মুম্বাই
বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ চিবিআইয়ে মুম্বাই আদালতত বন্ধৰ প্ৰতিবেদন দাখিল কৰিছে। ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাত থকা নিজৰ এপাৰ্টমেণ্টৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অভিনেতা সুশান্তক। তাৰ পিছত তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালো এই গোচৰত জড়িত থকা বুলি সন্দেহযুক্ত হৈ পৰিছিল। এতিয়া চিবিআইয়ে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট প্ৰদান কৰিছে।
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত চিবিআইৰ পৰা ক্লীন চিট পোৱাৰ কিছু সময়ৰ পাছতে ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁৰ আগন্তুক শ্ব’ এমটিভি ৰ’ডিজৰ কিছু ফটো পোষ্ট কৰিছে। ইয়াত তেওঁক বাদামী ৰঙৰ এযোৰৰ পোছাক পিন্ধা দেখা গৈছে।
ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ ফটোৰ লগতে বেকগ্ৰাউণ্ডত এটা বিশেষ গীত বজাইছে। এই গীতটোৰ নাম চেটিছফাইড। যাৰ অৰ্থ- 'সন্তুষ্ট।' ৰিয়াৰ এই পোষ্টটোৰ ওপৰত অনুৰাগীসকলেও সুশান্ত সিং ৰাজপুতৰ গোচৰত ক্লীন চিট পোৱাৰ বাবে অভিনন্দন জনাইছে। এজন অনুৰাগীয়ে লিখিছে- ‘আপুনি ইমানখিনিৰ মাজেৰে পাৰ হ’বলগীয়া হোৱাত মই দুখী। আমি কল্পনাও কৰিব নোৱাৰো। ৰায় আৰু চিবিআইৰ প্ৰতিবেদনৰ জৰিয়তে সত্য ওলাই অহাত মই অতিশয় আনন্দিত হৈছো। আপোনাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আপুনি সদায় জিলিকি থাকিব।'
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত চিবিআইৰ চূড়ান্ত প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আত্মহত্যা বুলি উল্লেখ কৰা হৈছিল। সূত্ৰই প্ৰকাশ কৰা অনুসৰি চিবিআইয়ে সুশান্তক কোনোবাই জোৰ কৰি আত্মহত্যা কৰাৰ কোনো প্ৰমাণ পোৱা নাই। সুশান্তৰ পৰিয়ালৰ এক বিকল্প আছে যে, তেওঁলোকে মুম্বাই আদালতত প্ৰতিবাদী আবেদন দাখিল কৰিব পাৰে। এইমছৰ বিশেষজ্ঞৰ সহায়ত চিবিআইয়ে সুশান্তৰ আত্মহত্যা আৰু ফাউল প্লে কেছৰ তদন্ত কৰিছিল। এইমছৰ ফৰেনছিক দলে কোনো ধৰণৰ ফাউল প্লে কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছিল।