তৃপ্তি নাথ/নতুন দিল্লী
নিম্ন মধ্যবিত্তীয় অসমীয়া পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ পিছতো বলিউডৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইন আৰু তেওঁৰ ভাই-ভনীৰ বাবে ঈদ আছিল আনন্দ আৰু উদযাপনৰ সময়। নতুন কাপোৰৰ আশা আৰু এই বিশেষ অনুষ্ঠানটোক প্ৰতিনিধিত্ব কৰা সুস্বাদু খাদ্য সম্ভাৰৰ প্ৰচুৰতাক তেওঁ স্মৰণ কৰে।
পৰিয়ালত ৰমজানৰ তাৎপৰ্য্যৰ বিষয়ে উল্লেখ কৰি আদিলে হুছেইনে 'আৱাজ-দ্য ভইচ'ক কয়, "ৰমজানৰ সময়ত মই আৰু মোৰ ভাই-ভনীসকলে আগ্ৰহেৰে ঈদৰ বাবে অপেক্ষা কৰিছিলো, কাৰণ আমাৰ বাবে ঈদৰ অৰ্থ আছিল নতুন কাপোৰ আৰু বহুত খাদ্য।" অসমৰ গোৱালপাৰাত থকা তেওঁলোকৰ ঘৰখন ৰমজানৰ সময়ত আনন্দময় পৰিৱেশ আৰু পাৰিবাৰিক বন্ধনেৰে ভৰি পৰিছিল।
"মোৰ প্ৰয়াত মায়ে দাইলৰ পকোড়াৰে ৰোজা ভাঙিছিল। ইফতাৰত পিঁয়াজৰ সৈতে সিজোৱা চানা আছিল; লগত ঘুগুনি আৰু পৰঠা। সেইটো আছিল উপবাস নকৰা পৰিয়ালৰ সদস্যসকলৰ বাবে অতিৰিক্ত খাদ্য।
পিঁয়াজৰ সৈতে সিজোৱা চানা
ঈদে অৱশ্যে আদিলৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। সাতজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল সবাতোকৈ সৰু। "ঈদ এনেকুৱা এটা অনুষ্ঠান আছিল, যাৰ বাবে আমি সকলো ল'ৰা-ছোৱালীয়ে আগ্ৰহেৰে বাট চাই আছিলো। ছাগলীৰ মাংস আৰু কুকুৰাৰ দৰে বিশেষ খাদ্যৰে পাকঘৰ ভৰি পৰিছিল। এই দিনটো আছিল ভোগ-বিলাসৰ দিন। মোৰ এতিয়াও মনত আছে যে জলেশ্বৰত বিশাল সম্পত্তি থকা মোৰ মাৰ পৰিয়ালে আমালৈ এটা জীয়া কুকুৰা পঠিয়াইছিল। স্কুলৰ শিক্ষক দেউতাই ঈদত বস্তু কিনিবলৈ বহুদিন আগৰে পৰা সঞ্চয় কৰিছিল। সেইদিনাহে আমি মাটন আৰু কুকুৰাৰ মাংস একেলগে খাইছিলো।"- অভিনেতাজনে কয়।
আদিল হুছেইনে বিশদভাৱে কয় যে ঈদৰ অৰ্থ আছিল বছৰত এবাৰ নতুন কাপোৰ লোৱা। "আমি নতুন কাপোৰৰ বাবে আগ্ৰহেৰে বাট চাই আছিলো। ঈদৰ কেইদিনমান আগতে আমি দেউতাক দোকানলৈ লৈ গৈ সস্তা কাপোৰ বিচাৰি উলিয়াই চিলাই লৈছিলো। ঈদৰ দিনা আমি সকলোৱে পুৱা সোনকালে উঠি নামাজ পঢ়িবলৈ যাও।"-তেওঁ কয়।
তেওঁলোকৰ পৰিয়ালৰ দৈনন্দিন খাদ্য তালিকা খুৱ সাধাৰণ আছিল যদিও ঈদৰ সময়ছোৱা তেওঁলোকৰ বাবে আছিল বিভিন্ন ধৰণৰ খাদ্যৰ জুতি লোৱা। আদিল হুছেইনে পূৰ্বৰ কথা মনত পেলাই কয়, “গোটেই বছৰটোত আমাৰ ব্ৰেকফাষ্ট আছিল গাখীৰবিহীন চাহ আৰু ঘৰতে বনোৱা শুকান ৰুটি। বছৰৰ একমাত্ৰ দিনটোৱেই আছিল ঈদ, যেতিয়া মায়ে বহুত মিঠাই বনাইছিল।"
ঈদ উপলক্ষে মাকে ৰান্ধনীশালত চিকেন কোৰ্মাৰ পৰা আৰম্ভ কৰি চিকেন ঝালপয়াজীৰ দৰে খাদ্য সম্ভাৰ তৈয়াৰ কৰিছিল। ইয়ে আদিলৰ মাকৰ ৰন্ধন দক্ষতা আৰু উদাৰতাৰ প্ৰমাণ দাঙি ধৰিছিল। ঈদৰ দিনা মাকৰ পাকঘৰটো সকলোৰে বাবে মুকলি আছিল বুলিও অভিনেতাজনে প্ৰকাশ কৰে।
"প্ৰতিটো ঈদত আমাৰ খাদ্য তালিকাত চিকেন কোৰ্মা, চিকেন ঝালপয়াজি, চিকেন ঝোল, ভঙা চজিনাৰ দাল আছিল। মাই বহুত সোৱাদকৈ বনাইছিল। তেওঁ হালোৱাকে ধৰি সকলো ধৰণৰ মিঠা বনাই আমাক পৰিৱেশন কৰিছিল। মোৰ প্ৰিয় আছিল মাই বনোৱা ৰঙালাউৰ হালৱা (pumpkin halwa)। আমাৰ খাদ্য তালিকাত থকা আন এবিধ সুস্বাদু খাদ্য আছিল ছেৱাই। আমাৰ ঘৰত এটা ছেৱাই প্ৰস্তুত কৰা মেচিন আছিল। সকলো মুছলমান ঘৰতে এইধৰণৰ মেচিন আছিল।’’-আদিল হুছেইনে কয়।
অভিনেতাজনে কয় যে তেওঁলোকৰ পৰিয়ালটোৰ ঘৰৰ পিছফালে এটা পুখুৰী আছিল আৰু সেয়ে তেওঁলোকে নিয়মীয়াকৈ মাছ খাইছিল।
উল্লেখ্য যে, ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল, মাৰাঠী, মালয়ালম, নৰৱেজিয়ান আৰু ফৰাচী ছবিত অভিনয় কৰা আদিল হুছেইনে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যোগদান কৰাৰ আগতে গৃহ চহৰ গোৱালপাৰাৰ স্থানীয় নাট্যদল ভায়ামামা (ৰাজনৈতিক ব্যংগ গোট)ত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
তেওঁ কয়, "আমাৰ ওচৰৰ জ্যেষ্ঠ ভাতৃ আজমল হুছেইনৰ বন্ধু ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰা মই অনুপ্ৰাণিত হৈছিলো। নাট্যকাৰ আৰু কমেডিয়ান ধ্ৰুৱজিতে মোক খুৱ মৰম কৰিছিল। ভায়ামামা আছিল ধ্ৰুৱজিতৰ উপনাম। আজমলে স্কুলত অভিনয় কৰিছিল। তেওঁ এজন নিপুণ স্প্ৰিণ্টাৰো আছিল। তেওঁ পিছত নিজৰ ক্ৰীড়া প্ৰতিভাৰ বাবেই অ’এনজিচিত চাকৰি পাইছিল।"
বলীউডৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনে
আদিল হুছেইনে কয় যে তেওঁ এটা অত্যন্ত উদাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। "মোৰ দেউতা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভক্ত। গতিকে, আপুনি কল্পনা কৰিব পাৰে, আমাৰ পৰিয়ালটো কিমান উদাৰ আছিল। ১৯৭৫ চনত মোৰ ডাঙৰ ভাতৃ আজহাৰ হুছেইনে মূল বাংলা ছবি দেৱদাসত অভিনয় আৰু পৰিচালনা কৰা প্ৰমোতেশ চন্দ্ৰ বৰুৱাৰ নাতিনী হিন্দু ব্ৰাহ্মণৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। দেউতাই ডাঙৰ ভাতৃক যিকোনো ধৰ্মৰ ছোৱালীৰ সৈতে বিয়াত বহাৰ অনুমতি দিছিল। মোৰ ভাতৃয়ে কেতিয়াও তেওঁৰ পত্নীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ কোৱা নাছিল আৰু তেওঁ নিজৰ পূৰ্বৰ নামটো লৈয়ে জীৱন কটায় আছে। মোৰ পত্নী, ক্ৰীষ্টেন জেইনৰ এজন জৈন পিতৃ আৰু এগৰাকী গ্ৰীক অৰ্থডক্স খ্ৰীষ্টান মাতৃ আছে।"
শেহতীয়া বছৰবোৰত আদিলে মাহত প্ৰায় এবাৰ মাকক লগ কৰিবলৈ গোৱালপাৰালৈ আহে। সাত বছৰ আগতে তেওঁ মাকক দিল্লীত তেওঁলোকৰ সৈতে থাকিবলৈ মান্তি কৰিছিল যদিও মাকে ঘৰখন এৰি তাত থাকিব নিবিচাৰে। কথোপকথোনৰ শেষত প্ৰখ্যাত অভিনেতাজনে এই প্ৰতিবেদকক এদিন ৰঙালাউৰ হালোৱা বনাবলৈ শিকাব বুলি প্ৰতিশ্ৰুতি দিয়ে।