিত লেখক চেতন ভগতৰ উপন্যাস ‘The 3 Mistakes of My Life’ৰ আধাৰত নিৰ্মিত হৈছিল এই ছবিখন।